--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • অ'ল্ড ট্রেফ'ৰ্ডৰ চতুৰ্থ টেষ্টত স্নায়ুৰ চাপত ভোগা আৰু দুৰ্বল প্রদর্শন দাঙি ধৰা পেচাৰ অনছুল কমবুজৰ সলনি ফিট হৈ উঠা আকাশদীপক দলভুক্ত কৰা হ'ব পাৰে।

ডিজিটেল ডেস্ক : ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চম তথা অন্তিম টেষ্টৰ বাবে ভাৰতীয় দলৰ ক'চিং ষ্টাফে একাধিক পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে বুলি জানিব পৰা গৈছে। মৰণপণ অভেল টেষ্টখনৰ বাবে ভাৰতীয় দল গঠনক লৈ ইতিমধ্যেই আৰম্ভ হৈছে জল্পনা-কল্পনা।


অ'ল্ড ট্রেফ'ৰ্ডৰ চতুৰ্থ টেষ্টত স্নায়ুৰ চাপত ভোগা আৰু দুৰ্বল প্রদর্শন দাঙি ধৰা পেচাৰ অনছুল কমবুজৰ সলনি ফিট হৈ উঠা আকাশদীপক দলভুক্ত কৰা হ'ব পাৰে। এক সংবাদ প্রতিষ্ঠানৰ প্ৰতিবেদন অনুসৰি হাতৰ আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে অৰ্শদীপ সিং আৰু বাওঁহতীয়া পেচাৰগৰাকীৰ টেষ্টত অভিষেক ঘটিব পাৰে।


অৱশ্যে, মুখ্য প্রশিক্ষক গৌতম গম্ভীৰে মাঞ্চেষ্টাৰ টেষ্টখন ড্ৰৰে সমাপ্ত হোৱাৰ পাছত দলৰ কেউগৰাকী পেচাৰ বৰ্তমান ফিট হৈ আছে বুলি জানিবলৈ দিয়ে। গম্ভীৰে অৱশ্যে অন্তিম টেষ্টখনত যশপ্রীত বুমৰাহ আৰু মহম্মদ ছিৰাজৰ অংশগ্রহণ সন্দর্ভত জল্পনা-কল্পনা জীয়াই ৰাখিলে। ইফালে, পূৰ্বে কৰা ঘোষণা অনুসৰি বুমৰাহে ইতিমধ্যেই তিনিখন টেষ্টত খেলিলে। পিছে শৃংখলা নিৰ্ণায়ক টেষ্টখনৰ বাবে সেই সিদ্ধান্ত সলনি হ'বও পাৰে।


যদি সিদ্ধান্ত সলনি নহয় তেন্তে অৰ্শদীপৰ অভিষেক একপ্ৰকাৰ নিশ্চিত। আনহাতে, কুলদীপ যাদৱক মূল একাদশত স্থান দিয়াৰ দাবী পূৰ্বৰ তুলনাত সজোৰে বৃদ্ধি পাইছে। তেওঁ অলৰাউণ্ডাৰ ছাৰ্দুল ঠাকুৰৰ স্থান ল'ব পাৰে। এই সালসলনি অৱশ্যে নিশ্চিত কৰা হোৱা নাই। কিন্তু ধ্রুৱ জুৰেলে ঋষভ পণ্টৰ স্থান পূৰ কৰিব, সেয়া নিশ্চিত। উল্লেখযোগ্য যে ভৰি ভগাৰ বাবে পণ্ট ইতিমধ্যেই শৃংখলাৰ পৰা বাহিৰ হৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ