--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: শেহতীয়াকৈ অসমত অসম চৰকাৰে গ্ৰহণ কৰা দুটা সিদ্ধান্তই ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ প্ৰথমটো আছিল অসম চৰকাৰৰ কেবিনেটে অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষাৰ পৰা বাধ্যতামূলক অসমীয়া ভাষাৰ প্ৰশ্নকাকত বাদ দিয়া প্ৰসংগ৷ আৰু, দ্বিতীয়টো হ’ল প্ৰতিটো সমষ্টিতে একোখনকৈ CBSEৰ অধীনত ইংৰাজী মাধ্যমৰ বিদ্যালয় স্থাপনৰ সিদ্ধান্ত৷ এই দুটা সিদ্ধান্তই অসমীয়া ভাষা আৰু অসমীয়া মাধ্যমৰ প্ৰতি বিপদ ঘনীভূত কৰিব বুলি ৰাজ্যৰ বিদ্বৎ মহলে আশংকা প্ৰকাশ কৰিছে৷ এনে সময়তে অসমীয়া ভাষালৈ আহিছে এক সুখবৰ কঢ়িয়াই আনিছে এটা অনলাইন প্ৰতিষ্ঠান ডেইলীহাণ্ট-এ৷

ডেইলীহাণ্ট হৈছে বাংগালুৰুস্থিত ভাৰতীয় সমল আৰু নিউজ এপ, যিয়ে একাধিক সমল প্ৰদানকাৰীৰ পৰা ১৪টা ভাৰতীয় ভাষাত স্থানীয় ভাষাৰ সমল প্ৰদান কৰে৷ শেহতীয়াকৈ, ডেইলীহাণ্ট-এ তেওঁলোকৰ এপত ১৫ সংখ্যক ভাষা হিচাপে অসমীয়া ভাষাক সংলগ্ন কৰিছে৷ দেশৰ নেইটিজেনৰ মাজত ব্যৱধান দূৰ কৰাৰ উদ্দেশ্যৰে এপটোৰ এই নতুন সংযোজনে অসমীয়া ভাষাত সমল বিচৰা লোকসকলৰ চাহিদা বহুলাংশে দূৰ কৰিব৷ উল্লেখৰ প্ৰয়োজন, এই কণ্টেণ্ট এপটোৱে ইতিমধ্যে মাৰাঠী, গুজৰাটী, তামিল, ভোজপুৰী ইত্যাদি স্থানীয় ভাষাত সেৱা আগবঢ়াই আহিছে৷ এই বৰ্ষৰ প্ৰাৰম্ভতে পৰীক্ষামূলকভাৱে ডেইলীহাণ্টত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰোৱা হৈছিল আৰু কম সময়ৰ ভিতৰত ই জনপ্ৰিয় হৈ উঠিছিল৷ ডেইলীহাণ্টৰ তথ্য অনুসৰি, দৈনিক সক্ৰিয় ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত অসমীয়া ভাষাৰ বিকাশৰ হাৰ হৈছে ৭৩ শতাংশ৷ অনলাইন জগতত অসমীয়া ভাষাৰ এনে জয়যাত্ৰাই অসমীয়া ভাষাৰ বিশ্বমুখী যাত্ৰাক অধিক ত্বৰান্বিত কৰাৰ লগতে ভাষাটোৰ চৰ্চা আৰু বিকাশৰ ক্ষেত্ৰত ই সহায়ক হোৱাৰ আশা কৰা হৈছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা