--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পূজা খেডকাৰ বিবাদৰ পাছতে ইউ পি এছ চিৰ নথি-পত্ৰৰ জালিয়াতিৰ অভিযোগ উত্থাপিত হৈছে বহু বিষয়াৰ ওপৰত৷ প্ৰাপ্ত তথ্য অনুসৰি ৩০ জনৰো অধিক বিষয়াৰ ওপৰত তথ্যৰ জালিয়তিৰ অভিযোগ লাভ কৰা হৈছে। নিৰ্বাচিত বিষয়াসকলে তেওঁলোকৰ প্ৰমাণ পত্ৰ আৰু অন্যান্য সবিশেষত ভুল তথ্য দিয়া বুলি দাবী উত্থাপিত হৈছে।

বৰ্খাস্ত হোৱা আই এ এছৰ প্ৰশিক্ষাৰ্থী পূজা খেডকাৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছতে এনেধৰণৰ আৰু অধিক গোচৰ পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকত হৈ পৰিছে। পূজা খেডকাৰ গোচৰৰ পিছত কেন্দ্ৰীয় লোকসেৱা আয়োগ (ইউ পি এছ চি)ক প্ৰমাণ পত্ৰৰ জালিয়তি কৰা ৩০ জনৰো অধিক বিষয়াৰ অভিযোগ লাভ কৰিছে।শীঘ্ৰে এনে বিষয়াৰ ওপৰত আয়োগে তদন্ত আৰম্ভ কৰিব পাৰে। অৱশ্যে এই সন্দৰ্ভত এই পৰ্যন্ত আয়োগে কোনো আনুষ্ঠানিক তথ্য সদৰি কৰা নাই।

উল্লেখযোগ্য যে ইউ পি এছ চি অসামৰিক সেৱাৰ পৰীক্ষা দেশৰ অন্যতম সন্মানীয় তথা কঠিন পৰীক্ষা। এই পৰীক্ষাৰ জৰিয়তে আই এ এছ, আই পি এছ, আই এফ এছ, আই আৰ এছ আদি বিষয়াসকলক বাছনি কৰা হয়৷দেশৰ উন্নয়নমূলক কামৰ লগতে নিৰাপত্তা ব্যৱস্থাৰ বাঘজৰী এই বিষায়াসকলৰ হাতত নিয়োজিত থাকে। এনে গুৰুত্বপূৰ্ণ পদবীত ৰিগিং বা অন্যায় উপায়েৰে বাছনি হৈ অহাটো চিন্তনীয় বিষয় হৈ পৰিছে।

জানিব পৰা মতে এই অভিযোগসমূহ ইউ পি এছ চিয়ে কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগলৈ প্ৰেৰণ কৰিছে। যদি অভিযোগসমূহ সত্য প্ৰতিপন্ন হয় প তেন্তে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।ইউ পি এছ চিয়ে নতুন ব্যৱস্থা বাহাল কৰাৰ ব্যৱস্থা কৰা হৈছে, ইউ পি এছ চি পৰীক্ষাত ৰিগিং অসম্ভৱ হৈ উঠিব বুলি আশা কৰা হৈছে৷ 

প্ৰাৰ্থীসকলৰ অক্ষমতাৰ মাপকাঠী আৰু কোটাৰ অপব্যৱহাৰ ৰোধ কৰাৰ ব্যৱস্থাৰ ওপৰতো চৰকাৰে আলোচনাত বহিছে, ইতিমধ্যে এই বিষয়ত কেইবাখনো বৈঠক অনুষ্ঠিত হৈগৈছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগ(DoPT)আৰু LBSNAA দুয়োটাই এই আসোঁৱাহসমূহ দূৰ কৰাৰ লগতে উদ্বেগজনক বিষয়সমূহ ভালদৰে চিনাক্ত কৰিবলৈ  চিন্তা চৰ্চা কৰিছে। জানিব পৰা মতে নাম সলনিৰ জালিয়াতি ৰোধ কৰিবলৈ ইউপিএছচিয়ে নিজাকৈ চফটৱেৰ আৰু প্ৰট’কল প্ৰস্তুত কৰিছে। প্ৰাৰ্থিৰ জন্ম তাৰিখৰ সৈতে নাম সলনি হৈছে নে নাই সেয়া জানিব পৰা যাব নতুন ব্যৱস্থাৰ জৰিয়তে।

কোটাৰ অপব্যৱহাৰৰ অভিযোগত পূজা খেডকাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰে তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰা শিক্ষাৰ্থী আই এ এছ পূজা খেডকাৰক  বৰ্খাস্ত কৰি অব্যাহতি দিয়াৰ লগতে৷ ভৱিষ্যতৰ পৰীক্ষাৰ পৰা বঞ্চিত কৰা হৈছে  খেডকাৰক৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ