--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ১- এ ইয়াৰ গন্তব্যস্থানত উপনীত হৈছে।  শনিবাৰে  আবেলি প্ৰায় ৪  বজাত আদিত্য এল ১ যান খনে  ইয়াৰ পূৰ্বে নিৰ্ধাৰিত সূৰ্যৰ কক্ষপথত প্ৰৱেশ কৰে । প্ৰায় তিনি মাহৰ ভ্ৰমণৰ পিছত আদিত্য এল ১ -এ ইয়াৰ  সূৰ্যৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছতে সৃৰ্য সম্পৰ্কীয় গৱেষণাই নতুন গতি লাভ কৰিলে। 

ইছৰোৰ মুৰব্বী এছ সোমনাথে সোমবাৰে  কৈছিল , "আদিত্য-এল ১-এ ৬ জানুৱাৰীৰ আবেলি ৪ বজাত ইয়াৰ এল ১ পইণ্টত উপনীত হোৱাৰ কথা আছে আৰু আমি  চূড়ান্ত কৌশল প্ৰয়োগ কৰি সেয়া সম্ভৱ কৰি তুলিবলৈ চেষ্টা চলাই আছো।" আদিত্য এল-১ যানে  ইয়াৰ গন্তব্যস্থানত উপনীত হোৱাৰ পিছত  সেই স্থানৰ পৰাই যান খনে  পৰৱৰ্তী ৫ বছৰৰ বাবে সূৰ্যৰ বিভিন্ন ঘটনা পৰ্যবেক্ষণ কৰাত সহায় কৰিব।

উল্লেখ্য চন্দ্ৰ বিজয়ৰ পিছতে  সূৰ্য অভিযান আৰম্ভ কৰিছিল  ভাৰতে৷   চন্দ্ৰযান ৩-ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই সূৰ্য অভিমুখে প্ৰেৰণ কৰিছিল আদিত্য এল১ যান৷ ইছৰ’ৰ  ইতিহাস নতুন নজিৰ সৃষ্টি কৰি  যান খনে সফলতাৰে সূৰ্য অভিমুখে যাত্ৰা কৰিছিল৷  মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এটা পিএছএলভি ৰকেটত মহাকাশলৈ  প্ৰেৰণ কৰা হৈছিল৷ 

যান খনে  কমেও ১২৭ দিনৰ বাবে সূৰ্যৰ কক্ষপথৰ দিশে   আগবাঢ়ে। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিছে। ইয়াৰ পিছতে যান খনে  সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ’বলৈ সক্ষম হৈছে। তাত উপস্থিত হোৱাৰ পিছত যান খনে  এল১  পইণ্টৰ পৰা সূৰ্যৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি যাব । মাধ্যাকৰ্ষণ, সূৰ্যৰ পোহৰৰ শক্তিকে ধৰি বিভিন্ন বিষয়ত যান খনে পৰীক্ষা কৰিব৷ উল্লেখ্য  এয়া হৈছে   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখনে  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ  যাত্ৰা কৰিব ।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক