--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত মংকিপক্সত আক্ৰান্ত এজন ৰোগী ধৰা পৰিছে। শেহতীয়াকৈ এজন যুৱকক মংকিপক্স সংক্ৰমণৰ সন্দেহযুক্ত ৰোগী বুলি ধৰা পৰিছে। ৰোগীজনক পৃথকে ৰখা হৈছে বিশেষ চিকিৎসালয়ত। বৰ্তমান তেওঁৰ অৱস্থা সুস্থিৰ। ৰোগীজনৰ নমুনা পৰীক্ষা কৰি MPoxৰ উপস্থিতি নিশ্চিত কৰা হৈছে।

প্ৰতিষ্ঠিত প্ৰট’কল অনুসৰি বিষয়টো পৰিচালনা কৰা হৈছে আৰু সম্ভাৱ্য উৎস চিনাক্ত কৰি দেশৰ ভিতৰত ইয়াৰ প্ৰভাৱৰ মূল্যায়নৰ বাবে কণ্টাক্ট ট্ৰেচিং চলি আছে। এই বিষয়টো এনচিডিচিয়ে কৰা বিপদৰ মূল্যায়নৰ সৈতে মিল আছে।

চৰকাৰীভাৱে সম্পূৰ্ণ গোপনে  ৰখা হৈছে ৰোগীগৰাকীৰ পৰিচয়।

মংকিপক্সৰ সৈতে মোকাবিলা কৰিবলৈ লোৱা ব্যৱস্থা

এনে বিচ্ছিন্ন ভ্ৰমণ সম্পৰ্কীয় সমস্যাৰ সৈতে মোকাবিলা কৰিবলৈ দেশ সম্পূৰ্ণৰূপে প্ৰস্তুত আৰু যিকোনো সম্ভাৱ্য বিপদ পৰিচালনা আৰু লাঘৱৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে সকলো ৰাজ্যকে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। লগতে ক’ৰোনা ভাইৰাছৰ প্ৰত্যাহ্বানৰ মাজতে ৰাজ্যসমূহক সজাগ হৈ থাকিবলৈ কোৱা হৈছে।

মংকিপক্স কেনেকৈ বিয়পে জানেনে?

শেহতীয়াকৈ স্বাস্থ্য মন্ত্ৰালয়ৰ বৈঠকত প্ৰকাশ পাইছিল যে মংকিপক্সৰ সংক্ৰমণৰ সময় সাধাৰণতে ২-৪ সপ্তাহ। সংক্ৰমিত ব্যক্তিৰ সৈতে দীৰ্ঘদিনীয়া ঘনিষ্ঠ সংস্পৰ্শ, সাধাৰণতে যৌন সংস্পৰ্শ, শৰীৰ বা ঘাঁৰ তৰল পদাৰ্থৰ প্ৰত্যক্ষ সংস্পৰ্শ বা সংক্ৰমিত ব্যক্তিৰ দূষিত কাপোৰ বা বিচনা চাদৰ ব্যৱহাৰ কৰিলে এই ৰোগ বিয়পে।

আপোনালোকক কওঁ যে, ইয়াৰ পূৰ্বে ২০২২ চনৰ জুলাই মাহত WHO এ মংকিপক্সক PHEIC বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছত ২০২৩ চনৰ মে’ মাহত ইয়াক বাতিল কৰা হয়। মংকিপক্সত আক্ৰান্ত হৈ বিশ্বজুৰি ২০২২ চনলৈকে ১১৬খন দেশত ৯৯,১৭৬ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০৮ জন লোকৰ মৃত্যু হৈছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু