--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃডিয়েগো মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলৰ কথাটো বিশ্বৰ ফুটবল ইতিহাসত এক বিশেষ অধ্যায় হিচাবে চিহ্নিত হৈ ৰ’ব।  মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলটোৱেই দুই নিযুত ইউৰোত (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭ কোটি টকা) বিক্ৰী হৈছে। মাৰাডোনাই ১৯৮৬ চনৰ বিশ্বকাপত ইংলেণ্ডৰ বিৰুদ্ধে সেই ঐতিহাসিক গ'লটো কৰিছিল। 

তেওঁ সেই বছৰ অধিনায়ক হিচাপে বিশ্বকাপও জিকিছিল।ডিয়েগো মাৰাডোনাৰ 'হেণ্ড অফ গড'ৰ বলটো দুই নিযুত ইউৰোত (ভাৰতীয় মুদ্ৰাত প্ৰায় ১৭ কোটি টকা) বিক্ৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। নিলামত এডিডাছৰ সেই বগা আজটিকা বলটোৰ মূল্য তিনি নিযুত ইউৰো হ'ব বুলি আশা কৰা হৈছিল। তিউনিচিয়ান ৰেফাৰী আলী বিন নাছেৰ বলটোৰ গৰাকী আছিল। 

উল্লেখ্য মাৰাডোনাৰ জাৰ্চিও ছমাহ পূৰ্বে নিলাম কৰা হৈছিল। ১৯৮৬ চনত মেক্সিকোত অনুষ্ঠিত হোৱা কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাই ইংলেণ্ডৰ বিৰুদ্ধে পিন্ধা জাৰ্চীটো।৯.৩ নিযুত ডলাৰত নিলাম হৈছিল। মন কৰিবলগীয়া কথাটো হ’ল  ১৯৮৬ চনৰ বিশ্বকাপৰ বলটো আজটিক সভ্যতাৰ মূৰ্তি আৰু প্ৰতিচ্ছবিৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছিল। আৰ্জেণ্টিনা আৰু ইংলেণ্ডে গোটেই ৯০ মিনিট ধৰি বলটো খেলিছিল। সেই খেলখনত মাৰাডোনাই দুটা ঐতিহাসিক গ'ল কৰিছিল।

প্ৰথমটো গ'লৰ ক্ষেত্ৰত  মাৰাডোনাই ইংলেণ্ডৰ বক্সত প্ৰৱেশ কৰিছিল। পিটাৰ শিল্টনে বলটো নিয়ন্ত্ৰণ কৰিবলৈ জঁপিয়াই পৰিছিল আৰু তেতিয়াই মাৰাডোনাই এক অদ্ভুত ভংগীমাৰে হাতেৰে গ'লৰ ফালে ঠেলি দিছিল। ইংলেণ্ডে হেণ্ডবলৰ বাবে আবেদন কৰিছিল, কিন্তু ৰেফাৰীয়ে ইয়াক গ্ৰহণ কৰা নাছিল। পিছত সাংবাদিকৰ মুখামুখি হৈ মাৰাডোনাই নিজেই এই গোলটোৰ নাম 'ঈশ্বৰৰ হাত' বুলি কৈছিল। গ'লটোৰ কেইমিনিটমান পিছত মাৰাডোনাই ইংলেণ্ডৰ পাঁচজন খেলুৱৈক অতিক্ৰম কৰি গ'লৰ দিশে আগবাঢ়ি গৈছিল। সেই খেলখনত আৰ্জেণ্টিনা ২-১ গ'লত বিজয়ী হৈছিল।

মন কৰিবলগীয়া যে ২০২২ চনৰ কাটাৰ বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত মাৰাডোনাৰ জাৰ্চি উন্মোচন কৰা হ'ব। ৰেফাৰী বিন নাছেৰে পিছত কৈছিল, "প্ৰথমতে মই ভালদৰে দেখা নাছিলো যে সেইটো এটা হেণ্ডবল আছিল। মাৰাডোনা আৰু শিল্টন, দুয়োৰে পিঠি মোৰ পিনে  আছিল। তেওঁ লগতে কয়, "মই মোৰ লাইন্সমেনৰ ফালে চাই আছিলো  তেওঁ কিবা কয় বুলি।তেওঁ পিছে কোনো আপত্তি কৰা নাছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু