--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভাৰতীয় মহিলা দলে ভিয়েটনামৰ বিৰুদ্ধে ৪ মাৰ্চৰ খেলেৰে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব। খেল হ'ব পাৰ্থ ৰেকটেংগুলাৰ ষ্টেডিয়ামত।

ডিজিটেল ডেস্ক : অষ্ট্ৰেলিয়াত অহা বছৰত হ'ব লগীয়া এ এফ চি মহিলা এছিয়ান কাপ ফুটবলত ভাৰতৰ সৈতে গ্রুপ চি-ত স্থান পাইছে শক্তিশালী জাপান, প্রাক্তন চেম্পিয়ন চাইনীজ টাইপেই আৰু ভিয়েটনামে। ১২ দলীয় প্রতিযোগিতাখন ১-২১ মার্চলৈ অনুষ্ঠিত হ'ব। ভাগ লোৱা ১২টা দলক তিনিটা গ্ৰুপত ভাগ কৰা হৈছে। প্রতিটো দলত থাকিব ৪টাকৈ দল।


ভাৰতীয় মহিলা দলে ভিয়েটনামৰ বিৰুদ্ধে ৪ মাৰ্চৰ খেলেৰে প্রতিযোগিতাখনত অভিযান আৰম্ভ কৰিব। খেল হ'ব পাৰ্থ ৰেকটেংগুলাৰ ষ্টেডিয়ামত। একেটা ভ্যেনুতে ভাৰতে ৭ মাৰ্চত জাপানৰ বিৰুদ্ধে পৰৱৰ্তী মেচ খেলিব।


অহা ১০ মার্চত ৱেষ্টার্ন ছিডনী ষ্টেডিয়ামত গ্ৰুপৰ তৃতীয় খেলত মুখামুখি হ'ব ভাৰত আৰু চাইনীজ টাইপেই। প্রতিটো গ্ৰুপৰ শীৰ্ষৰ দল দুটাৰ লগতে দুটা শ্রেষ্ঠ তৃতীয় স্থানপ্রাপ্ত দলৰ কোৱাৰ্টাৰ ফাইনেললৈ আগবাঢ়িব। ছেমি ফাইনেলত প্ৰৱেশ কৰা ৪টা দলে ব্রাজিলত হ'ব লগীয়া ২০২৭ ফিফা মহিলা বিশ্ব কাপলৈ পাৰপত্ৰ লাভ কৰিব। আনহাতে, কোৱাৰ্টাৰ ফাইনেলত পৰাজিত ৪টা দলে প্লে' অফত প্ৰৱেশ কৰিব, য'ত আন দুটা দলে বিশ্ব কাপৰ বাবে যোগ্যতা আহৰণ কৰিব।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ