--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ চলচ্চিত্ৰপ্ৰেমীলৈ সুখবৰ! বলীউডৰ মোহময়ী অভিনেত্ৰী বিদ্যা বালানক ‘মঞ্জুলিকা’ ৰ ৰূপত দেখিবলৈ পাব অনুৰাগীয়ে। ‘ভুল ভুলাইয়া’ ছবিখনৰ লেখীয়া একেটা ৰূপতে প্ৰিয় অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। ছবিখনৰ পৰিচালক আনিস বাজমীয়ে শেহতীয়াকৈ এইকথা সদৰী কৰে। এটি সাক্ষাৎকাৰত ছবিখনৰ পৰিচালকগৰাকীয়ে কয় যে, ‘‘ ২০০৭ চনত ‘ভুল ভুলাইয়া’ত ‘মঞ্জুলিকা’ৰ ৰূপত দৰ্শকক মোহাচ্ছন্ন কৰাৰ দৰে বিদ্যা বালানে এই ছবিখনত আত্মপ্ৰকাশ কৰিব। তাতোকৈ বেছি বিদ্যাই চৰিত্ৰটোৰ বিষয়ে এতিয়াই মুকলি কৰিব বিচৰা নাই। বিদ্যাৰ মতে, বাকী বিষয়বোৰ ছবিৰ মাজেৰেই দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।’ পৰিচালকজনে লগতে কয়, ‘‘ব্যক্তিগতভাৱে এই চৰিত্ৰটো মোৰ বৰ প্ৰিয়। তাতে যদি ছবিখনৰ নাম ‘ভুল ভুলাইয়া’ হয় তেতিয়া মঞ্জুলিকাৰ বাহিৰে অইন কথা ভাবিব নোৱাৰি।’’

স্মৰ্তব্য যে, ২০০৭ চনত মুক্তি পোৱা ‘ভুল ভুলাইয়া’ ছবিখনে বক্স অফিচত আলোড়ন তুলিছিল। ক’মেডী-হ’ৰৰ গল্প-কাহিনীৰে নিৰ্মিত ছবিখনে দৰ্শক-সমালোচকৰ মাজতো যথেষ্ট চৰ্চালাভ কৰা দেখা গৈছিল। ছবিখনত বিদ্যা বালানৰ সৈতে অক্ষয় কুমাৰ, শ্বাইনী আহুজা, পৰেশ ৰাৱাল, আমিশা পেটেল আৰু ৰাজপাল যাদৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, ‘ভুল ভুলাইয়া-২’ৰ মুখ্য চৰিত্ৰত কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীক দেখিবলৈ পোৱা যাব বুলি গুজৱ উঠিছিল। ছবিখনত এটা ‘টেবু’ চৰিত্ৰইয়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি চৰ্চা চলিছিল। অৱশ্যে, উক্ত ছবিখনৰ সৈতে বিদ্যা বালান কোনোধৰণে জড়িত নহয় বুলি সদৰী কৰিছিল। ছবিখন গুণগত মানৰ ক্ষেত্ৰত ‘ভুল ভুলাইয়া’ৰ সমতুল্য হ’ব নেকি বুলি সোধা প্ৰশ্নটোৰ উত্তৰ এৰাই চলিছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে। সেয়া যি কি নহওক, বিদ্যা বালানক পুনৰ মঞ্জুলিকাৰ ৰূপত দেখিবলৈ পোৱাৰ সম্ভেদ পোৱাৰ পাছৰে পৰাই অনুৰাগীৰ মাজত উলাহৰ অন্ত নাইকিয়া হৈছে। অধীৰ আগ্ৰহেৰ অনুৰাগীয়ে বাট চাইছে মঞ্জুলিকা লৈ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ