--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মনীষ ছিছ’দিয়াই, এটা অডিঅ’ ক্লিপৰ জৰিয়তে পুনৰবাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে  গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। এক অডিঅ’ ক্লিপৰ জৰিয়তে দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়াই। ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে ‘অপাৰেচন লোটাছ’ৰ জৰিয়তে আম আদমী পাৰ্টীৰ বিধায়কসকলক ভাঙিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰিছে । 

শনিবাৰে ছিছ’দিয়াই ৰাজধানীত আপৰ বিধায়কক বিজেপিয়ে ক্ৰয় কৰাৰ প্ৰচেষ্টাৰ বিষয়ে আলোচনা কৰি ‘বিজেপিৰ এটা অডিঅ’ ক্লিপ শুনিছিল বুলি উল্লেখ কৰিছে। তেওঁ কয় যে যদি এই বিষয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ জড়িত হৈ আছে, তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি তদন্ত কৰা উচিত। 

আচলতে আপৰ একাংশ বিধায়ক ক্রয় কৰিব বিচৰা সম্পৰ্কীয় এটা ৰেকৰ্ডিং টেপ ২৮ অক্টোবৰত আপে লাভ কৰিছে। এই অডিঅ’ত বিজেপিৰ এজন দালালে টি আৰ এছৰ এজন বিধায়কক কোৱা শুনিবলৈ পোৱা যায় যে তেওঁলোকেও দিল্লীৰ পৰা ৪৩ জন বিধায়ক কিনিবলৈ চেষ্টা কৰিছিল আৰু ইয়াৰ বাবে ধনৰ প্ৰলোভনো দিছিল। তেওঁলোকে শ্বাহজী আৰু বি এল সন্তোষৰ লগত কথা পাতিছে বুলিও কৈছে।

তেলেংগানাৰ বিধায়ক ক্ৰয়ৰ কেলেংকাৰীত বিজেপি জড়িত থকাৰ তথ্য প্ৰকাশ পোৱাৰ পিচত ‘আপ’ৰ নেতা, দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়াই দাবী কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে পদত্যাগ কৰা উচিত । 

এখন সংবাদমেলত আপৰ এজন জ্যেষ্ঠ নেতাই অডিঅ’ টেপ বজাই অভিযোগ কৰে যে ক্লিপটোত শুনা মাতবোৰ ৰাজ্যৰ শাসক দল তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ বিধায়ক ক্ৰয় কৰাৰ অভিযোগত তেলেংগানাত গ্ৰেপ্তাৰ কৰা বিজেপিৰ দালাল তিনিজনৰ ভিতৰৰে । এজন।

দিল্লীৰ উপ-মুখ্যমন্ত্ৰীয়ে দাবী জনাইছে যে যদি বিজেপিৰ লোক  সকলে শ্বাহজী বুলি গৃহমন্ত্ৰী অমিত শ্বাহৰ কথা কৈছে তেন্তে তেওঁক তৎক্ষণাত গ্ৰেপ্তাৰ কৰি সোধা-পোছা কৰা উচিত। তেওঁ কয় যে এই অডিঅ’ টেপসমূহ দিল্লী আৰু পঞ্জাৱত আপৰ বিধায়কসকলক ভাঙিবলৈ বিজেপিৰ ব্যৰ্থ প্ৰচেষ্টাৰ “প্ৰমাণ”। এই সন্দৰ্ভত বলবৎকাৰী সঞ্চালকালয়ৰ তদন্তৰ দাবী জনাইছে ছিছোদিয়াই।

ছিছোদিয়াই কয় যে এখন দেশৰ গৃহমন্ত্ৰী এনে ষড়যন্ত্ৰত জড়িত হ’লে ই অতি বিপদজনক। ইফালে বিজেপি বা অমিত শ্বাহৰ কোনো তাৎক্ষণিক প্ৰতিক্ৰিয়া বৰ্তমানলৈকে চৰ্চালৈ অহা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ