--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অক্ষয় কুমাৰৰ গালত কেটৰিনাৰ প্ৰচণ্ড চৰ। এই চৰৰ চৰ্চাই এতিয়া কঁপাই তুলিছে বলীউড। বলীউডৰ অতি ব্যস্ত আৰু আটাইতকৈ নিয়মনিষ্ঠ তাৰকা বুলি খ্যাতি অৰ্জন কৰা অক্ষয় কুমাৰৰ গালত প্ৰচণ্ড চৰ শোধাই মোহময়ী কেটৰিনাই কিহৰ পোটক তুলিলে তাকে লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে। এই চৰ খাই খিলাড়ী অক্ষয়েনো কি কৰিছিল সেয়াও জানিব বিচাৰিছে তাৰকা দুগৰাকীৰ অনুৰাগীসকলে। পিছে চৰ খাবলগীয়া কি কাম কৰিলে অক্ষয়ে, কিয় মুখ খুলিবলগীয়া হ’ল কেট সুন্দৰীয়ে? সেই কথা জানিবলৈ মাত্ৰ কেইটামান ক্ষণ আপুনি অপেক্ষা কৰিব লাগিব। তাৰ আগেয়ে আন এটা প্ৰসংগলৈ আহিছোঁ।

অক্ষয় কুমাৰ কেটৰিনা কাঈফ অভিনীত বহু চৰ্চিত ছবি সূৰ্যবংশীয়ে আজি (৫নৱেম্বৰ) মুক্তি লাভ কৰিলে। মুম্বাইৰ সন্ত্ৰাসবাদবিৰোধী অভিযানৰ এটা চাঞ্চল্যকৰ কাহিনীৰে এই ছবি নিৰ্মিত হৈছে। ছবিখনত নিগেটিভ চৰিত্ৰত অভিনয় কৰা গুলচন গ্ৰোভাৰৰ এটা টুইটে এতিয়া খলকনি তুলিছে। গুলছন গ্ৰোভাৰে টুইটযোগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। ‘সূৰ্যবংশী’ৰ ছেটত ধোনীৰে উঠা আলোকচিত্ৰ প্ৰচাৰ কৰি গ্ৰোভাৰে নিজেই প্ৰশ্ন কৰিছে ধোনীয়ে ‘সূৰ্যবংশী’ত অভিনয় কৰিছে নেকি? তেওঁ পিছে এই ৰহস্যৰ ভেদ ভাঙি দিয়া নাই। ‘সূৰ্যবংশী’ৰ ছেটত ধোনীৰ উপস্থিতক লৈও এতিয়া তুমুল চৰ্চা চলিছে। উল্লেখ্য যে, ৬৬খন দেশত ১৩০০ স্ক্ৰীণত সূৰ্যবংশীক মুক্তি দিয়াৰ লগতে একাধিক অ’টিটি প্লেটফৰ্মতো ৰিলিজ হ’ব সূৰ্যবংশী। এতিয়া ছবিখনত মহেন্দ্ৰ সিং ধোনীৰ ভূমিকা কি সেই লৈ প্ৰশ্নৰ উদ্ৰেগ হৈছে তেওঁৰ অনুৰাগীসকলৰ মনত। ধোনীয়ে ছবিখনত অতিথি শিল্পীৰ ভূমিকাত অৱতীৰ্ণ হৈছে নেকি সেই প্ৰশ্নৰ উত্তৰ পাবলৈ আপুনি সূৰ্যবংশী চাব লাগিব। এতিয়া পুনৰ আহিছোঁ কেটৰিনাৰ চৰৰ প্ৰসংগলৈ।

এবাৰ নহয় দুবাৰকৈ চৰিয়াই কেটৰিনাই গাল ৰঙা কৰি দিছিল অক্ষয় কুমাৰৰ। এই বিষয়ে নিজেই কৈছে কেটৰিনাই। প্ৰথমে অক্ষয়ে কেটৰিনাৰ চৰ খাইছিল ‘ৱেলকাম’ ছবিত। এই চৰটো মাৰিবলৈ গৈ কেটৰিনাৰ হাত বাৰে বাৰে কঁপিছিল। তেওঁৰ সুকোমল হাতে অক্ষয়ৰ গাল স্পৰ্শ কৰিছিল ঠিকেই কিন্তু সেই স্পৰ্শই চৰৰ ৰূপ লোৱা নাছিল। সেয়া তেওঁৰ তুলাৰ দৰে কোমল হাতৰ মৰমৰ বুলনি হৈ পৰিছিল অক্ষয়ৰ গালত। বাৰে বাৰে ৰিটেক কৰাৰ পাছত অক্ষয় ইমানেই অতীষ্ঠ হৈ পৰিছিল যে তেওঁ খঙতে চিঞৰি উঠিছিল, ‘হোৱাট আৰ ইউ ডুয়িং, স্লেপ মি হাৰ্ড…’। অক্ষয়ৰ গালি খাই কেটৰিনাই ইমানেই নাৰ্ভাছ হৈ পৰিছিল যে, তেওঁ তৎক্ষণাত তীব্ৰ চৰ শোধাই দিছিল অক্ষয়ৰ গালত। লগে লগে সমগ্ৰ ছেট স্তব্ধ হৈ পৰিছিল। কিন্তু অৱশেষত দৃশ্যটো সম্পূৰ্ণ হৈছিল। এইবাৰ সূৰ্যবংশীতো অক্ষয়ে খাবলগীয়া হ’ল কেটৰিনাৰ চৰ। এইবাৰ পিছে এবাৰতে চৰৰ দৃশ্য ৰূপায়ন কৰিলে কেটৰিনাই। অক্ষয়ৰ গালত চৰ শোধোৱাত এতিয়া সিদ্ধহস্ত কেটৰিনা। এইকথা ‘দ্য কপিল শৰ্মা শ্ব’’ত নিজেই সদৰি কৰিলে কেটৰিনাই। এতিয়া কেটৰিনাৰ চৰ-ভুকু খাই অক্ষয়ে তেওঁৰ এই নতুন ছবিখন হিট কৰিব পাৰে নে নাই সেয়া সোনকালেই স্পষ্ট হৈ পৰিব।

‘সূৰ্যবংশী’ত অতিথি শিল্পীৰ ৰূপত অভিনয় কৰিছে অজয় দেৱগন আৰু ৰণবীৰ সিঙেও। দুয়ো সিংঘম আৰু ছিম্বাৰ ৰূপতে ছবিখনত ভুমুকি মাৰিছে। এতিয়া সূৰ্যবংশীত ধোনীৰ ভূমিকা কি তথা তেওঁ কিদৰে গৈ সূৰ্যবংশীৰ ছেট পালেগৈ সেই খুদুৱনি মাৰ নিয়াবলৈ ছবিখন চোৱাৰ গত্যন্তৰ নাই। ৰোহিত ছেট্টীৰ এই ছবিয়ে আপোনাক নিৰাশ নকৰিব বুলিয়েই মনে ধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ