--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অ'ল্ড ট্রেফ'ৰ্ডৰ চতুৰ্থ টেষ্টত স্নায়ুৰ চাপত ভোগা আৰু দুৰ্বল প্রদর্শন দাঙি ধৰা পেচাৰ অনছুল কমবুজৰ সলনি ফিট হৈ উঠা আকাশদীপক দলভুক্ত কৰা হ'ব পাৰে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ বাবে ভাৰতীয় দলৰ ক'চিং ষ্টাফে একাধিক পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। মৰণপণ অভেল টেষ্টখনৰ বাবে ভাৰতীয় দল গঠনক লৈ ইতিমধ্যেই আৰম্ভ হৈছে জল্পনা-কল্পনা।


অ'ল্ড ট্রেফ'ৰ্ডৰ চতুৰ্থ টেষ্টত স্নায়ুৰ চাপত ভোগা আৰু দুৰ্বল প্রদর্শন দাঙি ধৰা পেচাৰ অনছুল কমবুজৰ সলনি ফিট হৈ উঠা আকাশদীপক দলভুক্ত কৰা হ'ব পাৰে। এক সংবাদ প্রতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি হাতৰ আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে অৰ্শদীপ সিং আৰু বাওঁহতীয়া পেচাৰগৰাকীৰ টেষ্টত অভিষেক ঘটিব পাৰে।


অৱশ্যে, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে মাঞ্চেষ্টাৰ টেষ্টখন ড্ৰৰে সমাপ্ত হোৱাৰ পাছত দলৰ কেউগৰাকী পেচাৰ বৰ্তমান ফিট হৈ আছে বুলি জানিবলৈ দিয়ে। গম্ভীৰে অৱশ্যে অন্তিম টেষ্টখনত যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ অংশগ্রহণ সন্দর্ভত জল্পনা-কল্পনা জীয়াই ৰাখিলে। ইফালে, পূৰ্বে কৰা ঘোষণা অনুসৰি বুমৰাহে ইতিমধ্যেই তিনিখন টেষ্টত খেলিলে। পিছে শৃংখলা নিৰ্ণায়ক টেষ্টখনৰ বাবে সেই সিদ্ধান্ত সলনি হ'বও পাৰে।


যদি সিদ্ধান্ত সলনি নহয় তেন্তে অৰ্শদীপৰ অভিষেক একপ্ৰকাৰ নিশ্চিত। আনহাতে, কুলদীপ যাদৱক মূল একাদশত স্থান দিয়াৰ দাবী পূৰ্বৰ তুলনাত সজোৰে বৃদ্ধি পাইছে। তেওঁ অলৰাউণ্ডাৰ ছাৰ্দুল ঠাকুৰৰ স্থান ল'ব পাৰে। এই সালসলনি অৱশ্যে নিশ্চিত কৰা হোৱা নাই। কিন্তু ধ্রুৱ জুৰেলে ঋষভ পণ্টৰ স্থান পূৰ কৰিব, সেয়া নিশ্চিত। উল্লেখযোগ্য যে ভৰি ভগাৰ বাবে পণ্ট ইতিমধ্যেই শৃংখলাৰ পৰা বাহিৰ হৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু