--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাপানত নৱবৰ্ষৰ ভূমিকম্পৰ ছয় দিন পাছতে ধ্বংসাৱশেষৰ পৰা উলিয়াই অনা হয় এগৰাকী ৯০ বছৰীয়া বৃদ্ধা। পশ্চিম জাপানত ভাঙি পৰা ঘৰৰ পৰা জীৱিত অৱস্থাত এগৰাকী ৯০ বছৰীয়া মহিলাক উলিয়াই অনা হৈছে। ভূমিকম্পৰ প্ৰায় ১২৪ ঘণ্টাৰ পাছত উদ্ধাৰ কৰে মহিলাগৰাকীক।ইতিমধ্যে এই ভূমিকম্পত কমেও ১২৬ জন লোকৰ মৃত্যু হয়।

মৃত্যু হোৱাসকলৰ ভিতৰত এজন পাঁচ বছৰীয়া ল’ৰাও আছিল। ভূমিকম্পৰ সময়ত শিশুটি উতলা পানীত পৰি যোৱাৰ বাবে চিকিৎসা কৰি আছিল। চিকিৎসাৰ সময়ত ভূমিকম্পৰ ফলত শিশুটিৰ মৃত্যু হয়।

১ জানুৱাৰীত সংঘটিত হোৱা ভূমিকম্পত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ৱাজিমা চহৰত। ভূমিকম্পৰ পাছত ইয়াত বৃহৎ পৰিসৰৰ শিখাও দেখা গৈছিল। জাপানী সৈন্যই যুদ্ধৰ ভিত্তিত সাহায্যৰ কাম কৰি আছে। প্ৰায় ত্ৰিশ হাজাৰ লোকক পানী, খাদ্য, ঔষধ আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰা হৈছিল।

জাপানৰ জনসাধাৰণৰ অভিযোগ যে চৰকাৰে ভূমিকম্পৰ পাছত আৱাসিক অঞ্চলসমূহ মেৰামতিৰ চেষ্টা কৰা নাই। তেওঁলোকে কয় যে যিবোৰ ধ্বংসাৱশেষৰ অনুসন্ধান সম্পূৰ্ণ হৈছে সেইবোৰ অক্ষত অৱস্থাত এৰি দিয়া হৈছে। ধ্বংসাৱশেষৰ বাবে বহু অঞ্চলত পথ বন্ধ হৈ পৰিছে।

কাটাৰৰ নিউজ চেনেলে জাপানৰ যোমিউৰী কাকতৰ উদ্ধৃতি দি কয় যে তেওঁলোকৰ আকাশী অধ্যয়নত অঞ্চলটোত ১০০ৰো অধিক ভূমিস্খলন ধৰা পৰিছে আৰু কিছুমান ডাঙৰ পথ অৱৰোধ কৰা হৈছে। কিছুমান সম্প্ৰদায়, যেনে শ্বিৰোমাৰুৰ উপকূলীয় সম্প্ৰদায়, যিটোও চুনামীৰ ফলত ক্ষতিগ্ৰস্ত হৈছিল, এতিয়াও সহায়ৰ বাবে অপেক্ষা কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী