--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃডিয়েগো মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলৰ কথাটো বিশ্বৰ ফুটবল ইতিহাসত এক বিশেষ অধ্যায় হিচাবে চিহ্নিত হৈ ৰ’ব।  মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলটোৱেই দুই নিযুত ইউৰোত (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭ কোটি টকা) বিক্ৰী হৈছে। মাৰাডোনাই ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে সেই ঐতিহাসিক গ'লটো কৰিছিল। 

তেওঁ সেই বছৰ অধিনায়ক হিচাপে বিশ্বকাপও জিকিছিল।ডিয়েগো মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলটো দুই নিযুত ইউৰোত (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭ কোটি টকা) বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। নিলামত এডিডাছৰ সেই বগা আজটিকা বলটোৰ মূল্য তিনি নিযুত ইউৰো হ'ব বুলি আশা কৰা হৈছিল। তিউনিচিয়ান ৰেফাৰী আলী বিন নাছেৰ বলটোৰ গৰাকী আছিল। 

উল্লেখ্য মাৰাডোনাৰ জাৰ্চিও ছমাহ পূৰ্বে নিলাম কৰা হৈছিল। ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাই ইংলেণ্ডৰ বিৰুদ্ধে পিন্ধা জাৰ্চীটো।৯.৩ নিযুত ডলাৰত নিলাম হৈছিল। মন কৰিবলগীয়া কথাটো হ’ল  ১৯৮৬ চনৰ বিশ্বকাপৰ বলটো আজটিক সভ্যতাৰ মূৰ্তি আৰু প্ৰতিচ্ছবিৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছিল। আৰ্জেণ্টিনা আৰু ইংলেণ্ডে গোটেই ৯০ মিনিট ধৰি বলটো খেলিছিল। সেই খেলখনত মাৰাডোনাই দুটা ঐতিহাসিক গ'ল কৰিছিল।

প্ৰথমটো গ'লৰ ক্ষেত্ৰত  মাৰাডোনাই ইংলেণ্ডৰ বক্সত প্ৰৱেশ কৰিছিল। পিটাৰ শিল্টনে বলটো নিয়ন্ত্ৰণ কৰিবলৈ জঁপিয়াই পৰিছিল আৰু তেতিয়াই মাৰাডোনাই এক অদ্ভুত ভংগীমাৰে হাতেৰে গ'লৰ ফালে ঠেলি দিছিল। ইংলেণ্ডে হেণ্ডবলৰ বাবে আবেদন কৰিছিল, কিন্তু ৰেফাৰীয়ে ইয়াক গ্ৰহণ কৰা নাছিল। পিছত সাংবাদিকৰ মুখামুখি হৈ মাৰাডোনাই নিজেই এই গোলটোৰ নাম 'ঈশ্বৰৰ হাত' বুলি কৈছিল। গ'লটোৰ কেইমিনিটমান পিছত মাৰাডোনাই ইংলেণ্ডৰ পাঁচজন খেলুৱৈক অতিক্ৰম কৰি গ'লৰ দিশে আগবাঢ়ি গৈছিল। সেই খেলখনত আৰ্জেণ্টিনা ২-১ গ'লত বিজয়ী হৈছিল।

মন কৰিবলগীয়া যে ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাৰ জাৰ্চি উন্মোচন কৰা হ'ব। ৰেফাৰী বিন নাছেৰে পিছত কৈছিল, "প্ৰথমতে মই ভালদৰে দেখা নাছিলো যে সেইটো এটা হেণ্ডবল আছিল। মাৰাডোনা আৰু শিল্টন, দুয়োৰে পিঠি মোৰ পিনে  আছিল। তেওঁ লগতে কয়, "মই মোৰ লাইন্সমেনৰ ফালে চাই আছিলো  তেওঁ কিবা কয় বুলি।তেওঁ পিছে কোনো আপত্তি কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক