--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূজা খেডকাৰ বিবাদৰ পাছতে ইউ পি এছ চিৰ নথি-পত্ৰৰ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে বহু বিষয়াৰ ওপৰত৷ প্ৰাপ্ত তথ্য অনুসৰি ৩০ জনৰো অধিক বিষয়াৰ ওপৰত তথ্যৰ জালিয়তিৰ অভিযোগ লাভ কৰা হৈছে। নিৰ্বাচিত বিষয়াসকলে তেওঁলোকৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য সবিশেষত ভুল তথ্য দিয়া বুলি দাবী উত্থাপিত হৈছে।

বৰ্খাস্ত হোৱা আই এ এছৰ প্ৰশিক্ষাৰ্থী পূজা খেডকাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে এনেধৰণৰ আৰু অধিক গোচৰ পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে। পূজা খেডকাৰ গোচৰৰ পিছত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ক প্ৰমাণ পত্ৰৰ জালিয়তি কৰা ৩০ জনৰো অধিক বিষয়াৰ অভিযোগ লাভ কৰিছে।শীঘ্ৰে এনে বিষয়াৰ ওপৰত আয়োগে তদন্ত আৰম্ভ কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত আয়োগে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই।

উল্লেখযোগ্য যে ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা দেশৰ অন্যতম সন্মানীয় তথা কঠিন পৰীক্ষা। এই পৰীক্ষাৰ জৰিয়তে আই এ এছ, আই পি এছ, আই এফ এছ, আই আৰ এছ আদি বিষয়াসকলক বাছনি কৰা হয়৷দেশৰ উন্নয়নমূলক কামৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ বাঘজৰী এই বিষায়াসকলৰ হাতত নিয়োজিত থাকে। এনে গুৰুত্বপূৰ্ণ পদবীত ৰিগিং বা অন্যায় উপায়েৰে বাছনি হৈ অহাটো চিন্তনীয় বিষয় হৈ পৰিছে।

জানিব পৰা মতে এই অভিযোগসমূহ ইউ পি এছ চিয়ে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগলৈ প্ৰেৰণ কৰিছে। যদি অভিযোগসমূহ সত্য প্ৰতিপন্ন হয় প তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।ইউ পি এছ চিয়ে নতুন ব্যৱস্থা বাহাল কৰাৰ ব্যৱস্থা কৰা হৈছে, ইউ পি এছ চি পৰীক্ষাত ৰিগিং অসম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে৷ 

প্ৰাৰ্থীসকলৰ অক্ষমতাৰ মাপকাঠী আৰু কোটাৰ অপব্যৱহাৰ ৰোধ কৰাৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে আলোচনাত বহিছে, ইতিমধ্যে এই বিষয়ত কেইবাখনো বৈঠক অনুষ্ঠিত হৈগৈছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ(DoPT)আৰু LBSNAA দুয়োটাই এই আসোঁৱাহসমূহ দূৰ কৰাৰ লগতে উদ্বেগজনক বিষয়সমূহ ভালদৰে চিনাক্ত কৰিবলৈ  চিন্তা চৰ্চা কৰিছে। জানিব পৰা মতে নাম সলনিৰ জালিয়াতি ৰোধ কৰিবলৈ ইউপিএছচিয়ে নিজাকৈ চফটৱেৰ আৰু প্ৰট’কল প্ৰস্তুত কৰিছে। প্ৰাৰ্থিৰ জন্ম তাৰিখৰ সৈতে নাম সলনি হৈছে নে নাই সেয়া জানিব পৰা যাব নতুন ব্যৱস্থাৰ জৰিয়তে।

কোটাৰ অপব্যৱহাৰৰ অভিযোগত পূজা খেডকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা শিক্ষাৰ্থী আই এ এছ পূজা খেডকাৰক  বৰ্খাস্ত কৰি অব্যাহতি দিয়াৰ লগতে৷ ভৱিষ্যতৰ পৰীক্ষাৰ পৰা বঞ্চিত কৰা হৈছে  খেডকাৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু