--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি শিশুসকলে অতি কম বয়সতে মোবাইল আৰু ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ পৰিছে। এনে অৱস্থাত অভিভাৱকসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। ডিজিটেল যুগত যি ধৰণৰ পৰিৱৰ্তন ঘটিছে, সেই ক্ষেত্ৰত সন্তানক সঠিকভাৱে ডাঙৰ-দীঘল কৰাটোৱেই হৈছে অভিভাৱকৰ বাবে আটাইতকৈ ডাঙৰ কাম। শিশুৱে কম বয়সতে ভুল দিশে যাতে ধাৱমান নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে। কাৰণ ডিজিটেল যুগত কেনেকৈ নিজৰ সন্তানক সুৰক্ষিত কৰি ৰাখিব পাৰি বা মোবাইলৰ পৰা কেনেকৈ দূৰত্ব বজাই ৰাখিব পাৰি, অভিভাৱকৰ মনত এনে বহু প্ৰশ্ন আহি পৰিছে। সেয়েহে ডিজিটেল যুগত অভিভাৱকত্বৰ কেইটামান বিশেষ টিপছ জানো আহক।

 ১. গালি-গালাজ নকৰিব-

যদি আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে। মোবাইলত ঘন্টা ঘণ্টা ধৰি সময় পাৰ কৰে, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খং বা গালি-গালাজে অনুশাসনৰ পাঠ শিকাব নোৱাৰে। সেয়ে শিশুক গালি-গালাজ বা ধমকি দিয়াৰ পৰা বিৰত থাকক। কাৰণ এনে কৰিলে শিশু খিংখিঙিয়া হৈ উঠে। আৰু কথাবোৰ মাক-দেউতাকৰ পৰা নিজৰ কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে। সেয়ে এনে অৱস্থাত শিশুৰ লগত মৰমেৰে কথা পাতক আৰু তেওঁলোকে কি কৰা উচিত ভালদৰে বুজাই দিয়ক।

২. সন্তানক সৰু সৰু কামৰ অংশ কৰি লওক-

যদি শিশুক মোবাইলৰ পৰা আঁতৰাই ৰাখিব বিচাৰে, তেন্তে ঘৰৰ সৰু সৰু কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰক। যেতিয়া তেওঁলোক এই ধৰণৰ কামৰ অংশ হৈ পৰে তেতিয়া তেওঁলোকৰ মনটো মোবাইল পৰা আঁতৰি যায়। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকো পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ। এনেদৰে তেওঁলোকে বেছিভাগ সময় পৰিয়ালৰ সদস্য আৰু অন্যান্য বস্তুৰ লগত কটায় আৰু মোবাইলৰ পৰা আঁতৰি থাকে।

৩. শুনি ল'ৰা-ছোৱালীক সকলো কথা বুজাই দিয়ক

আজিকালি বহু ঘণ্টা ইণ্টাৰনেটত কটোৱাৰ পাছত বহু শিশুৱে চাইবাৰ বুলিং আৰু চাইবাৰ হাৰাশাস্তিৰ দৰে সমস্যাৰ প্ৰতিদিনে সন্মুখীন হৈ আহিছে। এনে অৱস্থাত যেতিয়াই আপুনি সন্তানৰ কথা শুনিব তেতিয়াই তেওঁলোকে আপোনাৰ লগত মনৰ অনুভৱ ভাগ কৰিব পাৰিব। যদি আপুনি তেওঁলোকৰ কথা নুশুনিলে তেওঁলোকে নিজকে অকলশৰীয়া অনুভৱ কৰিব। গতিকে প্ৰতিদিনে শিশুৰ লগত কথা পাতক, তেওঁলোকৰ সমস্যাবোৰ শুনক আৰু সেইবোৰ সমাধান সূত্ৰ আগবঢ়াওক, এনে কৰাৰ ফল সন্তানৰ আত্মবিশ্বাস বাঢ়িব।

৪. শাস্তি দিলেও যাতে তেওঁলোকে আঘাত নাপায়-

যদি শিশুটিয়ে আপোনাৰ কথা নুশুনে। বেছিভাগ সময় মোবাইলৰ সৈতে থাকে আৰু আপোনাৰ অনুশাসন ভংগ কৰে। তেন্তে যিকোনো সময়তে তেওঁলোকে শাস্তি পৰা বিৰত থাকক। মাক-দেউতাকক ভয় খাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক মিছা কথা কবলৈ ধৰে। গতিকে যেতিয়াই শিশুক শাস্তি দিব লাগিব তেতিয়াই এনে শাস্তি বাছি লওক, যাতে তেওঁলোকে আঘাত নাপায়। শাস্তি হিচাপে লৈ যাব পাৰে তেওঁলোকৰ গেজেট, মোবাইল। যিহেতু তেওঁ এই গেজেটবোৰৰ প্ৰতি ইমানেই প্ৰেমত পৰিছে, গতিকে তেওঁ ইয়াক হেৰুৱাব নিবিচাৰিব আৰু আপোনাৰ বস্তু হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী