--°C
Loading...
Listen to Article
2 min read
80%

ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণত বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে শিক্ষাৰ্থী সমাজ৷ ‘মিছন গংগা’ৰ জৰিয়তে ভাৰতলৈ উভতি আহিবলৈ সক্ষম হৈছে বহুকেইজন শিক্ষাৰ্থী৷ তাৰ মাজতে ৰাছিয়াৰ গুলীবৰ্ষণত আঘাতপ্ৰাপ্তও হয় ভাৰতীয় ছাত্ৰ৷

ডিজিটেল ডেস্ক: ‘হঠাৎ বন্ধ হৈ পৰিছিল সকলো, আমি নিজৰ প্ৰাণ বচাবলৈ মাটিৰ তলত সোমাব লগীয়া হৈছিল’- ইউক্ৰেইনৰ পৰা সুকলমে উভতি অহা ভাৰতীয় ছাত্ৰই ক’লে দেশখনৰ শিহৰণকাৰী ঘটনাৰ বিষয়ে৷ খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰ্চিটীৰ এজন ২৪ বছৰীয়া ছাত্ৰ নাম ইন্দু। যমুনানগৰৰ ভগৱানপুৰা গাঁৱৰ বাসিন্দা ইন্দু শুকুৰবাৰে তেওঁৰ ঘৰলৈ উভতি আহিছিল। ছাত্ৰজনে সাংবাদিকৰ সন্মুখত বৰ্ণনা কৰিছিল সকলো শিহৰণকাৰী ঘটনা৷ ‘পৰিস্থিতি অধিক বেয়া হ’ব বুলি অনুমান কৰি, আমি আমাৰ চিকিৎসা প্ৰতিষ্ঠানকৰ্তৃপক্ষক আমাক শ্ৰেণীৰ পৰা অব্যাহতি দিবলৈ অনুৰোধ কৰিছিলো কিন্তু আমাৰ শিক্ষকসকলে আমাক আশ্বাস দিছিল যে কেইসপ্তাহমানৰ ভিতৰত সকলোবোৰ স্বাভাৱিক হৈ পৰিব। সম্ভৱতঃ তেওঁলোকে উত্তেজনা লুকুই ৰাখিব বিচাৰিছিল আৰু শিক্ষাৰ্থীসকলৰ মাজত কোনো আতংক বিয়াপিব খোজা নাছিল।’ লগতে ইন্দুৱে কয় যে, ‘আমি তেওঁলোকক সুধিছিলো যে আমি থাকিব লাগে নে স্থানান্তৰ কৰিব লাগে কিন্তু আমি কোনো সঁহাৰি নাপালোঁ। কিন্তু ২৪ মাৰ্চত সকলো সলনি হৈ গৈছিল৷’ ইন্দুৱে এই সকলোবোৰ বৰ্ণনা কৰি কয় যে, ‘যদি আমাক আগতে সতৰ্ক কৰা হ’লহেঁতেন, আমি সোনকালে ভাৰতলৈ আহিব পাৰিলোহেঁতেন। পাছত, আমাৰ প্ৰতিষ্ঠানটোৱে ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছিল। আমি কমেও এসপ্তাহ মাটিৰ তলত আছিলোঁ।’ ১ মাৰ্চত খাৰকিভৰ পৰা লভিভৰ বাবে এখন ৰে’লত উঠিছিল ইন্দু আৰু তেওঁ কেইজনমান সহপাঠী৷ পাছত লভিভৰ পৰা হাংৰি সীমান্তলৈ কেব ভাৰা কৰিছিল৷ আৰু সেই কেববোৰ ছাত্ৰসকলৰ পৰা বহুত টকাৰ দাবী কৰিছিল বুলিও অভিযোগ কৰে ইন্দুৱে৷ লগতে ইন্দুৱে কয় যে, ‘কেববোৰে আমাক পোলেণ্ড সীমান্তৰ পৰা বহু কিলোমিটাৰ দূৰৈতে ৰখাই দিছিল আৰু আমি খোজকাঢ়ি দূৰত্ব অতিক্ৰম কৰিছিলো।’ কিন্তু যিটোৱে ইন্দুক বেছি আতংকিত কৰে, সেয়া হ’ল তেওঁ ভৱিষ্যতৰ সম্ভাৱনাৰ বিষয়ে অনিশ্চয়তা। তেওঁ লগতে কয় যে, ‘পৰৱৰ্তী সময়ত কি হ’ব সেই বিষয়ে কোনো স্পষ্টতা নাই। আমাৰ প্ৰতিষ্ঠানটোৱে ৩১ মাৰ্চলৈকে বন্ধ ঘোষণা কৰিছিল। মই মেডিচিন বিভাগৰ চতুৰ্থ বৰ্ষত আছোঁ। যদি পৰিস্থিতি স্বাভাৱিক নহয়, আমি ইউক্ৰেইনৰ বাহিৰৰ বিশ্ববিদ্যালয়লৈ স্থানান্তৰিত হ’ব লাগিব।’ চণ্ডিগড়ৰ ধনসৰ পৰা অহা আৰু ভিনিটচিয়া নেচনেল মেডিকেল ইউনিভাৰ্চিটীৰ (আইএনএমইউ) প্ৰথম বৰ্ষৰ এমবিবিএছ ছাত্ৰ অমিত পাণ্ডে (১৯)য়ে কয়, ‘প্ৰায় ১০ দিন আগতে আমাৰ প্ৰতিষ্ঠান কৰ্তৃপক্ষই আমাক অনলাইন শ্ৰেণী ল’বলৈ অনুমতি দিছিল। কিছুমান অনুষদৰ সদস্যই আমাক কৈছিল যে ২০১৪ চনত একেই পৰিস্থিতিৰ উদ্ভৱ হৈছিল আৰু সোনকালেই স্বাভাৱিক হৈ পৰিছিল। মই ২৬ ফেব্ৰুৱাৰীত ভিনিটচিয়া এৰিছিলো, ৰোমানিয়া হৈ ভাৰতলৈ আহিছিলো আৰু উপস্থিত হৈছিলোঁ৷’
FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে