--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰায়ে নানা বিষয়ত শাহুৱেকৰ সৈতে কাজিয়াত লিপ্ত হৈছিল বোৱাৰীগৰাকী। এনে ঝামেলাৰ পৰা ‘মুক্তি’ পাবলৈ বোৱাৰীয়েকে পুৰুষৰ বেশত শাহুৱেকক হত্যা কৰে। ইতিমধ্যে ২৮ বছৰীয়া গৃহিণী বোৱাৰীগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

তামিলনাডুৰ তিৰুনেলভেলীত সংঘটিত হৈছে এই ঘটনা। আৰক্ষীৰ তথ্য অনুসৰি যোৱা সোমবাৰে অভিযুক্ত মহালক্ষ্মীয়ে ৫৮ বছৰীয়া শীতলাক্ষ্মীক কঠিন পাইপেৰে আক্ৰমণ কৰে। সেই সময়ত মহালক্ষ্মীয়ে নিজৰ পৰিচয় লুকুৱাবলৈ পুৰুষৰ কাপোৰ আৰু হেলমেট পিন্ধিছিল।

আনকি হত্যাকাণ্ডৰ পিছত জেৰাৰ সময়তো তেওঁ মিছা কথা কৈ আৰক্ষীৰ তদন্তক বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰিছিল। প্ৰথম অৱস্থাত তেওঁ আৰক্ষীক জনাইছিল যে শাহুৱেক শীতলাক্ষ্মীৰ পৰা সোণৰ হাৰ কাঢ়ি নিয়াৰ উদ্দেশ্যেৰে এজন লোকে তেওঁক আক্ৰমণ কৰিছিল। অৱশ্যে শেষত অভিযুক্ত গৃহিণীগৰাকীয়ে আৰক্ষীৰ চকুত ধূলি দিব নোৱাৰিলে।

আৰক্ষীৰ মতে, যোৱা সোমবাৰে পুৱা প্ৰায় ৫ বজাত গোহালিৰ পৰা কাম সামৰি উভতি অহা শীতলাক্ষ্মীৰ স্বামীয়ে পত্নীক ৰক্তাক্ত অৱস্থাত মাটিত পৰি থকা দেখে। লগে লগে তেওঁ চিঞৰি উঠে। মহালক্ষ্মীয়ে তেওঁৰ চিঞৰত লৰালৰিকৈ দৌৰি আহে। ওচৰ-চুবুৰীয়াও সেই স্থানত উপস্থিত হয়।

তেওঁলোকৰ সন্মুখত মহালক্ষ্মীয়ে দাবী কৰিছিল যে কোনোবাই তেওঁৰ শাহুৱেকৰ হাৰ চুৰি কৰিবলৈ তেওঁক আক্ৰমণ কৰিছিল। আহত শীতলাক্ষ্মীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয়।

চুবুৰীয়াই দাবী কৰিছে যে বিয়াৰ পিছত শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত নিয়মীয়াকৈ কাজিয়া হৈছিল। সম্পত্তিকলৈ চলিছিল কাজিয়া। ঘটনাৰ তদন্ত কৰি অভিযুক্ত মহালক্ষ্মীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁৰ ঠিকনা বৰ্তমান কোকিৰাকুলামৰ কাৰাগাৰত।














FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ