--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কিৰণ ৰাওৰ পৰিচালনাত নিৰ্মিত ‘লাপাটা লেডিজ’ ছবিখনক অস্কাৰ বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিৰ্বাচিত কৰা হৈছে। মাৰ্চ মাহত মুক্তি পোৱা এই ছবিখন দৰ্শকে অতিশয় ভাল পাইছিল। অৱশ্যে আশা কৰা হৈছিল যে ছবিখন অস্কাৰৰ দৌৰত অন্তৰ্ভুক্ত হ’ব পাৰে। কিৰণ ৰাৱে নিজেই ইয়াৰ বাবে আশা কৰিছিল আৰু বৰ্তমান তেওঁৰ ইচ্ছাও পূৰণ হৈছে। ভাৰতীয় ফিল্ম ফেডাৰেচনে অস্কাৰৰ বাবে ‘লাপাটা লেডিজ’ক আনুষ্ঠানিকভাৱে নিৰ্বাচিত কৰাৰ কথা ঘোষণা কৰাৰ লগে লগে সকলোৰে মন সুখেৰে ভৰি পৰিছে ৷পৰিচালক কিৰণ ৰাওৱেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

আপোনালোকে জানি আচৰিত হ’ব যে কিৰণ ৰাওৰ এই ছবিখনক অসমৰ সুনামধন্য চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাৰ নেতৃত্বত গঠিত ১৩ জনীয়া প্ৰতিষ্ঠিত জুৰীৰ দ্বাৰা নিৰ্বাচিত কৰা হয় । অসমীয়া পৰিচালক জাহ্নু বৰুৱাৰ নেতৃত্বত ১৩ জনীয়া নিৰ্বাচিত সমিতিয়ে একাডেমী বঁটাত শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ শাখাত অন্তৰ্ভূক্ত কৰাৰ বাবে আমিৰ খান আৰু কিৰণ ৰাওৰ প্ৰযোজনা লাপাটা লেডিজক সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত লয়।


Who Votes for the Academy Awards ...
ছবিখনৰ এই কৃতিত্ব সন্দৰ্ভত কিৰণ ৰাৱে কৈছে, ‘‘মই অত্যন্ত সন্মানিত অনুভৱ কৰিছো। অত্যন্ত সুখী যে আমাৰ ছবি ‘লাপাটা লেডিজ’ একাডেমী বঁটাৰ বাবে ভাৰতৰ আনুষ্ঠানিক প্ৰৱেশ হিচাপে নিৰ্বাচিত হৈছে। ছবিখনৰ অস্কাৰ দৌৰত প্ৰৱেশ কৰাটো মোৰ সমগ্ৰ দলটোৰ অক্লান্ত কৰ্মৰ প্ৰমাণ, যাৰ আবেগে এই কাহিনীটোক জীৱন্ত কৰি তুলিছে। হৃদয় সংযোগ সীমা অতিক্ৰম কৰা আৰু অৰ্থপূৰ্ণ কথোপকথন সৃষ্টিৰ বাবে চিনেমা সদায় আটাইতকৈ শক্তিশালী মাধ্যম হৈ আহিছে। আশাকৰোঁ এই ছবিখনে ভাৰতীয় দৰ্শকৰ হৃদয় জয় কৰাৰ দৰেই সমগ্ৰ বিশ্বৰ দৰ্শকে ভাল পাব।’’


কিৰণ ৰাওৱে কয়, ‘এই ছবিখনৰ বাবে এটা প্ৰতিভাৱান দলৰ সৈতে কাম কৰাটো মোৰ বাবে এক সৌভাগ্যৰ কথা। লগতে সমগ্ৰ অভিনেতা-অভিনেত্ৰী আৰু দলটোক আন্তৰিকতাৰে ধন্যবাদ জনাইছো, যিসকলৰ অপৰিসীম প্ৰতিভা, নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমে এই ছবিখন সম্ভৱ কৰি তুলিছিল।’ 

Laapataa Ladies Review – Brides & Prejudice In Hindi Heartland – Abstract  AF!
লগতে পৰিচালকগৰাকীয়ে দৰ্শককো ধন্যবাদ জ্ঞাপন কৰিছে। তেওঁ লিখিছে, ‘দৰ্শকৰ মৰম আৰু সমৰ্থন আমাৰ বাবে গুৰুত্বপূৰ্ণ। আমাৰ ওপৰত আপোনাৰ অটল বিশ্বাসেই আমাক চলচ্চিত্ৰ নিৰ্মাতা হিচাপে আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ে।’


২০০১ চনত ভাৰতৰ গ্ৰাম্য অঞ্চলত বাস কৰা দুগৰাকী কইনাৰ ৰে’লত যাত্ৰা কৰাৰ সময়ত ভুলবশতঃ বিনিময় হোৱাৰ হৃদয়স্পৰ্শী আৰু শক্তিশালী কাহিনী দৰ্শোৱা হৈছে ‘লাপাটা লেডিজ’।  কিণ্ডলিং আৰু আমিৰ খান প্ৰডাকচনৰ প্ৰযোজনা এই ছবিখন।

Laapataa Ladies' is India's official entry for Oscars 2025 - The Hindu

চলিত বৰ্ষৰ মাৰ্চ মাহত মুক্তি পোৱা ছবিখনে ব্যাপক প্ৰশংসা লাভ কৰিছে, য’ত নিতংশী গোয়েল, প্ৰতিভা ৰন্ত আৰু স্পৰ্শ শ্ৰীবাস্তৱৰ লগতে ৰবি কিষাণ, ছয়া কদম আৰু গীতা আগৰৱাল শৰ্মাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক