--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : অক্ষয় কুমাৰৰ গালত কেটৰিনাৰ প্ৰচণ্ড চৰ। এই চৰৰ চৰ্চাই এতিয়া কঁপাই তুলিছে বলীউড। বলীউডৰ অতি ব্যস্ত আৰু আটাইতকৈ নিয়মনিষ্ঠ তাৰকা বুলি খ্যাতি অৰ্জন কৰা অক্ষয় কুমাৰৰ গালত প্ৰচণ্ড চৰ শোধাই মোহময়ী কেটৰিনাই কিহৰ পোটক তুলিলে তাকে লৈ এতিয়া তীব্ৰ চৰ্চা চলিছে। এই চৰ খাই খিলাড়ী অক্ষয়েনো কি কৰিছিল সেয়াও জানিব বিচাৰিছে তাৰকা দুগৰাকীৰ অনুৰাগীসকলে। পিছে চৰ খাবলগীয়া কি কাম কৰিলে অক্ষয়ে, কিয় মুখ খুলিবলগীয়া হ’ল কেট সুন্দৰীয়ে? সেই কথা জানিবলৈ মাত্ৰ কেইটামান ক্ষণ আপুনি অপেক্ষা কৰিব লাগিব। তাৰ আগেয়ে আন এটা প্ৰসংগলৈ আহিছোঁ।

অক্ষয় কুমাৰ কেটৰিনা কাঈফ অভিনীত বহু চৰ্চিত ছবি সূৰ্যবংশীয়ে আজি (৫নৱেম্বৰ) মুক্তি লাভ কৰিলে। মুম্বাইৰ সন্ত্ৰাসবাদবিৰোধী অভিযানৰ এটা চাঞ্চল্যকৰ কাহিনীৰে এই ছবি নিৰ্মিত হৈছে। ছবিখনত নিগেটিভ চৰিত্ৰত অভিনয় কৰা গুলচন গ্ৰোভাৰৰ এটা টুইটে এতিয়া খলকনি তুলিছে। গুলছন গ্ৰোভাৰে টুইটযোগে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আলোকচিত্ৰ প্ৰকাশ কৰিছে। ‘সূৰ্যবংশী’ৰ ছেটত ধোনীৰে উঠা আলোকচিত্ৰ প্ৰচাৰ কৰি গ্ৰোভাৰে নিজেই প্ৰশ্ন কৰিছে ধোনীয়ে ‘সূৰ্যবংশী’ত অভিনয় কৰিছে নেকি? তেওঁ পিছে এই ৰহস্যৰ ভেদ ভাঙি দিয়া নাই। ‘সূৰ্যবংশী’ৰ ছেটত ধোনীৰ উপস্থিতক লৈও এতিয়া তুমুল চৰ্চা চলিছে। উল্লেখ্য যে, ৬৬খন দেশত ১৩০০ স্ক্ৰীণত সূৰ্যবংশীক মুক্তি দিয়াৰ লগতে একাধিক অ’টিটি প্লেটফৰ্মতো ৰিলিজ হ’ব সূৰ্যবংশী। এতিয়া ছবিখনত মহেন্দ্ৰ সিং ধোনীৰ ভূমিকা কি সেই লৈ প্ৰশ্নৰ উদ্ৰেগ হৈছে তেওঁৰ অনুৰাগীসকলৰ মনত। ধোনীয়ে ছবিখনত অতিথি শিল্পীৰ ভূমিকাত অৱতীৰ্ণ হৈছে নেকি সেই প্ৰশ্নৰ উত্তৰ পাবলৈ আপুনি সূৰ্যবংশী চাব লাগিব। এতিয়া পুনৰ আহিছোঁ কেটৰিনাৰ চৰৰ প্ৰসংগলৈ।

এবাৰ নহয় দুবাৰকৈ চৰিয়াই কেটৰিনাই গাল ৰঙা কৰি দিছিল অক্ষয় কুমাৰৰ। এই বিষয়ে নিজেই কৈছে কেটৰিনাই। প্ৰথমে অক্ষয়ে কেটৰিনাৰ চৰ খাইছিল ‘ৱেলকাম’ ছবিত। এই চৰটো মাৰিবলৈ গৈ কেটৰিনাৰ হাত বাৰে বাৰে কঁপিছিল। তেওঁৰ সুকোমল হাতে অক্ষয়ৰ গাল স্পৰ্শ কৰিছিল ঠিকেই কিন্তু সেই স্পৰ্শই চৰৰ ৰূপ লোৱা নাছিল। সেয়া তেওঁৰ তুলাৰ দৰে কোমল হাতৰ মৰমৰ বুলনি হৈ পৰিছিল অক্ষয়ৰ গালত। বাৰে বাৰে ৰিটেক কৰাৰ পাছত অক্ষয় ইমানেই অতীষ্ঠ হৈ পৰিছিল যে তেওঁ খঙতে চিঞৰি উঠিছিল, ‘হোৱাট আৰ ইউ ডুয়িং, স্লেপ মি হাৰ্ড…’। অক্ষয়ৰ গালি খাই কেটৰিনাই ইমানেই নাৰ্ভাছ হৈ পৰিছিল যে, তেওঁ তৎক্ষণাত তীব্ৰ চৰ শোধাই দিছিল অক্ষয়ৰ গালত। লগে লগে সমগ্ৰ ছেট স্তব্ধ হৈ পৰিছিল। কিন্তু অৱশেষত দৃশ্যটো সম্পূৰ্ণ হৈছিল। এইবাৰ সূৰ্যবংশীতো অক্ষয়ে খাবলগীয়া হ’ল কেটৰিনাৰ চৰ। এইবাৰ পিছে এবাৰতে চৰৰ দৃশ্য ৰূপায়ন কৰিলে কেটৰিনাই। অক্ষয়ৰ গালত চৰ শোধোৱাত এতিয়া সিদ্ধহস্ত কেটৰিনা। এইকথা ‘দ্য কপিল শৰ্মা শ্ব’’ত নিজেই সদৰি কৰিলে কেটৰিনাই। এতিয়া কেটৰিনাৰ চৰ-ভুকু খাই অক্ষয়ে তেওঁৰ এই নতুন ছবিখন হিট কৰিব পাৰে নে নাই সেয়া সোনকালেই স্পষ্ট হৈ পৰিব।

‘সূৰ্যবংশী’ত অতিথি শিল্পীৰ ৰূপত অভিনয় কৰিছে অজয় দেৱগন আৰু ৰণবীৰ সিঙেও। দুয়ো সিংঘম আৰু ছিম্বাৰ ৰূপতে ছবিখনত ভুমুকি মাৰিছে। এতিয়া সূৰ্যবংশীত ধোনীৰ ভূমিকা কি তথা তেওঁ কিদৰে গৈ সূৰ্যবংশীৰ ছেট পালেগৈ সেই খুদুৱনি মাৰ নিয়াবলৈ ছবিখন চোৱাৰ গত্যন্তৰ নাই। ৰোহিত ছেট্টীৰ এই ছবিয়ে আপোনাক নিৰাশ নকৰিব বুলিয়েই মনে ধৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু