--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত অসম সন্তানে বিজয়ধ্বজা উৰুওৱাৰ সম্পূৰ্ণ এটা দশকৰ পাছত পুনৰ  আন এক ইতিহাস ৰচিলে দুগৰাকী অসমীয়াই।  দুগৰাকী  অসম সন্তানে বিশ্বৰ তৃতীয় সর্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা আৰোহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। 

অসম পৱৰ্তাৰোহণ সন্থাই এককভাৱে আয়োজন কৰা এই অভিযানৰ সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে ২৫ মে’ৰ  পুৱা প্ৰায় ৭.১৫ বজাত ৮,৫৮৬ মিটাৰ উচ্চতাৰ মাউণ্ট কাঞ্চনজংঘা শৃংগৰ শিখৰত আৰোহণ কৰি ত্ৰিৰংগ পতাকা, সন্থাৰ অভিযান পতাকা আৰু অসমীয়াৰ স্বাভিমান ফুলাম গামোচা উৰুৱাবলৈ সক্ষম হয়।

 উল্লেখযোগ্য যে আৰোহণৰ ক্ষেত্ৰত বিশ্বৰ অন্যতম কঠিন শৃংগ হিচাপে পৰিচিত মাউণ্ট কাঞ্চনজংঘালৈ সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ পৰা এয়াই  কোনো সংগঠনে এককভাৱে চলোৱা আৰু সফলতাৰে শিখৰ আৰোহণ কৰা প্ৰথমটো বৃহৎ অভিযান। এই অভিযানৰ বাবে অসম চৰকাৰে ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ জৰিয়তে বিত্তীয় সাহাৰ্য আগবঢ়াইছিল আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা এই অভিযানৰ চীফ-দা-মিছন আছিল। উল্লেখযোগ্য যে দলটোৰ চাৰিজন সদস্য ক্ৰমে ভাস্কৰ বৰুৱা, জয়ন্ত নাথ, কৌশিক দাস আৰু শেখৰ বৰদলৈয়ে যোৱা ১৮ মে'ত প্ৰথম শিখৰ আৰোহণৰ লক্ষ্যৰে অভিযান চলাইছিল। দলটোৱে মাউণ্ট কাঞ্চনজংঘাৰ ৮,৪১৬ মিটাৰপৰ্যন্ত আৰোহণ কৰাৰ পাছতো কাৰিকৰী কাৰণত শিখৰলৈ মাত্ৰ ১৭০ মিটাৰ বাকী থকা অৱস্থাত সেইদিনা অভিযান পৰিহাৰ কৰিবলৈ বাধ্য হৈছিল। দলটোৰ দুই সদস্য ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথে কালি সন্ধিয়া প্রায় ৬.৩০ বজাত দ্বিতীয়বাৰৰ বাবে ছামিট কেম্পৰপৰা শিখৰ আৰোহণৰ প্ৰয়াস চলায়।

 অত্যন্ত কঠিন পৰিস্থিতিৰ মাজেৰে সমগ্ৰ নিশা অতি কষ্টকৰ চেষ্টাৰ পাছত বৃহস্পতিবাৰে  পুৱা প্ৰায় ৭.১৫ বজাত তেঁওলোকে সফলতাৰে শিখৰ আৰোহণ কৰি ৰাজ্যলৈ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হয়। অসম পৰ্বতাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ৰ ৭ জনীয়া দলটো যোৱা ১১ এপ্ৰিলত গুৱাহাটীৰপৰা ৰাওনা হৈছিল। ৰাষ্ট্ৰপতি দ্রৌপদী মূমূৱে যোৱা ৭ এপ্ৰিলত কইনাধৰাস্থিত ৰাজ্যিক অতিথিশালাত এক গাম্ভীর্যপূর্ণ অনুষ্ঠানত এই অভিযানৰ ফ্লেগ অফ কৰাৰ লগতে অভিযানটোৰ দলপতি মানস বৰুৱাৰ হাতত ৰাষ্ট্ৰীয় পতাকা, আইচ এক্স আৰু অভিযানৰ পতাকা অৰ্পন কৰিছিল। অনুষ্ঠানত অসমৰ ৰাজ্যপাল গুলাৱ চান্দ কাটাৰীয়া আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাকে ধৰি ৰাজ্য চৰকাৰ আৰু ৰাষ্ট্ৰপতি সচিবালয়ৰ বহুসংখ্যক বিষয়াকে ধৰি অসম পৱৰ্তাৰোহণ সন্থাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান-২০২৩ বিষয়ববীয়াসকল উপস্থিত আছিল ৷ 

দলটোৱে শিলিগুৰিৰপৰা কাকৰভিটা হৈ গাড়ীৰে নেপালৰ তাপ্লেজুঙত উপস্থিত হৈ তাৰপৰা তেওঁলোকে হিমালয়ৰ ৫,২০০ মিটাৰ উচ্চতাত অৱস্থিত বেছ কেম্পলৈ ট্রেকিং কৰি যায়। দলটোৱে যোৱা ২০ এপ্ৰিলত বেছ কেম্পত উপস্থিত হয়। দুর্ভাগ্যজনকভাৱে হঠাতে হোৱা অসুস্থতাৰ বাবে দলটোৰ যুটীয়া উপ দলপতি উপেন চক্ৰৱৰ্তীয়ে বেছ কেম্পৰপৰাই অসমলৈ ঘূৰি আহিবলৈ বাধ্য হয়। বেছ কেম্পৰপৰা তিনিটা কেম্প অতিক্ৰম কৰি দলটোৱে ১৩ মে'ত ৭,৫০০ মিটাৰ উচ্চতাত স্থাপন কৰা ছামিট কেম্পত উপস্থিত হয়। ১৪ মে'ৰপৰা এটা অভিজ্ঞ শ্বেৰ্পা দলৰ সৈতে অভিযানকাৰী দলটোৱে শিখৰ আৰোহণৰ বাবে পথ মুকলি প্ৰক্ৰিয়া আৰম্ভ কৰে। উল্লেখযোগ্য যে কাঞ্চনজংঘা অভিযানকাৰী দলটোৰ নেতৃত্ব বহন কৰে ২০১৫ আৰু ২০১৬ বৰ্ষত অসমৰ পৰা উলিওৱা এভাৰেষ্ট অভিযান দুটাৰ নেতৃত্ব বহন কৰা ৰাজ্যৰ অন্যতম অভিজ্ঞ পৱৰ্তাৰোহণকাৰী মানস বৰুৱাই। 

উপ দলপতিৰ লগতে চিকিৎসা বিষয়াৰ দায়িত্বত আছিল ৰাজ্যৰ অন্যতম অভিজ্ঞ পৱৰ্তাৰোহণকাৰী তথা তেজপুৰ চিকিৎসা মহাবিদ্যালয় হস্পিটেলৰ সহযোগী অধ্যাপক ডাঃ জগদীশ বসুমতাৰী। দলটোৰ অন্য সদস্যসকল হ'ল উপেন চক্ৰৱৰ্তী (যুটীয়া উপ দলপতি), কৌশিক দাস, ভাস্কৰ বৰুৱা, জয়ন্ত নাথ আৰু শেখৰ বৰদলৈ৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement