--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ ছবি ‘স্ত্ৰী ২’ৰ ট্ৰেইলাৰ ওলোৱাৰ পিছৰে পৰা মানুহে অনুভৱ কৰিছিল যে ছবিখন ছুপাৰহিট হ’বলৈ গৈ আছে। কিন্তু ই কিমান পৰ্যায়ৰ হিট হ’ব তাৰ কোনো ধাৰণা নাছিল। ডাঙৰ তাৰকা অভিনেতা আৰু জোৰদাৰ প্ৰচাৰ নোহোৱাকৈ ২০১৮ চনত মুক্তি পোৱা ‘স্ত্ৰী’য়ে প্ৰায় ১৩০ কোটি টকা উপাৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। সেই সময়ত ই আছিল আটাইতকৈ ডাঙৰ স্লিপাৰ হিট।

যেতিয়া ‘স্ত্ৰী ২’ আহিল তেতিয়া মানুহে অনুমান কৰিছিল যে এই ছবিখনে ৩০০ কোটি টকা পৰ্যন্ত নেট সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে। কিন্তু সেই সময়ত কোনেও গম পোৱা নাছিল যে ‘স্ত্ৰী ২’য়ে আশা কৰাতকৈ দুগুণ উপাৰ্জন কৰিব।

‘স্ত্ৰী ২’ মুক্তি পোৱা এমাহতকৈও অধিক সময় হ’ল যদিও ছবিখনে এতিয়াও সুন্দৰ উপাৰ্জন কৰি আছে।

বৃহস্পতিবাৰে ৫ সপ্তাহ সম্পূৰ্ণ কৰাৰ পিছত ছবিখনৰ নেট সংগ্ৰহ ৫৮৯.৯০ কোটি টকা হোৱাৰ লগতে সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবিৰ খিতাপ লাভ কৰিলে। কিন্তু ষষ্ঠ উইকেণ্ডত ‘স্ত্ৰী ২’য়ে সৃষ্টি কৰিলে এক নতুন ইতিহাস। ৰাষ্ট্ৰীয় চিনেমা দিৱসৰ পৰা লাভ কৰা উত্থানৰ লগে লগে শুকুৰবাৰে ছবিখনে বক্স অফিচত ৫.২০ কোটি টকা সংগ্ৰহ কৰে আৰু সাধাৰণ টিকটৰ ৰেটৰ সৈতে শনিবাৰে ছবিখনে ৩.৮০ কোটি টকা সংগ্ৰহ কৰে। অৰ্থাৎ ৩৮ দিনত ছবিখনৰ মুঠ নেট সংগ্ৰহ ৫৯৮.৯০ কোটি টকা হয়।

৩৯ দিনত ছবিখনে প্ৰায় ৪.৮৫ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে শ্ৰদ্ধা আৰু ৰাজকুমাৰৰ ছবিখনে বক্স অফিচত ৬০০ কোটি ক্লাৱৰ সীমা অতিক্ৰম কৰিছে। এতিয়া ছবিখনৰ মুঠ নেট সংগ্ৰহ ৬০৪ কোটি টকাৰ ওচৰ চাপিছে।

বলীউডৰ তিনি খান (শ্বাহৰুখ-আমীৰ-ছলমান)ৰ ছবিয়েও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই। তিনি খানে বলীউডত আৰম্ভ কৰিছিল ১০০ৰ পৰা ৫০০ কোটি টকাৰ ক্লাৱ। একেটা বছৰতে দুবাৰকৈ ৫০০ কোটি (জোৱান, পাঠান)ৰ পৰিসংখ্যা অতিক্ৰম কৰা শ্বাহৰুখ খানেও ৬০০ কোটি টকাৰ ক্লাৱ পাব পৰা নাই।

বলীউডৰ ৫০০ কোটি টকাৰ ক্লাবত এতিয়ালৈকে কেৱল এক্সন ছবিহে আছিল যদিও এতিয়া ৬০০ কোটি টকাৰ ক্লাবৰ দুৱাৰ মুকলি কৰি দিছে এখন হৰৰ-কমেডীয়ে। ‘স্ত্ৰী ২’য়ে এতিয়াও বিশাল পৰিমাণৰ উপাৰ্জন কৰি আছে, গতিকে ইয়াৰ চূড়ান্ত সংগ্ৰহ কিমান দূৰলৈকে যাব সেয়া হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক