--°C
Loading...
Listen to Article
2 min read
80%

'মই বিদ্যালয়ৰ পৰা ওলাই আহোতে মোক কেইজনমানে ঘেৰি ধৰিছিল আৰু বেয়াকৈ প্ৰহাৰ কৰিছিল'-বিদ্যালয়ৰ সন্মুখতেই প্ৰহাৰ এগৰাকী ছাত্ৰীক৷

ডিজিটেল ডেস্ক: ইনষ্টাগ্ৰামত কৰা এটা মন্তব্যই বিপদত পেলালে এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক৷ ইনষ্টাগ্ৰামত কৰা কমেণ্টৰ বাবে প্ৰহাৰ কৰিলে ছাত্ৰীগৰাকীক৷ এই ঘটনা সংঘটিত হৈছে ৰাজধানী দিল্লীত৷ দৰাচলতে, তেওঁৰ এগৰাকী বান্ধৱীৰ ভাতৃৰ সৈতে মিলি কৈইজনমানে তেওঁক প্ৰহাৰ কৰিছিল। একে সময়তে, প্ৰহাৰৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত পোষ্ট কৰা হৈছিল, যিয়ে ছাত্ৰীগৰাকীক হতবাক কৰি তুলিছিল। সমগ্ৰ ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃৰ অভিযোগৰ ভিত্তিত বুৰাৰী আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি, অভিযুক্ত বন্ধুসহ আৰক্ষীত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। তথ্য অনুসৰি, বুৰাৰীৰ সন্ত নগৰৰ গীতাঞ্জলি মডাৰ্ণ স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী আছিল তেওঁ৷ ছাত্ৰীগৰাকীৰ অভিযোগ, ১৫-২০ দিনৰ পূৰ্বে তেওঁৰ এগৰাকী সহপাঠীৰ সৈতে কিছু বিশেষ কাৰণত কথা পতা বন্ধ কৰি দিছিল৷ আৰু এই কথাটোক লৈ ছাত্ৰীগৰাকীৰ কিছুসংখ্যক বন্ধুৱে ইনষ্টাগ্ৰামত বেয়া মন্তব্য কৰিছিল আৰু ইয়াকে লৈ উপহাসো কৰিছিল। ভুক্তভোগীগৰাকীৰ মতে, তেওঁৰ বন্ধাৱীগৰাকীয়ে ঘটনাটোৰ বাবে ছাত্ৰীগৰাকীক দায়ী কৰিছিল। পাছত, তেওঁৰ বন্ধাৱীগৰাকীয়ে তেওঁৰ ভায়েকক এই সকলো কথা বিৱৰী কৈছিল৷ যিয়ে তেওঁৰ সহযোগীসকলৰ সৈতে গৈ বান্ধৱীগৰাকীক তেওঁক প্ৰহাৰ কৰিছিল। ছাত্ৰীগৰাকীয়ে ভাষ্য অনুসৰি, মঙলবাৰে, যেতিয়া তেওঁ দুপৰীয়া ১ বজাত বিদ্যালয়ৰ পৰা ওলাই আহিছিল, কেইবাজনো ছাত্ৰ আৰু ছাত্ৰীগৰাকীৰ বান্ধৱীয়ে ঘেৰি ধৰিছিল আৰু মাৰপিট কৰিবলৈ আৰম্ভ কৰিছিল। ভুক্তভোগীৰ অভিযোগ অনুসৰি, ম’বাইল ফোনটোও কাঢ়ি লোৱা হৈছিল। কিছুমান অভিযুক্তই ঘটনাটোৰ ভিডিঅ’ বনাই আছিল। যেতিয়া এজন ব্যক্তি উদ্ধাৰ কৰিবলৈ আহিছিল, তেওঁকো অভিযুক্তজনে প্ৰহাৰ কৰিছিল। ঘটনাৰ সন্দৰ্ভত বিদ্যালয় পৰিচালনা কমিটিয়ে ছাত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ সৈতে সহযোগিতা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন