--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পৰিধান কৰি যোৱাকলৈ ৰাজ্য খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ সেই সময়ত ৰাজ্য খনত শাসনত থকা বিজেপি চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিবাদ হৈছিল৷

 কৰ্ণাটকত   ১০ মে'ত অনুষ্ঠিত  বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কংগ্ৰেছে কৈছিল যে দলটোৱে ৰাজ্যখনত ক্ষমতা দখল কৰিলেই  পূৰ্বৰ বিজেপি চৰকাৰে  হিজাবৰ  ওপৰত আৰোপ কৰা  নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব। শেহতীয়াকৈ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ  কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খন অগ্ৰসৰ হোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও সেই একেই ইংগিতে দিছে৷ 

জানিব পৰা মতে শীঘ্ৰে  কেবিনেটত হিজাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়টোত সিদ্ধান্ত লোৱা হ’ব । উল্লেখ্য   কৰ্ণাটকত তদানীন্তন বিজেপি নেতৃত্বাধীন   চৰকাৰে ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানত ছাত্ৰীসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। 

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই বহু  মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।কৰ্ণাটক উচ্চ ন্যায়ালয়ে ২০২২ চনৰ  ১৫ মাৰ্চত এই আবেদন খাৰিজ কৰিছিল। হিজাব ইছলামধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় অনুশীলনৰ অংশ নহয় বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে কৰ্ণাটক ৰাজ্য চৰকাৰৰ সপক্ষত ৰায় দিছিল৷ ফলত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাটো ৰাজ্য খনত নিষিদ্ধ হৈছিল ৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস