--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইতিহাস ৰচনা কৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ প্ৰথম সৌৰ অভিযান আদিত্য এল ১- এ ইয়াৰ গন্তব্যস্থানত উপনীত হৈছে।  শনিবাৰে  আবেলি প্ৰায় ৪  বজাত আদিত্য এল ১ যান খনে  ইয়াৰ পূৰ্বে নিৰ্ধাৰিত সূৰ্যৰ কক্ষপথত প্ৰৱেশ কৰে । প্ৰায় তিনি মাহৰ ভ্ৰমণৰ পিছত আদিত্য এল ১ -এ ইয়াৰ  সূৰ্যৰ কক্ষপথত প্ৰৱেশ কৰাৰ পিছতে সৃৰ্য সম্পৰ্কীয় গৱেষণাই নতুন গতি লাভ কৰিলে। 

ইছৰোৰ মুৰব্বী এছ সোমনাথে সোমবাৰে  কৈছিল , "আদিত্য-এল ১-এ ৬ জানুৱাৰীৰ আবেলি ৪ বজাত ইয়াৰ এল ১ পইণ্টত উপনীত হোৱাৰ কথা আছে আৰু আমি  চূড়ান্ত কৌশল প্ৰয়োগ কৰি সেয়া সম্ভৱ কৰি তুলিবলৈ চেষ্টা চলাই আছো।" আদিত্য এল-১ যানে  ইয়াৰ গন্তব্যস্থানত উপনীত হোৱাৰ পিছত  সেই স্থানৰ পৰাই যান খনে  পৰৱৰ্তী ৫ বছৰৰ বাবে সূৰ্যৰ বিভিন্ন ঘটনা পৰ্যবেক্ষণ কৰাত সহায় কৰিব।

উল্লেখ্য চন্দ্ৰ বিজয়ৰ পিছতে  সূৰ্য অভিযান আৰম্ভ কৰিছিল  ভাৰতে৷   চন্দ্ৰযান ৩-ৰ সফলতাৰ পিছত ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰ’ই সূৰ্য অভিমুখে প্ৰেৰণ কৰিছিল আদিত্য এল১ যান৷ ইছৰ’ৰ  ইতিহাস নতুন নজিৰ সৃষ্টি কৰি  যান খনে সফলতাৰে সূৰ্য অভিমুখে যাত্ৰা কৰিছিল৷  মহাকাশযানখন শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা এটা পিএছএলভি ৰকেটত মহাকাশলৈ  প্ৰেৰণ কৰা হৈছিল৷ 

যান খনে  কমেও ১২৭ দিনৰ বাবে সূৰ্যৰ কক্ষপথৰ দিশে   আগবাঢ়ে। আদিত্য এল ১ য়ে এই সময়ছোৱাত ১৫ লাখ কিলোমিটাৰ অতিক্ৰম কৰিছে। ইয়াৰ পিছতে যান খনে  সূৰ্যৰ উপবৃত্তাকাৰ কক্ষপথত উপনীত হ’বলৈ সক্ষম হৈছে। তাত উপস্থিত হোৱাৰ পিছত যান খনে  এল১  পইণ্টৰ পৰা সূৰ্যৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি যাব । মাধ্যাকৰ্ষণ, সূৰ্যৰ পোহৰৰ শক্তিকে ধৰি বিভিন্ন বিষয়ত যান খনে পৰীক্ষা কৰিব৷ উল্লেখ্য  এয়া হৈছে   প্ৰথম সূৰ্য  আধাৰিত ভাৰতীয় অভিযান । ইছৰোৰ মহাকাশযানখনে  পৃথিৱীৰ পৰা প্ৰায় ১.৫  নিযুত কিলোমিটাৰ দূৰত  থকা সূৰ্যৰ পৰা কিছু নিলগলৈ  যাত্ৰা কৰিব ।  





FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ