--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ এজন ভাৰতীয় ছাত্ৰৰ অজ্ঞাত কাৰণত ইটালীত মৃত্যু হয়। যোৱা ২ জানুৱাৰীত ঝাৰখণ্ডৰ পশ্চিম সিংভূম জিলাৰ ৰাম ৰাউটৰ ইটালীত মৃত্যু হয়।

আৰক্ষীৰ মতে, ৰাউট এম বি এ পঢ়িবলৈ ইটালীলৈ গৈছিল আৰু ভাড়াঘৰত বাস কৰিছিল। ৰাউটৰ মাক-দেউতাকে নৱবৰ্ষৰ দিনা শুভেচ্ছা জনাবলৈ ফোন কৰাৰ পাছতে ঘটনা পোহৰলৈ আহে৷ ইয়াৰ পাছতে ৰাউটৰ পিতৃ-মাতৃয়ে তেওঁৰ থকা ঘৰৰ মালিকৰ সৈতে যোগাযোগ কৰি ছাত্ৰজনক আন এটা ঘৰৰ ৱাশ্বৰুমত মৃত অৱস্থাত উদ্ধাৰ হোৱা বুলি জনায়।

ৰাম ৰাউটৰ মৃত্যুৰ খবৰ পোৱাৰ পাছতে ৰাম ৰাউটৰ মৃতদেহ ভাৰতলৈ ঘূৰাই অনাৰ বাবে ঝাৰখণ্ডৰ চৰকাৰী উচ্চপদস্থ বিষয়া আৰু জনপ্ৰতিনিধিৰ কাষ চাপিছিল।ঘটনা সন্দৰ্ভত মন্তব্য দি পশ্চিম সিংভূমৰ উপ আয়ুক্ত অনন্যা মিট্টালে ৰাম ৰাউটৰ মৃত্যুৰ তথ্য লাভ কৰি গৃহ বিভাগ আৰু ঝাৰখণ্ডৰ প্ৰব্ৰজন কোষক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে অৱগত কৰা বুলি কয়।মিট্টালে আৰু কয় যে তেওঁ বিষয়টোৰ সকলো অগ্ৰগতি নিৰীক্ষণ কৰি আছে আৰু পৰিয়ালৰ সৈতেও যোগাযোগত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ