--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী সমাজ৷ ‘মিছন গংগা’ৰ জৰিয়তে ভাৰতলৈ উভতি আহিবলৈ সক্ষম হৈছে বহুকেইজন শিক্ষাৰ্থী৷ তাৰ মাজতে ৰাছিয়াৰ গুলীবৰ্ষণত আঘাতপ্ৰাপ্তও হয় ভাৰতীয় ছাত্ৰ৷

ডিজিটেল ডেস্ক: ‘হঠাৎ বন্ধ হৈ পৰিছিল সকলো, আমি নিজৰ প্ৰাণ বচাবলৈ মাটিৰ তলত সোমাব লগীয়া হৈছিল’- ইউক্ৰেইনৰ পৰা সুকলমে উভতি অহা ভাৰতীয় ছাত্ৰই ক’লে দেশখনৰ শিহৰণকাৰী ঘটনাৰ বিষয়ে৷ খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটীৰ এজন ২৪ বছৰীয়া ছাত্ৰ নাম ইন্দু। যমুনানগৰৰ ভগৱানপুৰা গাঁৱৰ বাসিন্দা ইন্দু শুকুৰবাৰে তেওঁৰ ঘৰলৈ উভতি আহিছিল। ছাত্ৰজনে সাংবাদিকৰ সন্মুখত বৰ্ণনা কৰিছিল সকলো শিহৰণকাৰী ঘটনা৷ ‘পৰিস্থিতি অধিক বেয়া হ’ব বুলি অনুমান কৰি, আমি আমাৰ চিকিৎসা প্ৰতিষ্ঠানকৰ্তৃপক্ষক আমাক শ্ৰেণীৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ কৰিছিলো কিন্তু আমাৰ শিক্ষকসকলে আমাক আশ্বাস দিছিল যে কেইসপ্তাহমানৰ ভিতৰত সকলোবোৰ স্বাভাৱিক হৈ পৰিব। সম্ভৱতঃ তেওঁলোকে উত্তেজনা লুকুই ৰাখিব বিচাৰিছিল আৰু শিক্ষাৰ্থীসকলৰ মাজত কোনো আতংক বিয়াপিব খোজা নাছিল।’ লগতে ইন্দুৱে কয় যে, ‘আমি তেওঁলোকক সুধিছিলো যে আমি থাকিব লাগে নে স্থানান্তৰ কৰিব লাগে কিন্তু আমি কোনো সঁহাৰি নাপালোঁ। কিন্তু ২৪ মাৰ্চত সকলো সলনি হৈ গৈছিল৷’ ইন্দুৱে এই সকলোবোৰ বৰ্ণনা কৰি কয় যে, ‘যদি আমাক আগতে সতৰ্ক কৰা হ’লহেঁতেন, আমি সোনকালে ভাৰতলৈ আহিব পাৰিলোহেঁতেন। পাছত, আমাৰ প্ৰতিষ্ঠানটোৱে ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছিল। আমি কমেও এসপ্তাহ মাটিৰ তলত আছিলোঁ।’ ১ মাৰ্চত খাৰকিভৰ পৰা লভিভৰ বাবে এখন ৰে’লত উঠিছিল ইন্দু আৰু তেওঁ কেইজনমান সহপাঠী৷ পাছত লভিভৰ পৰা হাংৰি সীমান্তলৈ কেব ভাৰা কৰিছিল৷ আৰু সেই কেববোৰ ছাত্ৰসকলৰ পৰা বহুত টকাৰ দাবী কৰিছিল বুলিও অভিযোগ কৰে ইন্দুৱে৷ লগতে ইন্দুৱে কয় যে, ‘কেববোৰে আমাক পোলেণ্ড সীমান্তৰ পৰা বহু কিলোমিটাৰ দূৰৈতে ৰখাই দিছিল আৰু আমি খোজকাঢ়ি দূৰত্ব অতিক্ৰম কৰিছিলো।’ কিন্তু যিটোৱে ইন্দুক বেছি আতংকিত কৰে, সেয়া হ’ল তেওঁ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে অনিশ্চয়তা। তেওঁ লগতে কয় যে, ‘পৰৱৰ্তী সময়ত কি হ’ব সেই বিষয়ে কোনো স্পষ্টতা নাই। আমাৰ প্ৰতিষ্ঠানটোৱে ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছিল। মই মেডিচিন বিভাগৰ চতুৰ্থ বৰ্ষত আছোঁ। যদি পৰিস্থিতি স্বাভাৱিক নহয়, আমি ইউক্ৰেইনৰ বাহিৰৰ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হ’ব লাগিব।’ চণ্ডিগড়ৰ ধনসৰ পৰা অহা আৰু ভিনিটচিয়া নেচনেল মেডিকেল ইউনিভাৰ্চিটীৰ (আইএনএমইউ) প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ অমিত পাণ্ডে (১৯)য়ে কয়, ‘প্ৰায় ১০ দিন আগতে আমাৰ প্ৰতিষ্ঠান কৰ্তৃপক্ষই আমাক অনলাইন শ্ৰেণী ল’বলৈ অনুমতি দিছিল। কিছুমান অনুষদৰ সদস্যই আমাক কৈছিল যে ২০১৪ চনত একেই পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু সোনকালেই স্বাভাৱিক হৈ পৰিছিল। মই ২৬ ফেব্ৰুৱাৰীত ভিনিটচিয়া এৰিছিলো, ৰোমানিয়া হৈ ভাৰতলৈ আহিছিলো আৰু উপস্থিত হৈছিলোঁ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ