--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজকুমাৰ ৰাও আৰু শ্ৰদ্ধা কাপুৰৰ ছবি ‘স্ত্ৰী ২’ৰ ট্ৰেইলাৰ ওলোৱাৰ পিছৰে পৰা মানুহে অনুভৱ কৰিছিল যে ছবিখন ছুপাৰহিট হ’বলৈ গৈ আছে। কিন্তু ই কিমান পৰ্যায়ৰ হিট হ’ব তাৰ কোনো ধাৰণা নাছিল। ডাঙৰ তাৰকা অভিনেতা আৰু জোৰদাৰ প্ৰচাৰ নোহোৱাকৈ ২০১৮ চনত মুক্তি পোৱা ‘স্ত্ৰী’য়ে প্ৰায় ১৩০ কোটি টকা উপাৰ্জন কৰি সকলোকে আচৰিত কৰি তুলিছিল। সেই সময়ত ই আছিল আটাইতকৈ ডাঙৰ স্লিপাৰ হিট।

যেতিয়া ‘স্ত্ৰী ২’ আহিল তেতিয়া মানুহে অনুমান কৰিছিল যে এই ছবিখনে ৩০০ কোটি টকা পৰ্যন্ত নেট সংগ্ৰহ কৰাৰ সম্ভাৱনা আছে। কিন্তু সেই সময়ত কোনেও গম পোৱা নাছিল যে ‘স্ত্ৰী ২’য়ে আশা কৰাতকৈ দুগুণ উপাৰ্জন কৰিব।

‘স্ত্ৰী ২’ মুক্তি পোৱা এমাহতকৈও অধিক সময় হ’ল যদিও ছবিখনে এতিয়াও সুন্দৰ উপাৰ্জন কৰি আছে।

বৃহস্পতিবাৰে ৫ সপ্তাহ সম্পূৰ্ণ কৰাৰ পিছত ছবিখনৰ নেট সংগ্ৰহ ৫৮৯.৯০ কোটি টকা হোৱাৰ লগতে সৰ্বাধিক উপাৰ্জন কৰা হিন্দী ছবিৰ খিতাপ লাভ কৰিলে। কিন্তু ষষ্ঠ উইকেণ্ডত ‘স্ত্ৰী ২’য়ে সৃষ্টি কৰিলে এক নতুন ইতিহাস। ৰাষ্ট্ৰীয় চিনেমা দিৱসৰ পৰা লাভ কৰা উত্থানৰ লগে লগে শুকুৰবাৰে ছবিখনে বক্স অফিচত ৫.২০ কোটি টকা সংগ্ৰহ কৰে আৰু সাধাৰণ টিকটৰ ৰেটৰ সৈতে শনিবাৰে ছবিখনে ৩.৮০ কোটি টকা সংগ্ৰহ কৰে। অৰ্থাৎ ৩৮ দিনত ছবিখনৰ মুঠ নেট সংগ্ৰহ ৫৯৮.৯০ কোটি টকা হয়।

৩৯ দিনত ছবিখনে প্ৰায় ৪.৮৫ কোটি টকা সংগ্ৰহ কৰিছে। ইয়াৰ লগে লগে শ্ৰদ্ধা আৰু ৰাজকুমাৰৰ ছবিখনে বক্স অফিচত ৬০০ কোটি ক্লাৱৰ সীমা অতিক্ৰম কৰিছে। এতিয়া ছবিখনৰ মুঠ নেট সংগ্ৰহ ৬০৪ কোটি টকাৰ ওচৰ চাপিছে।

বলীউডৰ তিনি খান (শ্বাহৰুখ-আমীৰ-ছলমান)ৰ ছবিয়েও এই অভিলেখ গঢ়িবলৈ সক্ষম হোৱা নাই। তিনি খানে বলীউডত আৰম্ভ কৰিছিল ১০০ৰ পৰা ৫০০ কোটি টকাৰ ক্লাৱ। একেটা বছৰতে দুবাৰকৈ ৫০০ কোটি (জোৱান, পাঠান)ৰ পৰিসংখ্যা অতিক্ৰম কৰা শ্বাহৰুখ খানেও ৬০০ কোটি টকাৰ ক্লাৱ পাব পৰা নাই।

বলীউডৰ ৫০০ কোটি টকাৰ ক্লাবত এতিয়ালৈকে কেৱল এক্সন ছবিহে আছিল যদিও এতিয়া ৬০০ কোটি টকাৰ ক্লাবৰ দুৱাৰ মুকলি কৰি দিছে এখন হৰৰ-কমেডীয়ে। ‘স্ত্ৰী ২’য়ে এতিয়াও বিশাল পৰিমাণৰ উপাৰ্জন কৰি আছে, গতিকে ইয়াৰ চূড়ান্ত সংগ্ৰহ কিমান দূৰলৈকে যাব সেয়া হ’ব লক্ষ্যণীয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু