--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সংগীতৰ যাদুৰে মোহাচ্ছন্ন কৰিবলৈ অসমলৈ আহি আছে বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়াল। জুবিন নটিয়াল সাম্প্ৰতিক সময়ৰ অতি জনপ্ৰিয় কণ্ঠশিল্পী। বলীউডক তেওঁ উপহাৰ দিছে বহু হিট হিট গান। অহা ১৯ নৱেম্বৰৰ পৰা ডিমা হাচাও জিলাৰ উমৰাংছুত দুদিনীয়াকৈ অনুষ্ঠিত হ’ব ফালকন ফেষ্টিভেল। ফালকন ফেষ্টিভেল হৈছে এক বাৰ্ষিক অনুষ্ঠান। এই অনুষ্ঠানৰ সাংস্কৃতিক সন্ধিয়াত সংগীতানুষ্ঠান প্ৰদৰ্শন কৰিব বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন নটিয়ালে। ফালকন ফেষ্টিভেলৰ মুখ্য আকৰ্ষণ কণ্ঠশিল্পী জুবিন।

জুবিন নটিয়াল

উল্লেখ্য যে এই ফেষ্টিভেলৰ মুখ্য উদ্দেশ্য হৈছে আটাইতকৈ দীঘলীয়া ভ্ৰমণকাৰী পৰিভ্ৰমী চৰাই আমুৰ ফালকনৰ বিষয়ে জনসাধাৰণৰ মাজত এক সজাগতা সৃষ্টি কৰা। এই পক্ষীবিধ প্ৰতিবছৰে অক্টোবৰৰ শেষ সপ্তাহত বা নৱেম্বৰৰ প্ৰথম সপ্তাহত অসমলৈ আহে।বিশেষকৈ আহে ডিমা হাচাওলৈ। এই আলহী চৰাইবিধক বহুতে খাদ্য বা খেল আৰু ধেমালিৰ বাবে হত্যা কৰে।

ফেলকন চৰাই

আৰু পঢ়কঃ বিশ্বৰ জনপ্ৰিয় নেতাৰ শীৰ্ষৰ আসনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

এয়াৰ গান বা বাটলু গুটি ব্যৱহাৰ কৰি ফালকন চৰাইক হত্যা কৰে কিছুমান অবিবেচক লোকে। কিন্তু বিভিন্ন বেচৰকাৰী সংগঠন আৰু বন বিভাগৰ অত্যন্ত প্ৰচেষ্টাত এই সন্দৰ্ভত সজাগতা সৃষ্টি কৰি পক্ষী হত্যা ৰোধ কৰা হৈছে।

অসমৰ আকাশত ফেলকন চৰাই

ফালকন চৰাই যাতে কেতিয়াও কোনো কাৰণত হত্যাৰ বলি নহয় তাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ এই ফেষ্টিভেল অনুষ্ঠিত কৰি আহিছে ফালকন ফেষ্টিভেল উদযাপন সমিতিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ