--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বিশিষ্ট চিত্ৰ নির্মাতা উৎপল বৰপূজাৰীৰ চুটি ছবি ‘শগুন’ ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত হৈছে। তুৰ্কীৰ ইজমিৰ চহৰত অনুষ্ঠিত হ’ব ইন্টাৰনেশ্যনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱ। বিশিষ্ট গল্পকাৰ মনোজ কুমাৰ গোস্বামীৰ একে নামৰ চুটি গল্পটোৰ আধাৰত উৎপল বৰপূজাৰীয়ে নিৰ্মাণ কৰিছে ‘শগুন’ নামৰ চুটি ছবিখন।এই ছবিখন আইএফটি ইণ্ডিয়াই প্ৰযোজনা কৰিছে।

অহা ১২ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈকে ইণ্টাৰনেচনেল চিলড্ৰেনছ ৰাইটছ চলচ্চিত্ৰ মহোৎসৱ তুৰ্কীৰ ঐতিহাসিক উপকূলীয় চহৰত অনুষ্ঠিত হ’ব। এই চুটি ছবিখনত বৰ্তমান যুগৰ সাংবাদিকতাৰ জগতখনক গ্ৰস্ত কৰা দুৰ্নীতি, পক্ষপাত, ভুৱা বাতৰিৰ প্ৰচাৰ আদিক সাৱলীল ৰূপত উত্থাপন কৰা হৈছে। ৰাজনৈতিক আৰু কৰ্প’ৰেট হাউচসমূহৰ প্ৰভাৱ- ইত্যাদিকো সুন্দৰকৈ তুলি ধৰা হৈছে। উল্লেখ্য যে ইয়াৰ পূৰ্বে ‘শগুন’ কেইবাখনো সন্মানীয় চুটি ছবি মহোৎসৱত প্ৰদৰ্শিত হৈছে।

২১সংখ্যক নিউয়ৰ্ক ইণ্ডিয়ান ফিল্ম ফেষ্টিভেলতো ‘শগুন’ প্ৰদৰ্শিত হৈছিল। ছবিখনে গুৱাহাটী চিনে ক্লাবে আয়োজন কৰা ১৩সংখ্যক গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ চুটি ছবিৰ শিতানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছিল। তদুপৰি, ভাৰতৰ চুটি ছবি আৰু ডকুমেণ্টেৰী চিনেমা মহোৎসৱৰ ভিতৰত অন্যতম থিৰুৱন্তপুৰমৰ ১৩সংখ্যক ছাইনছ ফেষ্টিভেলত ‘শগুন’ প্ৰদৰ্শিত হৈছিল।

আৰু পঢ়কঃ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

কেৰালাৰ সন্মানীয় চুটি আৰু তথ্যচিত্ৰ মহোৎসৱ ১৪তম চাইনচ্ (Signs)-ত উচ্চ প্ৰশংসা অৰ্জন কৰিছে এই চুটি ছবিখনে। বাডুংডুপ্পা কলা কেন্দ্ৰৰ সহযোগত গোৱালপাৰাৰ আগিয়া অঞ্চলত ‘শগুন’ৰ দৃশ্যগ্ৰহণ কৰা হৈছিল। ‘শগুন’-এ পুনৰ এটা ভাল খবৰ কঢ়িয়াই অনাত উৎফুল্লিত হৈ পৰিছে ছবিখনৰ লগত জড়িত সমূহ কলা-কুশলী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ