--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত মংকিপক্সত আক্ৰান্ত এজন ৰোগী ধৰা পৰিছে। শেহতীয়াকৈ এজন যুৱকক মংকিপক্স সংক্ৰমণৰ সন্দেহযুক্ত ৰোগী বুলি ধৰা পৰিছে। ৰোগীজনক পৃথকে ৰখা হৈছে বিশেষ চিকিৎসালয়ত। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। ৰোগীজনৰ নমুনা পৰীক্ষা কৰি MPoxৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি বিষয়টো পৰিচালনা কৰা হৈছে আৰু সম্ভাৱ্য উৎস চিনাক্ত কৰি দেশৰ ভিতৰত ইয়াৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে কণ্টাক্ট ট্ৰেচিং চলি আছে। এই বিষয়টো এনচিডিচিয়ে কৰা বিপদৰ মূল্যায়নৰ সৈতে মিল আছে।

চৰকাৰীভাৱে সম্পূৰ্ণ গোপনে  ৰখা হৈছে ৰোগীগৰাকীৰ পৰিচয়।

মংকিপক্সৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা ব্যৱস্থা

এনে বিচ্ছিন্ন ভ্ৰমণ সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু যিকোনো সম্ভাৱ্য বিপদ পৰিচালনা আৰু লাঘৱৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। লগতে ক’ৰোনা ভাইৰাছৰ প্ৰত্যাহ্বানৰ মাজতে ৰাজ্যসমূহক সজাগ হৈ থাকিবলৈ কোৱা হৈছে।

মংকিপক্স কেনেকৈ বিয়পে জানেনে?

শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ৰ বৈঠকত প্ৰকাশ পাইছিল যে মংকিপক্সৰ সংক্ৰমণৰ সময় সাধাৰণতে ২-৪ সপ্তাহ। সংক্ৰমিত ব্যক্তিৰ সৈতে দীৰ্ঘদিনীয়া ঘনিষ্ঠ সংস্পৰ্শ, সাধাৰণতে যৌন সংস্পৰ্শ, শৰীৰ বা ঘাঁৰ তৰল পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শ বা সংক্ৰমিত ব্যক্তিৰ দূষিত কাপোৰ বা বিচনা চাদৰ ব্যৱহাৰ কৰিলে এই ৰোগ বিয়পে।

আপোনালোকক কওঁ যে, ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত WHO এ মংকিপক্সক PHEIC বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছত ২০২৩ চনৰ মে’ মাহত ইয়াক বাতিল কৰা হয়। মংকিপক্সত আক্ৰান্ত হৈ বিশ্বজুৰি ২০২২ চনলৈকে ১১৬খন দেশত ৯৯,১৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০৮ জন লোকৰ মৃত্যু হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
শিৱসাগৰত চাঞ্চল্য; স্বামীৰ কামোৰত পত্নীৰ মৃত্যু
বিশ্বৰ ১.৩৫ কোটি শিশুক দিয়া নাই ভেকচিন, ২০২৫ বৰ্ষৰ বাবে বিশ্ব স্বাস্থ্য সংস্থা-ইউনিচেফৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য
গৌৰীপুৰত গো মাংস বিক্ৰী কৰি থকা অৱস্থাত ৪জনক আটক
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement