--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সাগৰৰ পাৰত লেখহীন নিগনি। এই দৃশ্য দেখা গৈছে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ড প্ৰদেশত। সাগৰৰ পাৰত হাজাৰ হাজাৰ  মৃত আৰু জীৱিত নিগনি পৰি থকা দেখা পাইছে আৱাসীসকলে।

উল্লেখ্য যে প্ৰদেশখনৰ কিছু অংশত আৱাসীসকলে কেইবামাহো ধৰি নিগনি আৰু প্লেগৰ স’তে যুঁজি আছে। স্থানীয় সংবাদ মাধ্যমৰ উদ্ধৃতিৰে প্ৰকাশিত বিশেষজ্ঞৰ মতে, নিগনিবোৰে অধিক খাদ্যৰ সন্ধানত সাগৰৰ উপকূলৰ দিশলৈ অগ্ৰসৰ হৈছিল।

নিগনিৰ উপদ্ৰৱ ইমানেই বাঢ়িছে যে এজন আৱাসীয়ে কয় য়ে ৰাতিটোৰ ভিতৰতে এখন গাড়ী ধ্বংস কৰি ইঞ্জিনৰ পৰা সকলো তাঁৰ উলিয়াই লৈ গৈছে শ শ নিগনিয়ে। তেওঁ লগতে কয় যে তেওঁৰ পোহনীয়া হাঁহবোৰৰ গঁৰালবোৰ নিগনিবোৰে কুটি কুটি খুলি দিছে।

অষ্ট্ৰেলিয়াৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি বিগত কেইসপ্তাহমানৰ পৰা চুবুৰীয়া চহৰ কাৰুম্বাতো এই নিগনিবোৰে আক্ৰমণ কৰিছে আৰু একাংশ বাসিন্দাই চিন্তিত কৰিছে যে ইয়াৰ ফলত অঞ্চলটোৰ পৰ্যটনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব। কাৰুম্বা মাছ ধৰা আৰু চৰাই চোৱাৰ স্বৰ্গ হিচাপে সুপৰিচিত।

কিয় বৃদ্ধি পাইছে এন্দুৰ? জানিব পৰা মতে, প্ৰজননৰ বাবে আদৰ্শ বৰষুণৰ বতৰৰ বাবেই এন্দুৰৰ সংখ্যা বৃদ্ধি পাইছে। ২০২১ চনত অষ্ট্ৰেলিয়াৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি কুইন্সলেণ্ড আৰু নিউ চাউথ ৱেলছ প্ৰদেশৰ কিছু অংশত নিগনিৰ সংখ্যা বৃদ্ধি পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে

মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু