ডিজিটেল ডেস্কঃ নতুন সংসদ ভৱন কোনে উদ্বোধন কৰিব? এই প্ৰশ্নকলৈ বিৰোধীয়ে এতিয়া চৰকাৰক উভতি ধৰিছে৷ বিৰোধীৰ মতে নতুন সংসদ ভৱন প্ৰধানমন্ত্ৰীয় নহয়, ৰাষ্ট্ৰপতিয়েহে কৰিব লাগে৷ কিন্তু বিৰোধীৰ এনে দাবী মানি নোলোৱাৰ বাবেই ১৯ টাকৈ বিৰোধী ৰাজনৈতিক দলে সেই অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰ মাজতে তিনিদিনীয়া বিদেশ ভ্ৰমণসূচী সামৰি দিল্লীত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী।
চিডনীৰ পৰা আহি দিল্লীত ভৰি থৈয়েই মোদীয়ে সংসদ ভৱন উদ্বোধন বিতৰ্ককলৈ বিৰোধীক উভতি ধৰিছে৷ নতুন সংসদ ভৱন উদ্বোধন কৰিবলৈ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰাৰ বাবে বিৰোধী সোচ্চাৰ হৈ আছে। বুধবাৰে লৈকে, ১৯ টা বিৰোধী দলে কৈছে যে তেওঁলোকে অনুষ্ঠানটো বৰ্জন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিষয়টোক লৈ বিৰোধীক সমালোচনা কৰিছে ৷ তেওঁ বৃহস্পতিবাৰে জাপান, পাপুৱা নিউ গিনি আৰু অষ্ট্ৰেলিয়াৰ ত্ৰিদেশীয় ভ্ৰমণ সমাপ্ত কৰাৰ পিছত নতুন দিল্লীত উপস্থিত হৈছে ।
প্ৰধানমন্ত্ৰীয়ে মঙলবাৰে অষ্ট্ৰেলিয়াৰ চিডনীত অনুষ্ঠিত প্ৰবাসী ভাৰতীয়সকলৰ এখন বৈঠকত উপস্থিত আছিল । বৃহস্পতিবাৰে দিল্লীলৈ উভতি আহি মোদীয়ে বিৰোধী দলসমূহক সমালোচনা কৰিবলৈ চিডনী ৰেলীৰ কথা উল্লেখ কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে চিডনীৰ অনুষ্ঠানটোত ২০,০০০ তকৈও অধিক লোক সমবেত হৈছিল। অনুষ্ঠানটোত অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এন্থনী এলবানিজও উপস্থিত আছিল। "কেৱল অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰীয়েই নহয়, প্ৰাক্তন প্ৰধানমন্ত্ৰীকে ধৰি শাসকীয় আৰু বিৰোধী দলসমূহৰ সকলো সদস্য অনুষ্ঠানটোত উপস্থিত আছিল," মোদীয়ে কয়। মোদীয়ে চিডনী ৰেলীৰ কথা উল্লেখ কৰি দেশৰ বিৰোধী দলসমূহক হয়তো এইকথা বুজাই দিব বিচাৰিলে যে তেওঁ উপস্থিত থকা সভাত ইমান বেছি মানুহেই মতভেদ পৰিহাৰ কৰি উপস্থিত থাকে৷
বিৰোধী দলবোৰক আক্ৰমণ কৰিবলৈ মোদীয়ে কোভিড ভেকছিনৰ প্ৰসংগ উত্থাপন কৰি কয় "আনকি যেতিয়া মই সংকটৰ সময়ত কোভিড ভেকছিন ৰপ্তানি কৰিছিলো, মোক বহুলোকে সমালোচনা কৰিছিল। মনত ৰাখিব, এয়া বুদ্ধৰ ভূমি। এই দেশ গান্ধীৰ। আমি আমাৰ শত্ৰুসকলৰ বিষয়েও চিন্তা কৰোঁ। ''
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ মে'ত নতুন সংসদ ভৱন উদ্বোধন কৰাৰ কথা । অৱশ্যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সেই অনুষ্ঠানটোলৈ আমন্ত্ৰণ জনোৱা হোৱা নাই। অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টি (আপ), কংগ্ৰেছ, চিপিআই(এম), আৰজেডি, জেডি(ইউ) আৰু শিৱসেনা (বালাচাহেব)কে ধৰি মুঠ ১৯ টা দল মোদী চৰকাৰৰ বিৰুদ্ধে এই বিষয়কলৈয়েই একত্ৰিত হৈছে।
বিৰোধীয়ে অনুষ্ঠানলৈ ৰাষ্ট্ৰপতিক নিমন্ত্ৰণ নকৰি গণতন্ত্ৰক অপমান কৰাৰ অভিযোগ উত্থাপন কৰিছে। মোদীক সমালোচনা কৰি বিৰোধীৰ আপত্তিৰ মাজতে বুধবাৰে শিৱসেনাৰ (ইউবিটি) নেতা সঞ্জয় ৰাউতে কয় যে দলটোৱে ২৮ মে'ত অনুষ্ঠিত হ'বলগীয়া অনুষ্ঠান বৰ্জন কৰিব। সঞ্জয় ৰাউতে কয়, "সকলো বিৰোধী দলে ২৮ মে'ত নতুন সংসদ ভৱনৰ উদ্বোধন অনুষ্ঠান বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আৰু আমিও সেয়া কৰিম।"ৰাষ্ট্ৰীয় জনতা দলে (আৰজেডি) ঘোষণা কৰিছে যে দলটোৱে উদ্বোধনী অনুষ্ঠান বৰ্জন কৰিব। আৰজেডিৰ ৰাজ্যসভাৰ সাংসদ মনোজ ঝাই কয় যে সমগ্ৰ সংসদ ভৱনৰ উদ্বোধনৰ সৈতে তেওঁলোক জড়িত নহয়। বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে কয়, "আমি নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰিম।" বিৰোধীৰ এনে প্ৰতিবাদৰ প্ৰতি অৱশ্যে মোদীৰ চৰকাৰে কোনো গুৰুত্ব দিয়া পৰিলক্ষিত হোৱা নাই৷