--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশিষ্ট চিত্ৰ নির্মাতা উৎপল বৰপূজাৰীৰ চুটি ছবি ‘শগুন’ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। তুৰ্কীৰ ইজমিৰ চহৰত অনুষ্ঠিত হ’ব ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱ। বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ একে নামৰ চুটি গল্পটোৰ আধাৰত উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছে ‘শগুন’ নামৰ চুটি ছবিখন।এই ছবিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

অহা ১২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱ তুৰ্কীৰ ঐতিহাসিক উপকূলীয় চহৰত অনুষ্ঠিত হ’ব। এই চুটি ছবিখনত বৰ্তমান যুগৰ সাংবাদিকতাৰ জগতখনক গ্ৰস্ত কৰা দুৰ্নীতি, পক্ষপাত, ভুৱা বাতৰিৰ প্ৰচাৰ আদিক সাৱলীল ৰূপত উত্থাপন কৰা হৈছে। ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো সুন্দৰকৈ তুলি ধৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ‘শগুন’ কেইবাখনো সন্মানীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলতো ‘শগুন’ প্ৰদৰ্শিত হৈছিল। ছবিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল। তদুপৰি, ভাৰতৰ চুটি ছবি আৰু ডকুমেণ্টেৰী চিনেমা মহোৎসৱৰ ভিতৰত অন্যতম থিৰুৱন্তপুৰমৰ ১৩সংখ্যক ছাইনছ ফেষ্টিভেলত ‘শগুন’ প্ৰদৰ্শিত হৈছিল।

আৰু পঢ়কঃ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেৰালাৰ সন্মানীয় চুটি আৰু তথ্যচিত্ৰ মহোৎসৱ ১৪তম চাইনচ্ (Signs)-ত উচ্চ প্ৰশংসা অৰ্জন কৰিছে এই চুটি ছবিখনে। বাডুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰাৰ আগিয়া অঞ্চলত ‘শগুন’ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। ‘শগুন’-এ পুনৰ এটা ভাল খবৰ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ লগত জড়িত সমূহ কলা-কুশলী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু