--°C
Loading...
Listen to Article
2 min read
80%

'মই বিদ্যালয়ৰ পৰা ওলাই আহোতে মোক কেইজনমানে ঘেৰি ধৰিছিল আৰু বেয়াকৈ প্ৰহাৰ কৰিছিল'-বিদ্যালয়ৰ সন্মুখতেই প্ৰহাৰ এগৰাকী ছাত্ৰীক৷

ডিজিটেল ডেস্ক: ইনষ্টাগ্ৰামত কৰা এটা মন্তব্যই বিপদত পেলালে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক৷ ইনষ্টাগ্ৰামত কৰা কমেণ্টৰ বাবে প্ৰহাৰ কৰিলে ছাত্ৰীগৰাকীক৷ এই ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত৷ দৰাচলতে, তেওঁৰ এগৰাকী বান্ধৱীৰ ভাতৃৰ সৈতে মিলি কৈইজনমানে তেওঁক প্ৰহাৰ কৰিছিল। একে সময়তে, প্ৰহাৰৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল, যিয়ে ছাত্ৰীগৰাকীক হতবাক কৰি তুলিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত বুৰাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি, অভিযুক্ত বন্ধুসহ আৰক্ষীত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি, বুৰাৰীৰ সন্ত নগৰৰ গীতাঞ্জলি মডাৰ্ণ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল তেওঁ৷ ছাত্ৰীগৰাকীৰ অভিযোগ, ১৫-২০ দিনৰ পূৰ্বে তেওঁৰ এগৰাকী সহপাঠীৰ সৈতে কিছু বিশেষ কাৰণত কথা পতা বন্ধ কৰি দিছিল৷ আৰু এই কথাটোক লৈ ছাত্ৰীগৰাকীৰ কিছুসংখ্যক বন্ধুৱে ইনষ্টাগ্ৰামত বেয়া মন্তব্য কৰিছিল আৰু ইয়াকে লৈ উপহাসো কৰিছিল। ভুক্তভোগীগৰাকীৰ মতে, তেওঁৰ বন্ধাৱীগৰাকীয়ে ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীক দায়ী কৰিছিল। পাছত, তেওঁৰ বন্ধাৱীগৰাকীয়ে তেওঁৰ ভায়েকক এই সকলো কথা বিৱৰী কৈছিল৷ যিয়ে তেওঁৰ সহযোগীসকলৰ সৈতে গৈ বান্ধৱীগৰাকীক তেওঁক প্ৰহাৰ কৰিছিল। ছাত্ৰীগৰাকীয়ে ভাষ্য অনুসৰি, মঙলবাৰে, যেতিয়া তেওঁ দুপৰীয়া ১ বজাত বিদ্যালয়ৰ পৰা ওলাই আহিছিল, কেইবাজনো ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ বান্ধৱীয়ে ঘেৰি ধৰিছিল আৰু মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। ভুক্তভোগীৰ অভিযোগ অনুসৰি, ম’বাইল ফোনটোও কাঢ়ি লোৱা হৈছিল। কিছুমান অভিযুক্তই ঘটনাটোৰ ভিডিঅ’ বনাই আছিল। যেতিয়া এজন ব্যক্তি উদ্ধাৰ কৰিবলৈ আহিছিল, তেওঁকো অভিযুক্তজনে প্ৰহাৰ কৰিছিল। ঘটনাৰ সন্দৰ্ভত বিদ্যালয় পৰিচালনা কমিটিয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে সহযোগিতা কৰি আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রবীণ অভিনেতা-প্রযোজক ধীৰাজ কুমাৰৰ মৃত্যু
ক্ৰিকেটেৰে আৰম্ভ হ'ব অলিম্পিক
শ্বাহৰূখৰ সৈতে বিবাহ, উদিতৰ সৈতে প্ৰেম...৬ বছৰীয়া কন্যা সন্তানক হত্যা কৰি প্ৰেমিকৰ সৈতে কৰিলে পাৰ্টী
ডিমা হাছাওত প্ৰচণ্ড ভূমিস্খলনত দুই জন লোকৰ মৃত্যু
পিতৃ-মাতৃ হ’ল সিদ্ধাৰ্থ-কিয়াৰা, অনুৰাগীৰ মাজত আনন্দৰ লহৰ
মণিপুৰত আৰক্ষী বৃহৎ তালাচীত ৮৬টা অস্ত্র, ৯৭৪টা গ্ৰেনেড-গোলা উদ্ধাৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে