--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:উদয়পুৰত এজন কিশোৰে আত্মহত্যাৰ এক হৃদয়বিদাৰক ভিডিঅ’ পোহৰলৈ আহিছে য’ত তেওঁ ইনষ্টাগ্ৰামত ৰিল বনাই থকা অৱস্থাত বিষ খাইছিল।পুত্ৰৰ মৃত্যুত স্তম্ভিত হৈ পৰা পিতৃয়েও শেষ ৰীতি-নীতি সম্পন্ন কৰাৰ কিছু সময়ৰ পিছতে ফাঁচীকাঠতে অকাল মৃত্যুক সাৱটি লয় বুলি দৈনিক ভাস্কৰে প্ৰকাশ কৰিছে।

সোমবাৰে পুৱা ওংগানা (উদয়পুৰ)ৰ এজন ১৯ বছৰীয়া দেৱীসিংহই বিষ সেৱন কৰিছিল। বিষ খোৱাৰ আগতে তেওঁ এটা ইনষ্টা ৰিল বনাইছিল, য’ত তেওঁ কান্দি কান্দি বিষ খোৱা দেখা গৈছে।

 তেওঁ ছালফাছ টেবলেট খোৱাৰ ভিডিঅ’টো ইনষ্টাগ্ৰামত আপলোড কৰে। ভিডিওটো চোৱাৰ পাছতে মৃত কিশোৰগৰাকীৰ ভাতৃয়েই গাওঁখনৰ ৰাইজক খবৰ দিয়ে। সকলো থিতাতে উপস্থিত হোৱাৰ লগে লগে দেৱীসিংহক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় য’ত তেওঁৰ মৃত্যু হয়।

পুত্ৰৰ আকস্মিক মৃত্যুত ঘৰত সৃষ্টি হয় এক অবৰ্নীয় পৰিবেশৰ। এই খবৰটো শুনি দেবীসিংহৰ বৃদ্ধ পিতৃ কালুসিংহ  স্তম্ভিত হৈ পৰে। মঙলবাৰে কণমানি পুত্ৰৰ শেষ ৰীতি-নীতি কৰি ঘৰলৈ উভতি অহাৰ পিছত কালুসিন্হেও ঘৰত ফাঁচী হৈ আত্মহত্যা কৰে।

আৰক্ষীয়ে জনোৱা মতে, দেৱীসিংহই পূৰ্বে কৰ্মসূত্ৰে চুৰাটত আছিল আৰু ১১ জুলাইত তেওঁ ঘৰলৈ অহাৰ কথা আছিল বুলি জানিব পাৰি । আৰু ১১ জুলাইত প্ৰায় ১০ বজাত দেৱীসিংহই গোগুণ্ডাত বাছখনৰ পৰা নামি ওচৰৰে পুখুৰী এটাৰ ওচৰত উপস্থিত হয়। প্ৰায় ১১ বজাত তেওঁ ইনষ্টাগ্ৰামত ছালফাছ টেবলেট খোৱাৰ এটা ভিডিঅ’ পোষ্ট কৰে।

প্ৰায় ১১.৩০ বজাত তেওঁৰ ভাতৃ ৰূপ সিঙে ইনষ্টাগ্ৰামত আত্মহত্যাৰ ভিডিঅ’টো দেখি গোগুণ্ডাৰ বন্ধু পাপু সিঙক ফোন কৰি খবৰ দিয়ে। বন্ধু জনে১২ মান বজাত সেই ঠাইত উপস্থিত হ’ল৷ অচেতন অৱস্থাত তেওঁক গোগুনণ্ডাৰ হাস্পতাললৈ লৈ যোৱা হয়। য’ৰ পৰা তেওঁক উদয়পুৰলৈ ৰেফাৰ কৰা হৈছিল যদিও তেওঁ অকাল মৃত্যুক সাৱটি লয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ