--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত খোলা-মেলা পোছাক পৰিধান কৰিব নোৱাৰিব মহিলাসকলে৷ ইছলামিক ৰাষ্ট্ৰখনৰ আইন অনুসৰি ই নিষিদ্ধ৷ ফিফা বিশ্বকাপৰ প্ৰাকক্ষণত এই লৈ এতিয়া তীব্ৰ বিতৰ্ক চলা দেখা গৈছে৷

 

জানিব পৰামতে বিশ্বকাপ চাবলৈ অহা ভিন ভিন দেশৰ সমৰ্থকসকলে শৰীৰ ঢাকি ৰখা পোছাক পৰিধান কৰিব লাগিব৷ কোনো মহিলাই খোলামেলা পোছাক পৰিধান কৰিলে কঠোৰ পদক্ষেপ লোৱা হ’ব৷

 

সাধাৰণতে ফুটবল বিশ্বকাপসমূহত উন্মাদনা ভৰা পৰিৱেশ দেখা যায়৷ গেলেৰীত অলেখ দৰ্শনাৰ্থী থাকে৷ ফুটবলৰ উপৰিও মহিলা অনুৰাগীসকলৰ সৌন্দৰ্য, ফেশ্বনো ইয়াত প্ৰদৰ্শন হয়৷ কিন্তু এয়া কাটাৰত নিষিদ্ধ৷

 

মহিলাসকলে কান্ধ আৰু আঁঠু ঢাকি পোছাক পিন্ধিব লাগিব৷ এখন সংবাদ পত্ৰত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী, দৰ্শকসকলক কোনো বিশেষ পোছাক পিন্ধিবলৈ কোৱা নাই কিন্তু খোলা-মেলা পোছাক কৰাত মানা আছে৷

 

কেৱল ষ্টেডিয়ামেই নহয়, কাটাৰৰ ভিন ভিন স্থানতো একে নিয়ম প্ৰযোজ্য হ’ব৷ কাটাৰ বিশ্বকাপৰ চীফ টেকন’ল’জী অফিচাৰ নিয়াচ আব্দুলৰহিমানে এই সম্পৰ্কত কয় যে ষ্টেডিয়ামত অত্যাধুনিক কেমেৰা ৰখা হ’ব৷ ইয়াৰ দ্বাৰা কোনে কি পোছাক পৰিধান কৰিছে, তাত নজৰ ৰখা হ’ব৷

 

ফিফাইও এইক্ষেত্ৰত মুখ খুলিছে৷ ফুটবল সংস্থাটোৱে কয় যে দৰ্শকৰ ইচ্ছআ অনুযায়ী পোছাক নিৰ্ভৰ কৰিছে৷ কিন্তু আয়োজক দেশৰ আইন যাতে সকলোৱে মানি চলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু