--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মনীষ ছিছ’দিয়াই, এটা অডিঅ’ ক্লিপৰ জৰিয়তে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে  গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক অডিঅ’ ক্লিপৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ‘অপাৰেচন লোটাছ’ৰ জৰিয়তে আম আদমী পাৰ্টীৰ বিধায়কসকলক ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে । 

শনিবাৰে ছিছ’দিয়াই ৰাজধানীত আপৰ বিধায়কক বিজেপিয়ে ক্ৰয় কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰি ‘বিজেপিৰ এটা অডিঅ’ ক্লিপ শুনিছিল বুলি উল্লেখ কৰিছে। তেওঁ কয় যে যদি এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জড়িত হৈ আছে, তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি তদন্ত কৰা উচিত। 

আচলতে আপৰ একাংশ বিধায়ক ক্রয় কৰিব বিচৰা সম্পৰ্কীয় এটা ৰেকৰ্ডিং টেপ ২৮ অক্টোবৰত আপে লাভ কৰিছে। এই অডিঅ’ত বিজেপিৰ এজন দালালে টি আৰ এছৰ এজন বিধায়কক কোৱা শুনিবলৈ পোৱা যায় যে তেওঁলোকেও দিল্লীৰ পৰা ৪৩ জন বিধায়ক কিনিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে ধনৰ প্ৰলোভনো দিছিল। তেওঁলোকে শ্বাহজী আৰু বি এল সন্তোষৰ লগত কথা পাতিছে বুলিও কৈছে।

তেলেংগানাৰ বিধায়ক ক্ৰয়ৰ কেলেংকাৰীত বিজেপি জড়িত থকাৰ তথ্য প্ৰকাশ পোৱাৰ পিচত ‘আপ’ৰ নেতা, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই দাবী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰা উচিত । 

এখন সংবাদমেলত আপৰ এজন জ্যেষ্ঠ নেতাই অডিঅ’ টেপ বজাই অভিযোগ কৰে যে ক্লিপটোত শুনা মাতবোৰ ৰাজ্যৰ শাসক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ক্ৰয় কৰাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ কৰা বিজেপিৰ দালাল তিনিজনৰ ভিতৰৰে । এজন।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে দাবী জনাইছে যে যদি বিজেপিৰ লোক  সকলে শ্বাহজী বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা কৈছে তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা উচিত। তেওঁ কয় যে এই অডিঅ’ টেপসমূহ দিল্লী আৰু পঞ্জাৱত আপৰ বিধায়কসকলক ভাঙিবলৈ বিজেপিৰ ব্যৰ্থ প্ৰচেষ্টাৰ “প্ৰমাণ”। এই সন্দৰ্ভত বলবৎকাৰী সঞ্চালকালয়ৰ তদন্তৰ দাবী জনাইছে ছিছোদিয়াই।

ছিছোদিয়াই কয় যে এখন দেশৰ গৃহমন্ত্ৰী এনে ষড়যন্ত্ৰত জড়িত হ’লে ই অতি বিপদজনক। ইফালে বিজেপি বা অমিত শ্বাহৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া বৰ্তমানলৈকে চৰ্চালৈ অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু