ডিজিটেল ডেস্ক: ভাৰতীয় সেনা বাচনি ব’ৰ্ডে ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ এক বৃহৎ সুযোগ কঢ়িয়াই আনিছে। ভাৰতীয় সেনাৰ অফিচিয়েল ৱেবছাইটত জাৰি কৰা হৈছে চাকৰিৰ অধিসূচনা। প্ৰাদেশিক সেনাৰ ৰাইট পোষ্টত কাম কৰাৰ বাবে ভাৰতৰ যুৱক-যুৱতীসকলৰ বাবে সোণালী সুযোগ। সৰ্বোপৰি চীনা ভাষাত ডিপ্ল'মা অৰ্থাৎ দ্বিভাষিক লোকসকলৰ বাবে এই সুযোগ অধিক। এই চাকৰিৰ বাবে আবেদন প্ৰক্ৰিয়া ২০২২ চনৰ ১০ আগষ্টলৈকে চলি থাকিব। এই চাকৰিৰ বাবে পুৰুষ-মহিলা উভয়ে আবেদন কৰিব পাৰিব। প্ৰাক্তন সেনাসকলেও এই চাকৰিৰ বাবে আবেদন কৰাৰ সুযোগ লাভ কৰিব। খালী হৈ থকা পদৰ ভিতৰত ৫টা সাধাৰণ প্ৰাৰ্থীৰ বিপৰীতে এটা পদ প্ৰাক্তন সেনাৰ। এই চাকৰিটো মূলতঃ যিসকলৰ চীনা ভাষাৰ পাঠ্যক্ৰমৰ প্ৰমাণ পত্ৰ আছে তেওঁলোকৰ বাবে।
এই নামভৰ্তি প্ৰক্ৰিয়া অনুসৰি যিসকলে চাকৰিটো পাবলৈ গৈ আছে তেওঁলোকৰ মাহিলী দৰমহা হ'ব অতি উচ্চ মানদণ্ডৰ যিসকল দশম স্তৰৰ লেফটেনেণ্ট হ’ব তেওঁলোকৰ মাহিলী দৰমহা ৫৬ হাজাৰ ১০০টকাৰ পৰা ১লাখ ৭৭হাজাৰ ৫০০ টকালৈ থাকিব। ১০এ লেভেলৰ কেপ্তেইন হ’বলগীয়া সকলৰ মাহিলী দৰমহা ৬১হাজাৰ ৩০০টকাৰ পৰা ১লাখ ৯৩হাজাৰ ৯০০টকালৈকে হ’ব। একাদশ লেভেলৰ মেজৰ হ’বলগীয়াসকলৰ মাহিলী দৰমহা ৬৯ হাজাৰ ৪০০ টকাৰ পৰা আৰম্ভ কৰি ২লাখ ৭হাজাৰ ২০০টাকালৈ। যিসকলে ১২এ লেভেলৰ লেফটেনেণ্ট কৰ্ণেল হ’ব তেওঁলোকে ১লাখ ২১হাজাৰ ২০০টকাৰ পৰা ২লাখ ১ হাজাৰ ৪০০টকালৈকে দৰমহা পাব। যিসকল ত্ৰয়োদশ স্তৰৰ কৰ্ণেল হ’ব তেওঁলোকে প্ৰতিমাহে ১লাখ ৩০হাজাৰ ৬০০টকাৰ পৰা ২লাখ ১৫হাজাৰ ৯০০টকালৈকে দৰমহা পাব। যিসকলে ১৩এ লেভেলৰ ব্ৰিগেডিয়াৰ হ’ব তেওঁলোকে প্ৰতিমাহে ১লাখ ৩৯হাজাৰ ৬০০টকাৰ পৰা ২লাখ ১৭হাজাৰ ৬০০টকালৈকে দৰমহা পাব।
যিসকলে এই পদৰ বাবে আবেদন কৰিব বিচাৰে তেওঁলোকে নিৰ্ধাৰিত প্ৰ-পত্ৰ পূৰণ কৰি হাৰ্ড কপি তলত দিয়া ঠিকনাত প্ৰেৰণ কৰিব লাগিব: টেৰিটৰিয়েল আৰ্মি সঞ্চালকালয়, প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সংহত মুখ্য কাৰ্যালয়, ব্লক এ, ৪ৰ্থ মহলা, প্ৰতিৰক্ষা কাৰ্যালয় কমপ্লেক্স, কে জি মাৰ্গ, নতুন দিল্লী। উল্লেখযোগ্য যে এই পদৰ বাবে আবেদন কেৱল ইণ্ডিয়া পোষ্টৰ জৰিয়তেহে প্ৰেৰণ কৰিব পাৰিব।
ন্যূনতম অৰ্হতা -
ব্যক্তিজনৰ চীনা ভাষাত স্নাতক ডিগ্ৰী থাকিব লাগিব আৰু যিকোনো ইউজিচিৰ স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা নূন্যতম ৫৫% নম্বৰ লাভ কৰিব লাগিব। অথবা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা দুবছৰীয়া দ্বিভাষিক ডিপ্লমা বা এইচএছকে লেভেলৰ স্নাতক হ'ব লাগিব।
ইয়াৰ উপৰিও যদি প্ৰাক্তন সেৱা বিষয়াই আবেদন কৰিব বিচাৰে, তেন্তে অন্ততঃ এখন এছএফএল( School Of Foreign Languages) / এইচি( Army Educational Corps) কলেজ আৰু কেন্দ্ৰৰ পৰা চীনা ভাষাত ডিপ্লমা লাভ কৰা হ'ব লাগিব।