--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে  সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ যান খনে সঠিক দিশত সঠিক গতিৰে আগুৱাই আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে যান খনে যেনেদৰে গতি কৰিব লাগিছিল ঠিক তেনেদৰেই গতি কৰি আছে। এনেদৰে গৈ থাকিলে যান খনে আগষ্টমাহৰ শেষৰ পিনে  চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।


 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ  মঙলবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ইয়াৰ কক্ষপথ সলনি কৰুিছে । সেই অনুসৰি, চন্দ্ৰযান-৩-এ ইয়াৰ  তৃতীয় কক্ষপথত প্ৰৱেশ কৰিছে । ইছৰোৱে প্ৰকাশ কৰা মতে চন্দ্ৰযান-৩-এ ২০  জুলাইত ভাৰতীয় সময় মতে আবেলি ২ বজাৰ পৰা ৩  বজাৰ ভিতৰত পুনৰ কক্ষপথ সলনি কৰিব।

চন্দ্ৰযান-৩ -এ  পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সীমা অতিক্ৰম কৰি চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ ইয়াৰ কক্ষপথ আৰু দুবাৰ সলনি কৰিব লাগিব । তাৰ পিছত  পৃথিৱীৰ পৰা প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰত থকা  চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ যান খনে কোনো বাধা নাপাব।শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 

কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহুদূৰ আগবাঢ়িব লাগিব। যদি চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰিব পাৰে আৰু তাৰ পিছত লেণ্ড ৰোভাৰ প্ৰজ্ঞানক সঠিকভাৱে গতি কৰাব পাৰে , তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি হ’ব।

 চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰ বিক্ৰমে প্ৰায় ৪০ দিনৰ ব্যৱধানৰ পিছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে বুলি  ইছৰোৱে কয়। যান খনৰ  পৰা সৌৰশক্তিচালিত ৰভাৰ প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰিও প্ৰজ্ঞানে পাৰ হ'ব লগা অঞ্চলটোৰ চন্দ্ৰভূমিত অশোক স্তম্ভ আৰু ইছৰোৰ চিহ্ন অংকন কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস