--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৱশেষত জীৱন নাটৰ সামৰণি মাৰিলে এগৰাকী বৈপ্লৱিক ইতিহাসবিদে। বিশ্ব ইতিহাসক নতুন ধৰণে পৰ্যালোচনা কৰাৰ বাটকটীয়া এইগৰাকী ফৰাচী ইতিহাসবিদৰ নাম- ইমানুৱেল লে ৰয় লাডুৰি। ৯৪ বছৰ বয়সত মৃত্যু হয় অধ্যাপকগৰাকী। 

লাডুৰিয়ে ফৰাচী বিব্লিঅ’থেক নেচনেলৰ পৰিচালক, কলেজ ডি ফ্ৰান্সৰ অধ্যাপক হিচাপে খ্যাতি অৰ্জন কৰিছিল। তেওঁৰ আটাইতকৈ বেষ্ট চেলাৰ গ্ৰন্থখনি আছিল- ১৯৭৫ চনত প্ৰকাশ পোৱা Montaillou: The Promised Land of Error। এই গ্ৰন্থখনত ১৫ শতিকাৰ ফ্ৰান্সৰ পাইৰেনিয়ান গাঁৱৰ কৃষক জীৱনৰ বিষয়ে আলোকপাত কৰিছিল। আন এখন বেষ্ট চেলাৰ গ্ৰন্থ হৈছে- Carnival in Romans (1979)।

লাডুৰিয়ে ইতিহাসচৰ্চালৈ নতুনত্ব আছিল। প্ৰচলিত ইতিহাসত থকা শাসকৰ কৃতিত্বৰ পৰিৱৰ্তে নামহীন কৃষক আৰু গঞা বিশ্বাস আৰু মনোবিজ্ঞানৰ অনুসন্ধান কৰিছিল। অৰ্থাৎ ওপৰৰ পৰা তলতকৈ তলৰ পৰা ওপৰলৈ অতীতক বুজিবলৈ চেষ্টা কৰিছিল।

এজেন্স ফ্ৰান্স-প্ৰেছ আৰু ফ্ৰান্সৰ অন্যান্য সংবাদ সংস্থাই জনোৱা মতে, তেওঁৰ পৰিয়ালে এই মৃত্যু নিশ্চিত কৰিছে। ল’বছ আলোচনীখনে কয় যে তেওঁৰ মৃত্যু হৈছে পেৰিছত। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনে মিষ্টাৰ লে ৰয় লাডুৰীক “আমাৰ অন্যতম শ্ৰেষ্ঠ ইতিহাসবিদ” বুলি অভিহিত কৰে।

১৯২৯ চনৰ ১৯ ​​জুলাইত ফ্ৰান্সৰ নৰ্মাণ্ডিৰ এখন গাঁও লেছ মৌটিয়াৰ্ছ-এন-চিংলেছত জন্মগ্ৰহণ কৰিছিল ইমানুৱেল লে ৰয় লাডুৰীয়ে। তেওঁৰ পিতৃ জেক লে ৰয় লাডুৰী সেই সময়ৰ ফ্ৰান্সৰ ভিচি চৰকাৰৰ কৃষি মন্ত্ৰী আছিল আৰু তেওঁ ফ্ৰান্সৰ নাজী দখলৰ বিৰুদ্ধে প্ৰতিৰোধৰ ক্ষেত্ৰত যোগদান কৰিছিল। তেওঁৰ মাতৃ লিঅ’নটাইন ডাউগাৰ আছিল এজন ভিস্কাউণ্টৰ কন্যা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই