--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ ৰিপুণ বৰাৰ কংগ্ৰেছ ত্যাগ আৰু তৃণমূল কংগ্ৰেছত যোগদান ৰাজ্যৰ ৰাজনীতিৰ বাবে আকস্মিক হ’লেও অপ্ৰত্যাশিত পৰিঘটনা নাছিল। ৰাজনীতিৰ পথাৰত আনকি দলৰ মজিয়াত কংগ্ৰেছ নেতাগৰাকীৰ স্থিতি ক্ৰমাৎ থৰক-বৰক হৈ পৰাটো স্পষ্ট হৈ পৰিছিল। যাৰ পৰিপ্ৰেক্ষিততে তেওঁ কংগ্ৰেছ এৰাটো প্ৰায় অৱধাৰিত হৈ পৰিছিল। এইবাৰ ৰাজ্যসভা নিৰ্বাচনত জয়ী হোৱা হ’লে তেওঁৰ সিদ্ধান্ত কি হ’লহেঁতেন সেয়া অনুমান কৰিব পৰাটো সম্ভৱ নহয় যদিও ৰাজ্যৰ ৰাজনীতিত তেওঁৰ ভেটি খহি উচন হোৱাটো স্পষ্ট হৈ পৰিছিল।

সেইবাবে কংগ্ৰেছ দলে তেওঁৰ দলত্যাগক এক প্ৰত্যাহ্বান হিচাপে গ্ৰহণ কৰি আগবঢ়াৰ পৰিকল্পনা কৰিছে। গহপুৰত ৰিপুণ বৰাৰ বিকল্প কি বা কোন হ’ব তাক লৈ এতিয়াৰ পৰাই তৎপৰতাৰে পদক্ষেপ গ্ৰহণ কৰিছে কংগ্ৰেছ দলে। গহপুৰত ৰিপুণ বৰাৰ স্থান অধিকাৰ কৰি পৰৱৰ্তী সময়ত নিৰ্বাচনত অৱতীৰ্ণ হ’ব পৰাকৈ নেতা নিৰ্মাণৰ পদক্ষেপ এতিয়াৰে পৰা আৰম্ভ কৰিছে দলটোৱে। তৃণমূলৰ পৰা শীৰ্ষতম স্তৰলৈ ভেটি থৰক-বৰক হৈ পৰা দলটোৱে নতুন নেতা নিৰ্বাচন কৰা তথা নতুন মুখক ভোটাৰৰ সন্মুখলৈ অনাটো সহজ কথা নহ’ব যদিও সেই চেষ্টা এতিয়াৰে পৰা আৰম্ভ কৰাটো উল্লেখনীয় পদক্ষেপ বিবেচিত হৈছে।
 
ৰিপুণ বৰা তৃণমূল কংগ্ৰেছলৈ যোৱাৰ পাছত ৭৮ নং গহপুৰ বিধানসভা সমষ্টিৰ কংগ্ৰেছ দলৰ নেতা কৰ্মীসকলে কি স্থিতি গ্ৰহণ কৰিব তাক লৈও নিশ্চিত হ’ব পৰা পৰিৱেশ অহা নাই। অৱশ্যে, তেওঁলোকে এটা কথা স্পষ্ট কৰি দিছে যে, কোনো কাৰণতে তেওঁ দল নেৰে। সেয়ে অহা ২৭ এপ্ৰিলত গহপুৰ নগৰস্থিত কংগ্ৰেছ কাৰ্যালয়ত ছয়দুৱাৰ আৰু পূব ছয়দুৱাৰ দুয়োটা ব্লকৰ মণ্ডল কংগ্ৰেছৰ সভাপতি-সম্পাদকৰ লগতে অন্যান্য বিষয়ববীয়াসকলক লগত লৈ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হ'ব।

এই বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য আৰু উপস্থিত থাকিব বিশ্বনাথ জিলা কংগ্ৰেছৰ সভাপতি দিলীপ বৰুৱা। সভাখনত সমূহীয়াভাৱে সকলোৱে সিদ্ধান্ত ল'ব দলটো কেনেদৰে আগবঢ়াই নিব। পৰৱৰ্তী নিৰ্বাচনবোৰত দলীয় কামকাজৰ ওপৰত নিৰ্ভৰ কৰি কোন হ'ব দলীয় প্ৰাৰ্থী সেয়া পেনেলৰ জৰিয়তে দলীয় ঊৰ্ধ্বতম নেতৃত্বই নিৰ্ধাৰণ কৰিব যদিও কংগ্ৰেছে দলটোৰ ভেটি ৰক্ষাৰ বাবে এনে পদক্ষেপ গ্ৰহণ কৰাটো তাৎপৰ্যপূৰ্ণ হৈছে।

মন কৰিবলগীয়া কথাটো হৈছে যে, দল সলনি কৰাৰ পাছত বৰ্তমানলৈকে গহপুৰলৈ অহা নাই ৰিপুণ বৰা। দলীয় নেতা-কৰ্মীৰ ক্ষোভৰ সন্মুখীন হোৱাৰ ভয়তে তেওঁ স্বস্থানলৈ নহা বুলি অভিযোগ উঠিছে। গহপুৰলৈ আহি তেওঁ তীব্ৰ প্ৰত্যাহবানৰ সন্মুখীন হোৱাটো নিশ্চিত। কাৰণ যিসকল লোকক সোঁৱে বাঁৱে লৈ দুটাৰো অধিক দশক ধৰি গহপুৰৰ পৰা নিৰ্বাচনী বৈতৰণী পাৰ হৈ আহিছিল সেই সকল লোকেই এইবাৰ ৰিপুণ বৰাক সংগ নিদিয়ে। তেওঁৰ প্ৰতি তৃণমূল পৰ্যায়ত ব্যাপক বিদ্বেষৰ সৃষ্টি হোৱাটোও এতিয়া স্পষ্ট হৈ পৰিছে। এনে পৰিপ্ৰেক্ষিতত তেওঁ তৃণমূল কংগ্ৰেছক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাটো নিশ্চিত। অৱশ্যে তেওঁ ব্যক্তিগত স্বাৰ্থৰ বাবেহে তৃণমূললৈ যোৱা বুলি চৰ্চা চলিছে। অসমত কোনো ভেটি নথকা দল এটাক ৰিপুণ বৰা বা সুস্মিতা দেবৰ দৰে জনগণে প্ৰত্যাখ্যান কৰা নেতা-নেত্ৰীয়ে গতি দিব বুলি ভবাটোও হয়তো এক দুৰাশাহে হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?