--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ শিক্ষানুষ্ঠানত ছাত্ৰীয়ে হিজাব পৰিধান কৰি যোৱাকলৈ ৰাজ্য খনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ সেই সময়ত ৰাজ্য খনত শাসনত থকা বিজেপি চৰকাৰে শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰাৰ পিছতে দেশৰ কেইবাখনো ৰাজ্যত প্ৰতিবাদ হৈছিল৷

 কৰ্ণাটকত   ১০ মে'ত অনুষ্ঠিত  বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়তে কংগ্ৰেছে কৈছিল যে দলটোৱে ৰাজ্যখনত ক্ষমতা দখল কৰিলেই  পূৰ্বৰ বিজেপি চৰকাৰে  হিজাবৰ  ওপৰত আৰোপ কৰা  নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিব। শেহতীয়াকৈ সেই নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰিবলৈ  কংগ্ৰেছ নেতৃত্বাধীন চৰকাৰ খন অগ্ৰসৰ হোৱা বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে৷ কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰেও সেই একেই ইংগিতে দিছে৷ 

জানিব পৰা মতে শীঘ্ৰে  কেবিনেটত হিজাৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ বিষয়টোত সিদ্ধান্ত লোৱা হ’ব । উল্লেখ্য   কৰ্ণাটকত তদানীন্তন বিজেপি নেতৃত্বাধীন   চৰকাৰে ২০২২ চনৰ ৫ ফেব্ৰুৱাৰীত শিক্ষানুষ্ঠানত ছাত্ৰীসকলক হিজাব পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল। 

ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই বহু  মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীয়ে কৰ্ণাটক উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল।কৰ্ণাটক উচ্চ ন্যায়ালয়ে ২০২২ চনৰ  ১৫ মাৰ্চত এই আবেদন খাৰিজ কৰিছিল। হিজাব ইছলামধৰ্মৰ অপৰিহাৰ্য ধৰ্মীয় অনুশীলনৰ অংশ নহয় বুলি উল্লেখ কৰি উচ্চ ন্যায়ালয়ে কৰ্ণাটক ৰাজ্য চৰকাৰৰ সপক্ষত ৰায় দিছিল৷ ফলত শিক্ষানুষ্ঠানত হিজাব পৰিধান কৰাটো ৰাজ্য খনত নিষিদ্ধ হৈছিল ৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী