--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰৰ পাৰত লেখহীন নিগনি। এই দৃশ্য দেখা গৈছে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড প্ৰদেশত। সাগৰৰ পাৰত হাজাৰ হাজাৰ  মৃত আৰু জীৱিত নিগনি পৰি থকা দেখা পাইছে আৱাসীসকলে।

উল্লেখ্য যে প্ৰদেশখনৰ কিছু অংশত আৱাসীসকলে কেইবামাহো ধৰি নিগনি আৰু প্লেগৰ স’তে যুঁজি আছে। স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতিৰে প্ৰকাশিত বিশেষজ্ঞৰ মতে, নিগনিবোৰে অধিক খাদ্যৰ সন্ধানত সাগৰৰ উপকূলৰ দিশলৈ অগ্ৰসৰ হৈছিল।

নিগনিৰ উপদ্ৰৱ ইমানেই বাঢ়িছে যে এজন আৱাসীয়ে কয় য়ে ৰাতিটোৰ ভিতৰতে এখন গাড়ী ধ্বংস কৰি ইঞ্জিনৰ পৰা সকলো তাঁৰ উলিয়াই লৈ গৈছে শ শ নিগনিয়ে। তেওঁ লগতে কয় যে তেওঁৰ পোহনীয়া হাঁহবোৰৰ গঁৰালবোৰ নিগনিবোৰে কুটি কুটি খুলি দিছে।

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিগত কেইসপ্তাহমানৰ পৰা চুবুৰীয়া চহৰ কাৰুম্বাতো এই নিগনিবোৰে আক্ৰমণ কৰিছে আৰু একাংশ বাসিন্দাই চিন্তিত কৰিছে যে ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। কাৰুম্বা মাছ ধৰা আৰু চৰাই চোৱাৰ স্বৰ্গ হিচাপে সুপৰিচিত।

কিয় বৃদ্ধি পাইছে এন্দুৰ? জানিব পৰা মতে, প্ৰজননৰ বাবে আদৰ্শ বৰষুণৰ বতৰৰ বাবেই এন্দুৰৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি কুইন্সলেণ্ড আৰু নিউ চাউথ ৱেলছ প্ৰদেশৰ কিছু অংশত নিগনিৰ সংখ্যা বৃদ্ধি পাইছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
কিৰানা পাহাৰত ভাৰতে আক্ৰমণ কৰিছিল নেকি?
গোৱালপাৰা জিলাৰ দুধনৈত নিষিদ্ধ ড্ৰাগছ জব্দ
বাংলাদেশত ভয়ংকৰ বিমান দুৰ্ঘটনা !
আমেৰিকাই ভাৰতত বিক্ৰী কৰিব বিচৰা 'নন-ভেজ মিল্ক' কি ?
শীঘ্ৰে প্রস্তুত হৈ উঠিব কেঞ্চাৰৰ ভেকচিন
অন্তর্ধান হৈছে কৈলাস পৰ্বতৰ চিৰদৃশ্যমান বৰফৰ ঢাকনি
'প্ৰাগে দৈনিক জনমভূমিৰ দৰে ঐতিহ্যমণ্ডিত কাকতৰ দায়িত্ব লোৱাটো এক সোণসেৰীয়া অধ্যায়'
ছমাহত ৩৭১টা মার্কিন কোম্পানী দেউলীয়া ; ট্রাম্পৰ শুল্ক নীতিয়ে আমেৰিকাৰ অৰ্থনীতিলৈ আনিছে প্রত্যাহ্বান
পঞ্জাৱৰ ১১৪ বছৰীয়া কিংবদন্তী মাৰাথন দৌৰবিদ ফৌজা সিঙৰ দুৰ্ঘটনাত কৰুণ মৃত্যু
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত