--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত জীৱন নাটৰ সামৰণি মাৰিলে এগৰাকী বৈপ্লৱিক ইতিহাসবিদে। বিশ্ব ইতিহাসক নতুন ধৰণে পৰ্যালোচনা কৰাৰ বাটকটীয়া এইগৰাকী ফৰাচী ইতিহাসবিদৰ নাম- ইমানুৱেল লে ৰয় লাডুৰি। ৯৪ বছৰ বয়সত মৃত্যু হয় অধ্যাপকগৰাকী। 

লাডুৰিয়ে ফৰাচী বিব্লিঅ’থেক নেচনেলৰ পৰিচালক, কলেজ ডি ফ্ৰান্সৰ অধ্যাপক হিচাপে খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আটাইতকৈ বেষ্ট চেলাৰ গ্ৰন্থখনি আছিল- ১৯৭৫ চনত প্ৰকাশ পোৱা Montaillou: The Promised Land of Error। এই গ্ৰন্থখনত ১৫ শতিকাৰ ফ্ৰান্সৰ পাইৰেনিয়ান গাঁৱৰ কৃষক জীৱনৰ বিষয়ে আলোকপাত কৰিছিল। আন এখন বেষ্ট চেলাৰ গ্ৰন্থ হৈছে- Carnival in Romans (1979)।

লাডুৰিয়ে ইতিহাসচৰ্চালৈ নতুনত্ব আছিল। প্ৰচলিত ইতিহাসত থকা শাসকৰ কৃতিত্বৰ পৰিৱৰ্তে নামহীন কৃষক আৰু গঞা বিশ্বাস আৰু মনোবিজ্ঞানৰ অনুসন্ধান কৰিছিল। অৰ্থাৎ ওপৰৰ পৰা তলতকৈ তলৰ পৰা ওপৰলৈ অতীতক বুজিবলৈ চেষ্টা কৰিছিল।

এজেন্স ফ্ৰান্স-প্ৰেছ আৰু ফ্ৰান্সৰ অন্যান্য সংবাদ সংস্থাই জনোৱা মতে, তেওঁৰ পৰিয়ালে এই মৃত্যু নিশ্চিত কৰিছে। ল’বছ আলোচনীখনে কয় যে তেওঁৰ মৃত্যু হৈছে পেৰিছত। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে মিষ্টাৰ লে ৰয় লাডুৰীক “আমাৰ অন্যতম শ্ৰেষ্ঠ ইতিহাসবিদ” বুলি অভিহিত কৰে।

১৯২৯ চনৰ ১৯ ​​জুলাইত ফ্ৰান্সৰ নৰ্মাণ্ডিৰ এখন গাঁও লেছ মৌটিয়াৰ্ছ-এন-চিংলেছত জন্মগ্ৰহণ কৰিছিল ইমানুৱেল লে ৰয় লাডুৰীয়ে। তেওঁৰ পিতৃ জেক লে ৰয় লাডুৰী সেই সময়ৰ ফ্ৰান্সৰ ভিচি চৰকাৰৰ কৃষি মন্ত্ৰী আছিল আৰু তেওঁ ফ্ৰান্সৰ নাজী দখলৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষেত্ৰত যোগদান কৰিছিল। তেওঁৰ মাতৃ লিঅ’নটাইন ডাউগাৰ আছিল এজন ভিস্কাউণ্টৰ কন্যা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ