--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শেহতীয়াকৈ অসমত অসম চৰকাৰে গ্ৰহণ কৰা দুটা সিদ্ধান্তই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰথমটো আছিল অসম চৰকাৰৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাদ দিয়া প্ৰসংগ৷ আৰু, দ্বিতীয়টো হ’ল প্ৰতিটো সমষ্টিতে একোখনকৈ CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত৷ এই দুটা সিদ্ধান্তই অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ প্ৰতি বিপদ ঘনীভূত কৰিব বুলি ৰাজ্যৰ বিদ্বৎ মহলে আশংকা প্ৰকাশ কৰিছে৷ এনে সময়তে অসমীয়া ভাষালৈ আহিছে এক সুখবৰ কঢ়িয়াই আনিছে এটা অনলাইন প্ৰতিষ্ঠান ডেইলীহাণ্ট-এ৷

ডেইলীহাণ্ট হৈছে বাংগালুৰুস্থিত ভাৰতীয় সমল আৰু নিউজ এপ, যিয়ে একাধিক সমল প্ৰদানকাৰীৰ পৰা ১৪টা ভাৰতীয় ভাষাত স্থানীয় ভাষাৰ সমল প্ৰদান কৰে৷ শেহতীয়াকৈ, ডেইলীহাণ্ট-এ তেওঁলোকৰ এপত ১৫ সংখ্যক ভাষা হিচাপে অসমীয়া ভাষাক সংলগ্ন কৰিছে৷ দেশৰ নেইটিজেনৰ মাজত ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যৰে এপটোৰ এই নতুন সংযোজনে অসমীয়া ভাষাত সমল বিচৰা লোকসকলৰ চাহিদা বহুলাংশে দূৰ কৰিব৷ উল্লেখৰ প্ৰয়োজন, এই কণ্টেণ্ট এপটোৱে ইতিমধ্যে মাৰাঠী, গুজৰাটী, তামিল, ভোজপুৰী ইত্যাদি স্থানীয় ভাষাত সেৱা আগবঢ়াই আহিছে৷ এই বৰ্ষৰ প্ৰাৰম্ভতে পৰীক্ষামূলকভাৱে ডেইলীহাণ্টত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰোৱা হৈছিল আৰু কম সময়ৰ ভিতৰত ই জনপ্ৰিয় হৈ উঠিছিল৷ ডেইলীহাণ্টৰ তথ্য অনুসৰি, দৈনিক সক্ৰিয় ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ বিকাশৰ হাৰ হৈছে ৭৩ শতাংশ৷ অনলাইন জগতত অসমীয়া ভাষাৰ এনে জয়যাত্ৰাই অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ লগতে ভাষাটোৰ চৰ্চা আৰু বিকাশৰ ক্ষেত্ৰত ই সহায়ক হোৱাৰ আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম