--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আজিকালি শিশুসকলে অতি কম বয়সতে মোবাইল আৰু ইণ্টাৰনেটৰ প্ৰতি আসক্ত হৈ পৰিছে। এনে অৱস্থাত অভিভাৱকসকলৰ বাবে ডাঙৰ প্ৰত্যাহ্বান আহি পৰিছে। ডিজিটেল যুগত যি ধৰণৰ পৰিৱৰ্তন ঘটিছে, সেই ক্ষেত্ৰত সন্তানক সঠিকভাৱে ডাঙৰ-দীঘল কৰাটোৱেই হৈছে অভিভাৱকৰ বাবে আটাইতকৈ ডাঙৰ কাম। শিশুৱে কম বয়সতে ভুল দিশে যাতে ধাৱমান নহয়, তাৰ প্ৰতি বিশেষ মনোযোগ দিয়াৰ প্ৰয়োজন আহি পৰিছে। কাৰণ ডিজিটেল যুগত কেনেকৈ নিজৰ সন্তানক সুৰক্ষিত কৰি ৰাখিব পাৰি বা মোবাইলৰ পৰা কেনেকৈ দূৰত্ব বজাই ৰাখিব পাৰি, অভিভাৱকৰ মনত এনে বহু প্ৰশ্ন আহি পৰিছে। সেয়েহে ডিজিটেল যুগত অভিভাৱকত্বৰ কেইটামান বিশেষ টিপছ জানো আহক।

 ১. গালি-গালাজ নকৰিব-

যদি আপোনাৰ সন্তানে আপোনাৰ কথা নুশুনে। মোবাইলত ঘন্টা ঘণ্টা ধৰি সময় পাৰ কৰে, এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত খং বা গালি-গালাজে অনুশাসনৰ পাঠ শিকাব নোৱাৰে। সেয়ে শিশুক গালি-গালাজ বা ধমকি দিয়াৰ পৰা বিৰত থাকক। কাৰণ এনে কৰিলে শিশু খিংখিঙিয়া হৈ উঠে। আৰু কথাবোৰ মাক-দেউতাকৰ পৰা নিজৰ কথাবোৰ লুকুৱাবলৈ আৰম্ভ কৰে। সেয়ে এনে অৱস্থাত শিশুৰ লগত মৰমেৰে কথা পাতক আৰু তেওঁলোকে কি কৰা উচিত ভালদৰে বুজাই দিয়ক।

২. সন্তানক সৰু সৰু কামৰ অংশ কৰি লওক-

যদি শিশুক মোবাইলৰ পৰা আঁতৰাই ৰাখিব বিচাৰে, তেন্তে ঘৰৰ সৰু সৰু কামত নিয়োজিত কৰিবলৈ চেষ্টা কৰক। যেতিয়া তেওঁলোক এই ধৰণৰ কামৰ অংশ হৈ পৰে তেতিয়া তেওঁলোকৰ মনটো মোবাইল পৰা আঁতৰি যায়। তেওঁলোকে অনুভৱ কৰে যে তেওঁলোকো পৰিয়ালৰ বাবে গুৰুত্বপূৰ্ণ। এনেদৰে তেওঁলোকে বেছিভাগ সময় পৰিয়ালৰ সদস্য আৰু অন্যান্য বস্তুৰ লগত কটায় আৰু মোবাইলৰ পৰা আঁতৰি থাকে।

৩. শুনি ল'ৰা-ছোৱালীক সকলো কথা বুজাই দিয়ক

আজিকালি বহু ঘণ্টা ইণ্টাৰনেটত কটোৱাৰ পাছত বহু শিশুৱে চাইবাৰ বুলিং আৰু চাইবাৰ হাৰাশাস্তিৰ দৰে সমস্যাৰ প্ৰতিদিনে সন্মুখীন হৈ আহিছে। এনে অৱস্থাত যেতিয়াই আপুনি সন্তানৰ কথা শুনিব তেতিয়াই তেওঁলোকে আপোনাৰ লগত মনৰ অনুভৱ ভাগ কৰিব পাৰিব। যদি আপুনি তেওঁলোকৰ কথা নুশুনিলে তেওঁলোকে নিজকে অকলশৰীয়া অনুভৱ কৰিব। গতিকে প্ৰতিদিনে শিশুৰ লগত কথা পাতক, তেওঁলোকৰ সমস্যাবোৰ শুনক আৰু সেইবোৰ সমাধান সূত্ৰ আগবঢ়াওক, এনে কৰাৰ ফল সন্তানৰ আত্মবিশ্বাস বাঢ়িব।

৪. শাস্তি দিলেও যাতে তেওঁলোকে আঘাত নাপায়-

যদি শিশুটিয়ে আপোনাৰ কথা নুশুনে। বেছিভাগ সময় মোবাইলৰ সৈতে থাকে আৰু আপোনাৰ অনুশাসন ভংগ কৰে। তেন্তে যিকোনো সময়তে তেওঁলোকে শাস্তি পৰা বিৰত থাকক। মাক-দেউতাকক ভয় খাবলৈ আৰম্ভ কৰে আৰু তেওঁলোকক মিছা কথা ক’বলৈ ধৰে। গতিকে যেতিয়াই শিশুক শাস্তি দিব লাগিব তেতিয়াই এনে শাস্তি বাছি লওক, যাতে তেওঁলোকে আঘাত নাপায়। শাস্তি হিচাপে লৈ যাব পাৰে তেওঁলোকৰ গেজেট, মোবাইল। যিহেতু তেওঁ এই গেজেটবোৰৰ প্ৰতি ইমানেই প্ৰেমত পৰিছে, গতিকে তেওঁ ইয়াক হেৰুৱাব নিবিচাৰিব আৰু আপোনাৰ বস্তু হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু