--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:উদয়পুৰত এজন কিশোৰে আত্মহত্যাৰ এক হৃদয়বিদাৰক ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁ ইনষ্টাগ্ৰামত ৰিল বনাই থকা অৱস্থাত বিষ খাইছিল।পুত্ৰৰ মৃত্যুত স্তম্ভিত হৈ পৰা পিতৃয়েও শেষ ৰীতি-নীতি সম্পন্ন কৰাৰ কিছু সময়ৰ পিছতে ফাঁচীকাঠতে অকাল মৃত্যুক সাৱটি লয় বুলি দৈনিক ভাস্কৰে প্ৰকাশ কৰিছে।

সোমবাৰে পুৱা ওংগানা (উদয়পুৰ)ৰ এজন ১৯ বছৰীয়া দেৱীসিংহই বিষ সেৱন কৰিছিল। বিষ খোৱাৰ আগতে তেওঁ এটা ইনষ্টা ৰিল বনাইছিল, য’ত তেওঁ কান্দি কান্দি বিষ খোৱা দেখা গৈছে।

 তেওঁ ছালফাছ টেবলেট খোৱাৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত আপলোড কৰে। ভিডিওটো চোৱাৰ পাছতে মৃত কিশোৰগৰাকীৰ ভাতৃয়েই গাওঁখনৰ ৰাইজক খবৰ দিয়ে। সকলো থিতাতে উপস্থিত হোৱাৰ লগে লগে দেৱীসিংহক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত তেওঁৰ মৃত্যু হয়।

পুত্ৰৰ আকস্মিক মৃত্যুত ঘৰত সৃষ্টি হয় এক অবৰ্নীয় পৰিবেশৰ। এই খবৰটো শুনি দেবীসিংহৰ বৃদ্ধ পিতৃ কালুসিংহ  স্তম্ভিত হৈ পৰে। মঙলবাৰে কণমানি পুত্ৰৰ শেষ ৰীতি-নীতি কৰি ঘৰলৈ উভতি অহাৰ পিছত কালুসিন্হেও ঘৰত ফাঁচী হৈ আত্মহত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, দেৱীসিংহই পূৰ্বে কৰ্মসূত্ৰে চুৰাটত আছিল আৰু ১১ জুলাইত তেওঁ ঘৰলৈ অহাৰ কথা আছিল বুলি জানিব পাৰি । আৰু ১১ জুলাইত প্ৰায় ১০ বজাত দেৱীসিংহই গোগুণ্ডাত বাছখনৰ পৰা নামি ওচৰৰে পুখুৰী এটাৰ ওচৰত উপস্থিত হয়। প্ৰায় ১১ বজাত তেওঁ ইনষ্টাগ্ৰামত ছালফাছ টেবলেট খোৱাৰ এটা ভিডিঅ’ পোষ্ট কৰে।

প্ৰায় ১১.৩০ বজাত তেওঁৰ ভাতৃ ৰূপ সিঙে ইনষ্টাগ্ৰামত আত্মহত্যাৰ ভিডিঅ’টো দেখি গোগুণ্ডাৰ বন্ধু পাপু সিঙক ফোন কৰি খবৰ দিয়ে। বন্ধু জনে১২ মান বজাত সেই ঠাইত উপস্থিত হ’ল৷ অচেতন অৱস্থাত তেওঁক গোগুনণ্ডাৰ হাস্পতাললৈ লৈ যোৱা হয়। য’ৰ পৰা তেওঁক উদয়পুৰলৈ ৰেফাৰ কৰা হৈছিল যদিও তেওঁ অকাল মৃত্যুক সাৱটি লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন