--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নীট ইউজি ২০২৪ ত হোৱা প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মকলৈ ব্যাপক প্ৰতিবাদ হৈ আছে। ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা হৈছে , কিন্তু  নীট ইউজি ২০২৪ বাতিল কৰা হোৱা নাই।  হয়তো কেন্দ্রই পৰীক্ষা বাতিল নকৰেও৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মোদী চৰকাৰে কিয় এনে পথ অনুসৰণ কৰিছে সেই বিষয়ত বাখ্যা কৰিছে। 

ধৰ্মেন্দ্ৰই  প্ৰধানে  ব্যাখ্যা কৰা  অনুসৰি ২০০৪ আৰু ২০১৫ চনত প্ৰশ্নকাকত  ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছিল।সেই দুটা বৰ্ষত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বহুতেই সেই কাকত লাভ কৰিছিল।  এইবাৰ প্ৰশ্নকাকত ফাদিল হ’লেও সামান্য সংখ্যক ছাত্ৰ-ছাত্ৰীৰ হাতলৈহে তেনে কাকত  গৈছিল। এনে পৰিস্থিতিত পৰীক্ষা বাতিল কৰাটো সঁচাকৈয়ে কষ্ট কৰি পঢ়ি-শুনি  পৰীক্ষাত উত্তীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অন্যায়  কৰা হ’ব বুলি প্ৰধানে কয়। একে সময়তে তেওঁ কয়  যে যিহেতু উচ্চতম ন্যায়ালয়ত এই বিষয়ত গোচৰ চলি আছে,  গতিকে এই বিষয়ত উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্তই চূড়ান্ত হ’ব।

উল্লেখ্য নীট ইউজিকলৈ নানান  বিতৰ্ক চলি আছে। আনকি উচ্চতম ন্যায়ালয়েও পৰীক্ষা পৰিচালনা কৰা এন টি এক ইয়াৰ বাবে সমালোচনা কৰিছিল।  এন টি এই এইবুলি দাবী কৰিছে যে এটা প্ৰশ্নত ভুল হোৱাৰ বাবে আৰু লগতে প্ৰশ্নকাকত লাভ কৰাত পলম হোৱাৰ বাবে গ্ৰেচ মাৰ্ক দিয়া হৈছিল। ইপিনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গ্ৰেচ নম্বৰ পোৱা ১৫৬৩ গৰাকী শিক্ষাৰ্থীৰ  পৰীক্ষা বাতিল কৰা হৈছে। এই অনিয়ম সন্দৰ্ভত বহু গোচৰ ৰুজু হৈছে।



 নীটকলৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ইউজিচি-নেট বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই  এই পৰীক্ষা বাতিল কৰা হৈছে।  প্ৰায় ৯ লাখ প্ৰাৰ্থীয়ে  ইউজিচি-নেটত অৱতীৰ্ণ হৈছিল।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰধানে কয় যে এই বিষয়ত উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি তদন্ত কৰা হ’ব। কোনেও পৰিত্ৰাণ নাপাব। তেওঁ  কয় যে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থই সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ