--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰথম সৌৰ অভিযান সফল। শনিবাৰে বিয়লি ইছৰ’ই আদিত্য-এল১ক সফলতাৰে কক্ষপথত স্থান দিয়ে। আগন্তুক পাঁচ বছৰ তাতেই থাকিব মহাকাশযানখন। বিভিন্ন তথ্য সংগ্ৰহ কৰিব। আদিত্য-এল১ য়ে সূৰ্য্যক নিবিড়ভাৱে নিৰীক্ষণ কৰিব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে নিজৰ এক্স হেণ্ডেলত সৌৰ অভিযানৰ সফলতাৰ খবৰ পোষ্ট কৰে। তেওঁ লিখিছে- ভাৰতে আন এক মাইলৰ খুঁটি সৃষ্টি কৰিছে। ভাৰতৰ প্ৰথমখন সৌৰ পৰ্যবেক্ষণ মহাকাশযান আদিত্য-এল১ গন্তব্য স্থানত উপস্থিত হৈছে। ই আমাৰ বিজ্ঞানীসকলৰ অক্লান্ত প্ৰচেষ্টাৰ ফল। সমগ্ৰ দেশৰ লগতে ইছৰোৰ এই অবিশ্বাস্য সফলতাক লৈ মই গৌৰৱান্বিত। মানৱ সভ্যতাৰ স্বাৰ্থত আমি আৰু বহুতো বিজ্ঞানৰ এনে দুৱাৰ মুকলি কৰি যাম।”

সূৰ্য্যৰ পৰা লেৰেঞ্জ বিন্দু বা L1 বিন্দুৰ দূৰত্ব পৃথিৱীৰ পৰা ১৫ লাখ কিলোমিটাৰ। বিগত চাৰি মাহ ধৰি এই পথ অতিক্ৰম কৰিছে আদিত্য-এল১। শনিবাৰে বিয়লি ৪ বজাৰ ভিতৰত ইয়াক উদ্দেশ্যপ্ৰণোদিত কক্ষপথত স্থাপন কৰা হয়। ইতিমধ্যে এই অঞ্চলত নাছাৰ আন চাৰিখন মহাকাশযান আছে। তেওঁলোকেও সূৰ্য্য নিৰীক্ষণ কৰি আছে। কিন্তু ইয়াৰ পূৰ্বে কোনো ভাৰতীয় মহাকাশযান সূৰ্য্যৰ ইমান ওচৰলৈ যোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক