--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিটো সময়ত সমগ্ৰ দেশকে এক আইনী ব্যৱস্থাৰ অধীনলৈ অনাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইউনিফৰ্ম চিভিল কোড অৰ্থাৎ উমৈহতীয়া দেৱানী বিধি বলৱৎ কৰাৰ বিষয়ত জোৰ দিছে, সেই সময়তে বিজেপিৰ সহযোগী দলৰ চৰকাৰ থকা উত্তৰ-পূবৰ কেইবা খনো ৰাজ্যই ইউচিচিৰ তীব্ৰ বিৰোধিতা কৰিছে। ইউচিচিৰ সপক্ষে বিজেপিয়ে যিমানেই যুক্তি নিদিয়ক কিয় ,উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যক স্থিতিৰ পৰা বিচলিত কৰিব পৰা নাই। 

বিজেপিৰ কোনো কথাই শুনিব বিচৰা নাই উত্তৰ-পূবত  বিজেপি মিত্ৰজোঁটৰ  চৰকাৰ থকা নাগালেণ্ড, মেঘালয়ৰ লগতে মিজোৰামে। এইক্ষেত্ৰত বিজেপিৰ যুক্তিকেই হয় হুজুৰৰ দৰে মানি লোৱা ৰাজ্য দুখন হৈছে অসম আৰু ত্ৰিপুৰাহে। লক্ষ্যণীয় কথাটো হ’ল উত্তৰ-পূবত অসম আৰু ত্ৰিপুৰাক বাদ দি বাকী ৰাজ্য কেইখনত খিলঞ্জীয়াৰ  আধিপত্যই চলি আহিছে। খিলঞ্জীয়াৰ  অধিকাৰ খৰ্ব কৰিব পৰা বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কোনো নীতিকেই সেই ৰাজ্যসমূহে মানি লোৱা নাই। বিজেপিৰ প্ৰতি তুষ্টিৰ ৰাজনীতি কৰাৰ সলনি সেই ৰাজ্য কেইখনৰ নেতৃত্বই ইতিমধ্যে চৰকাৰে গ্ৰহণ কৰা বহু কেইটা সিদ্ধান্তৰ বিৰুদ্ধে সবল ভাবে যুঁজ দিছে। 

সেয়া লাগিলে নাগৰিকত্ব সংশোধনী বিধেয়কেই হওঁক বা সামৰিক বাহিনী বিশেষ ক্ষমতা আইনেই হওঁক। শেহতীয়াকৈ উত্তৰ -পূবৰ খিলঞ্জীয়া অধ্যুষিত নাগালেণ্ড, মিজোৰাম, মেঘালয়ৰ দৰে ৰাজ্যত বিজেপিয়ে প্ৰস্তাৱ কৰা ইউচিচিৰ বিৰুদ্ধে ক্ষোভৰ জুই বৰষিছে। এই ক্ষোভ প্ৰশমিত কৰিব পৰা নাই উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিজেপিৰ প্ৰতি  সমভাবাপন্ন দলক লৈ গঠিত নেডাই। নেডাৰ কাম যেন এতিয়া কেৱল নিৰ্বাচনৰ মাজতে সীমাবদ্ধ হৈ আছে। 

কংগ্ৰেছ অথবা আন বিৰোধী দলক গালি পাৰি উত্তৰ-পূবত কিদৰে বিজেপিৰ খোপনি মজবুত কৰিব লাগে তাকেলৈয়েই যেন ব্যস্ত নেডা। নেডাই কেৱল নেহৰুৱে কি ভুল কৰিছিল সেয়া বাখ্যা কৰিবলৈ জানে, কিন্তু কি ভুলৰ বাবে আজি মণিপুৰ  জ্বলিছে, কেইবাখনো ৰাজ্যই ইউচিচিৰ বিৰুদ্ধে থিয় দিছে সেইবোৰ বিশ্লেষণ কৰি এটা সমাধানসূত্ৰ উলিওৱাটো যেন নেডাৰ কাম নহয়। দৰাচলতে   খ্ৰীষ্টান লোকৰ  বসতি প্রধান তিনি ৰাজ্যই বিজেপিৰ সপোনৰ  উমৈহতীয়া দেৱানীবিধিৰ পোনপটীয়াকৈ বিৰোধিতা কৰিছে। এনপিপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনবাড চাংমাই ইউচিচিৰ বিৰোধিতা কৰি স্পষ্টভাবে কৈছে যে 
এই  পদক্ষেপ ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্যৰ পৰম্পৰাৰ সম্পূৰ্ণ বিৰোধী। প্ৰকৃত ভাৰতৰ যি আদর্শ তাৰ সৈতে  উমৈহতীয়া দেৱানী বিধি খাপ নাখায়। ভাৰত বিভিন্ন সংস্কৃতিৰ ঐতিহ্যৰ ৰীতি-নীতি আৰু পৰম্পৰাৰ দেশ। এই বহুবাদ আৰু বিভিন্নতাই ভাৰতৰ শক্তি আৰু সৌন্দৰ্য। ইউচিচিয়ে সেইসকলোবোৰ ধ্বংস কৰিব।

 মেঘালয় মাতৃতান্ত্ৰিক ৰাজ্য হিচাবে  ইয়াত সম্পত্তিৰ অধিকাৰ কন্যাই লাভ কৰে।  এনে ব্যৱস্থাত ইউচিচিয়ে  হস্তক্ষেপ  কৰিব বুলিও বহুতে এতিয়া আশংকা কৰিছে। কনৰাড চাংমাৰ এনপিপিয়ে মেঘালয়ত ইউচিচিৰ বিৰোধিতা কৰাৰ প্ৰভাৱ মণিপুৰতো পৰিব। কাৰণ মণিপুৰতো এনপিপিৰ শক্তিশালী স্থিতি আছে আৰু দলটো ৰাজ্যখনৰ শাসকীয় দলৰ অভিন্ন অংশ হৈ আছে । নাগালেণ্ডত বিজেপিৰ সৈতে আছে এনডিপিপিৰ চৰকাৰ।  এনডিপিপিয়েও উমৈহতীয়া দেৱানী বিধিৰ বিৰোধিতা কৰিছে। দলটোৰ  সভাপতি চিত্ৰোং কন্যাকে  কোনোপৰিস্থিতে  উমৈহতীয়া দেৱানী বিধি মানি নলয় বুলি স্পষ্ট কৰি দিছে।দৰাচলতে নগালেণ্ড সংবিধানৰ ৩৭১ (এ) ধাৰাৰ অধীনত সুৰক্ষিত এখন ৰাজ্য। 

সেয়েহে তাত বলপূর্বক আইন বা নিয়ম জাপি দিব নোৱাৰে।এনডিপিপিৰ নেতা কন্যাকে সেয়ে কৈছে যে  কেন্দ্রই যদি ভাবিছে যে  উমৈহতীয়া দেৱানী বিধি বলবৎ কৰি অভিনৱ ভাৰত গঢ়িব পৰা যাব, তেন্তে তেওঁলোকে ভুল ভাবিছে। ভিন্নতা বজাই ৰাখিহে ঐক্যবদ্ধ ভাৰত, গঢ়া সম্ভব।' নগালেও বেপটিষ্ট গীর্জা সংগঠনেও উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰিব পৰা নাযাব বুলি স্পষ্ট কৰি দিছে। । নগালেণ্ডৰ ৰাইজিং পিপ'লছ পাৰ্টিয়ে  এই বিধি আৰ এছ এছৰ ৰাজনৈতিক চক্ৰান্তৰ অংশ বুলি মুকলিকৈয়ে মন্তব্য কৰিছে। ইউচিচি  নগা সংস্কৃতি আৰু পৰম্পৰাৰ বিৰোধী বুলিও তেওঁ কৈছে।  নগালেণ্ডৰ এনটিপিআৰএডিঅ' নামৰ সংস্থাটোৱে ইউচিচি বলৱৎ হ’লে সকলো বিধায়কৰ ঘৰত অগ্নিসংযোগ কৰা হ'ব বুলি ভাবুকি দিছে। 
আন কেই খন ৰাজ্যৰ পদাংক অনুসৰণ কৰি  মিজোৰাম বিধানসভায়ো ইউচিচিৰ বিৰুদ্ধে   প্রস্তাব গ্রহণ কৰিছে। মিজোৰামৰ  গৃহ মন্ত্ৰী লালচামলিয়ানাই কয় যে মিজোৰাম বিধানসভাই কেন্দ্রীয় চৰকাৰৰ উমৈহতীয়া দেৱানী বিধিক কোনোপধ্যে মানি নলয়। মিজোৰাম পিপল কনফাৰেন্সে ইউচিচিৰ  বিৰুদ্ধে সকলোকে  প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছে।

 এনে পৰিস্থিতিত উত্তৰ পূৰ্বাঞ্চলৰ বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰ থকা ৰাজ্যত বিজেপি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।  বিজেপি নেতাসকলে ইউচিচিৰ সমৰ্থনত যুক্তি দি থকাৰ সময়তে ই সংবিধানৰ পৰিপন্থী আৰু উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ ৰাজ্য আৰু সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনৰ অন্যান্য ৰাজ্যৰ ক্ষতি কৰিব বুলি উত্তৰ-পূবৰ ৰাজ্য কেই খনে সকিয়াই দিছে। উল্লেখ্য সংবিধানৰ  ষষ্ঠ অনুসূচীয়ে ইয়াৰ অধীনস্থ জনজাতীয় অঞ্চলক স্বায়ত্তশাসিত ৰূপে স্বীকৃতি দিয়ে। ইউচিচিয়ে সুবিধাৰ কণ-কঠীয়া মাৰিব বুলি আশংকা কৰা হৈছে। 

এনে পৰিস্থিতিত বিজেপি নেতৃত্বাধীন চৰকাৰে বলপূৰ্বক ইউচিচি জাপি দিলে পুনৰ উত্তপ্ত হৈ পৰিব পাৰে উত্তৰ-পূব। ইতিমধ্যে মণিপুৰ জ্বলি আছেই। মণিপুৰত শান্তি স্থাপনৰ বাবে কি বিজেপি, কি কেন্দ্ৰ, কি নেডা কোনেও একো পদক্ষেপেই গ্ৰহণ কৰিব পৰা নাই। নিয়মমাফিক কেৱল নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰ ভ্ৰমণ কৰিয়েই যেন দায়িত্ব সামৰিব। মণিপুৰ জ্বলি থাকিলেও যেন কেন্দ্ৰ একো আহে-নাযায়... কথাবোৰ যেন তেনেকুৱাই হৈছে...








FOLLOW US F
POPULAR
FEATURE
TRENDY
চি বি এছ ইত বছৰত দুবাৰ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা
পাকিস্তানক 'পাৰমাণৱিক শত্রু' ঘোষণা কৰিব আমেৰিকাই
বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভৰ জল ব্যৱহাৰ কৰে
প্ৰতিৰক্ষা ব্যয়ৰ বাবে কৰিব জি ডি পিৰ ৫% বাৰ্ষিক বিনিয়োগ
ওজন কমাবলৈ এই ১০ টা টিপছ মানি চলক
হাতে হাতে সুৰাৰ গিলাচ লৈ ৰাস্তাত নাচি-বাগি থাকোতেই চলিল গুলী: প্ৰাণ গ'ল ১২ গৰাকীকৈ নিৰীহ লোকৰ
ষ্টাৰশ্বিপৰ অগ্নি পৰীক্ষাৰ সময়তে ইলন মাস্কৰ SpaceX কেন্দ্ৰত বিস্ফোৰণ
সন্ত্রাসবাদৰ পৃষ্ঠপোষকতা কৰা ৰাষ্ট্ৰৰ বিৰুদ্ধে সৰৱ প্ৰধানমন্ত্ৰী মোদী
গভীৰ সংকটত পাকিস্তানৰ কৃষক
হিন্দুৱে গৰু মাংস কিয় কিয় থ'ব? থ'লে গাহৰিৰ মাংস থ'ব: হিমন্ত বিশ্ব শর্মা
ব্যস্ততাপূৰ্ণ জীৱনত যোগৰ প্ৰয়োজনীয়তা কিমান? জানো আহক বিশেষজ্ঞৰ পৰা...
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...