--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় নিৰ্ভীক সাংবাদিকতাৰ বাবে এক সুখবৰ৷ দ্য ৱায়াৰে প্ৰকাশ কৰা এক তদন্তমূলক প্ৰতিবেদনে ফেডাৰেচন নেজিঅ’নেল ষ্টেম্পা ইটালিয়ানাই দিয়া ‘আঞ্চলিক তদন্তকাৰী সাংবাদিকতাৰ বাবে টিনা মাৰ্লিন বঁটা’ লাভ কৰিছে।

এই প্ৰতিবেদন ভাৰতৰ জলন্ধৰ আৰু ইটালীৰ লেটিনা চহৰৰ পৰা দাখিল কৰা হৈছিল আৰু ইয়াক লিখিছিল কুসুম অৰোৰা, ষ্টেফানিয়া প্ৰাণ্ডি, ফ্ৰান্সেস্কা চিকুলি আৰু চাৰ্লট আগাৰ্ডে।উল্লেখ্য যে কুসুম অৰোৰা দীৰ্ঘদিন ধৰি The Wire ৰ সৈতে জড়িত হৈ আছে।

ইনভেষ্টিগেটিভ ৰিপ’ৰ্ট প্ৰজেক্ট ইটালীৰ পৰ্টেলত এই প্ৰতিবেদন প্ৰকাশ পাইছিল৷এই প্ৰতিবেদনখন 'ইটালীৰ কিৱি ফলৰ সৰবৰাহ আঁৰত ভাৰতীয় শ্ৰমিকৰ শোষণ' শীৰ্ষক শিৰোনামেৰে প্ৰকাশ কৰা হৈছিল। ভাল উপাৰ্জনৰ ধাৰণাৰে প্ৰলোভিত হোৱা হাজাৰ হাজাৰ পঞ্জাবী যুৱকে কেনেকৈ চোৰাংচোৱাক লাখ লাখ টকা দি ইটালীলৈ গৈ প্ৰায় দাসত্বৰ পৰিস্থিতিত কাম কৰে, সেই বিষয়ে গভীৰভাৱে আলোকপাত কৰে৷

১৬ ডিচেম্বৰত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত ইটালীৰ সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক আলেছাণ্ড্ৰা কষ্টাণ্টে, কাউন্সিলৰ সদস্য ডমেনিকো এফিনিটো, মেটিও নাক্কাৰী আৰু মনিকা এণ্ডলফাট্টো, বেলুনো প্ৰদেশৰ মেয়ৰ আৰু সভাপতি ৰবাৰ্ট পেড্ৰিন আৰু আন বহু সাংবাদিক উপস্থিত থাকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ