--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কাটাৰ বিশ্বকাপত খোলা-মেলা পোছাক পৰিধান কৰিব নোৱাৰিব মহিলাসকলে৷ ইছলামিক ৰাষ্ট্ৰখনৰ আইন অনুসৰি ই নিষিদ্ধ৷ ফিফা বিশ্বকাপৰ প্ৰাকক্ষণত এই লৈ এতিয়া তীব্ৰ বিতৰ্ক চলা দেখা গৈছে৷

 

জানিব পৰামতে বিশ্বকাপ চাবলৈ অহা ভিন ভিন দেশৰ সমৰ্থকসকলে শৰীৰ ঢাকি ৰখা পোছাক পৰিধান কৰিব লাগিব৷ কোনো মহিলাই খোলামেলা পোছাক পৰিধান কৰিলে কঠোৰ পদক্ষেপ লোৱা হব৷

 

সাধাৰণতে ফুটবল বিশ্বকাপসমূহত উন্মাদনা ভৰা পৰিৱেশ দেখা যায়৷ গেলেৰীত অলেখ দৰ্শনাৰ্থী থাকে৷ ফুটবলৰ উপৰিও মহিলা অনুৰাগীসকলৰ সৌন্দৰ্য, ফেশ্বনো ইয়াত প্ৰদৰ্শন হয়৷ কিন্তু এয়া কাটাৰত নিষিদ্ধ৷

 

মহিলাসকলে কান্ধ আৰু আঁঠু ঢাকি পোছাক পিন্ধিব লাগিব৷ এখন সংবাদ পত্ৰত প্ৰকাশিত প্ৰতিবেদন অনুযায়ী, দৰ্শকসকলক কোনো বিশেষ পোছাক পিন্ধিবলৈ কোৱা নাই কিন্তু খোলা-মেলা পোছাক কৰাত মানা আছে৷

 

কেৱল ষ্টেডিয়ামেই নহয়, কাটাৰৰ ভিন ভিন স্থানতো একে নিয়ম প্ৰযোজ্য হব৷ কাটাৰ বিশ্বকাপৰ চীফ টেকনজী অফিচাৰ নিয়াচ আব্দুলৰহিমানে এই সম্পৰ্কত কয় যে ষ্টেডিয়ামত অত্যাধুনিক কেমেৰা ৰখা হব৷ ইয়াৰ দ্বাৰা কোনে কি পোছাক পৰিধান কৰিছে, তাত নজৰ ৰখা হব৷

 

ফিফাইও এইক্ষেত্ৰত মুখ খুলিছে৷ ফুটবল সংস্থাটোৱে কয় যে দৰ্শকৰ ইচ্ছআ অনুযায়ী পোছাক নিৰ্ভৰ কৰিছে৷ কিন্তু আয়োজক দেশৰ আইন যাতে সকলোৱে মানি চলে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক