--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ চলচ্চিত্ৰপ্ৰেমীলৈ সুখবৰ! বলীউডৰ মোহময়ী অভিনেত্ৰী বিদ্যা বালানক ‘মঞ্জুলিকা’ ৰ ৰূপত দেখিবলৈ পাব অনুৰাগীয়ে। ‘ভুল ভুলাইয়া’ ছবিখনৰ লেখীয়া একেটা ৰূপতে প্ৰিয় অভিনেত্ৰীগৰাকীক দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে। ছবিখনৰ পৰিচালক আনিস বাজমীয়ে শেহতীয়াকৈ এইকথা সদৰী কৰে। এটি সাক্ষাৎকাৰত ছবিখনৰ পৰিচালকগৰাকীয়ে কয় যে, ‘‘ ২০০৭ চনত ‘ভুল ভুলাইয়া’ত ‘মঞ্জুলিকা’ৰ ৰূপত দৰ্শকক মোহাচ্ছন্ন কৰাৰ দৰে বিদ্যা বালানে এই ছবিখনত আত্মপ্ৰকাশ কৰিব। তাতোকৈ বেছি বিদ্যাই চৰিত্ৰটোৰ বিষয়ে এতিয়াই মুকলি কৰিব বিচৰা নাই। বিদ্যাৰ মতে, বাকী বিষয়বোৰ ছবিৰ মাজেৰেই দেখিবলৈ পাব চলচ্চিত্ৰপ্ৰেমীয়ে।’ পৰিচালকজনে লগতে কয়, ‘‘ব্যক্তিগতভাৱে এই চৰিত্ৰটো মোৰ বৰ প্ৰিয়। তাতে যদি ছবিখনৰ নাম ‘ভুল ভুলাইয়া’ হয় তেতিয়া মঞ্জুলিকাৰ বাহিৰে অইন কথা ভাবিব নোৱাৰি।’’

স্মৰ্তব্য যে, ২০০৭ চনত মুক্তি পোৱা ‘ভুল ভুলাইয়া’ ছবিখনে বক্স অফিচত আলোড়ন তুলিছিল। ক’মেডী-হ’ৰৰ গল্প-কাহিনীৰে নিৰ্মিত ছবিখনে দৰ্শক-সমালোচকৰ মাজতো যথেষ্ট চৰ্চালাভ কৰা দেখা গৈছিল। ছবিখনত বিদ্যা বালানৰ সৈতে অক্ষয় কুমাৰ, শ্বাইনী আহুজা, পৰেশ ৰাৱাল, আমিশা পেটেল আৰু ৰাজপাল যাদৱে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল। আনহাতে, ‘ভুল ভুলাইয়া-২’ৰ মুখ্য চৰিত্ৰত কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীক দেখিবলৈ পোৱা যাব বুলি গুজৱ উঠিছিল। ছবিখনত এটা ‘টেবু’ চৰিত্ৰইয়ো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি চৰ্চা চলিছিল। অৱশ্যে, উক্ত ছবিখনৰ সৈতে বিদ্যা বালান কোনোধৰণে জড়িত নহয় বুলি সদৰী কৰিছিল। ছবিখন গুণগত মানৰ ক্ষেত্ৰত ‘ভুল ভুলাইয়া’ৰ সমতুল্য হ’ব নেকি বুলি সোধা প্ৰশ্নটোৰ উত্তৰ এৰাই চলিছিল মোহময়ী অভিনেত্ৰীগৰাকীয়ে। সেয়া যি কি নহওক, বিদ্যা বালানক পুনৰ মঞ্জুলিকাৰ ৰূপত দেখিবলৈ পোৱাৰ সম্ভেদ পোৱাৰ পাছৰে পৰাই অনুৰাগীৰ মাজত উলাহৰ অন্ত নাইকিয়া হৈছে। অধীৰ আগ্ৰহেৰ অনুৰাগীয়ে বাট চাইছে মঞ্জুলিকা লৈ!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু