--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতে  সফলতাৰে মহাকাশলৈ প্ৰেৰণ কৰা চন্দ্ৰযান-৩ যান খনে সঠিক দিশত সঠিক গতিৰে আগুৱাই আছে। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰিছে। সূত্ৰটোৰ মতে যান খনে যেনেদৰে গতি কৰিব লাগিছিল ঠিক তেনেদৰেই গতি কৰি আছে। এনেদৰে গৈ থাকিলে যান খনে আগষ্টমাহৰ শেষৰ পিনে  চন্দ্ৰত অৱতৰণ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।


 ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ইছৰো) ই প্ৰেৰণ কৰা চন্দ্ৰযান-৩-এ  মঙলবাৰে দুপৰীয়া ২ বজাৰ পৰা ৩ বজাৰ ভিতৰত ইয়াৰ কক্ষপথ সলনি কৰুিছে । সেই অনুসৰি, চন্দ্ৰযান-৩-এ ইয়াৰ  তৃতীয় কক্ষপথত প্ৰৱেশ কৰিছে । ইছৰোৱে প্ৰকাশ কৰা মতে চন্দ্ৰযান-৩-এ ২০  জুলাইত ভাৰতীয় সময় মতে আবেলি ২ বজাৰ পৰা ৩  বজাৰ ভিতৰত পুনৰ কক্ষপথ সলনি কৰিব।

চন্দ্ৰযান-৩ -এ  পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিৰ সীমা অতিক্ৰম কৰি চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ ইয়াৰ কক্ষপথ আৰু দুবাৰ সলনি কৰিব লাগিব । তাৰ পিছত  পৃথিৱীৰ পৰা প্ৰায় ৪০০,০০০ কিলোমিটাৰ দূৰত থকা  চন্দ্ৰৰ ফালে আগবাঢ়িবলৈ যান খনে কোনো বাধা নাপাব।শুকুৰবাৰে অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ উৎক্ষেপণ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হৈছিল। 

কিন্তু চূড়ান্ত সফলতাৰ বাবে এতিয়াও বহুদূৰ আগবাঢ়িব লাগিব। যদি চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ দক্ষিণ মেৰুৰ চন্দ্ৰপৃষ্ঠত সফলতাৰে স্পৰ্শ কৰিব পাৰে আৰু তাৰ পিছত লেণ্ড ৰোভাৰ প্ৰজ্ঞানক সঠিকভাৱে গতি কৰাব পাৰে , তেন্তে ভাৰতীয় মহাকাশ অভিযানৰ ইতিহাসত এক নতুন নজিৰ সৃষ্টি হ’ব।

 চন্দ্ৰযান-৩ৰ সৌৰশক্তিচালিত লেণ্ডাৰ বিক্ৰমে প্ৰায় ৪০ দিনৰ ব্যৱধানৰ পিছত ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰাৰ সম্ভাৱনা আছে বুলি  ইছৰোৱে কয়। যান খনৰ  পৰা সৌৰশক্তিচালিত ৰভাৰ প্ৰজ্ঞান ওলাই আহি চন্দ্ৰৰ মাটি স্পৰ্শ কৰিব। ই চন্দ্ৰৰ মাটিৰ চৰিত্ৰ, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতিৰ বিষয়ে তথ্য সংগ্ৰহ কৰিব। ইয়াৰ উপৰিও প্ৰজ্ঞানে পাৰ হ'ব লগা অঞ্চলটোৰ চন্দ্ৰভূমিত অশোক স্তম্ভ আৰু ইছৰোৰ চিহ্ন অংকন কৰিব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু