--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সমগ্ৰ দেশতে নীট ইউজি ২০২৪ ত হোৱা প্ৰশ্নকাকত ফাদিল আৰু অন্যান্য অনিয়মকলৈ ব্যাপক প্ৰতিবাদ হৈ আছে। ইউজিচি নেটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত পৰীক্ষা বাতিল কৰা হৈছে , কিন্তু  নীট ইউজি ২০২৪ বাতিল কৰা হোৱা নাই।  হয়তো কেন্দ্রই পৰীক্ষা বাতিল নকৰেও৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে মোদী চৰকাৰে কিয় এনে পথ অনুসৰণ কৰিছে সেই বিষয়ত বাখ্যা কৰিছে। 

ধৰ্মেন্দ্ৰই  প্ৰধানে  ব্যাখ্যা কৰা  অনুসৰি ২০০৪ আৰু ২০১৫ চনত প্ৰশ্নকাকত  ফাদিল হোৱাৰ বাবে পৰীক্ষা বাতিল কৰা হৈছিল।সেই দুটা বৰ্ষত প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছতে বহুতেই সেই কাকত লাভ কৰিছিল।  এইবাৰ প্ৰশ্নকাকত ফাদিল হ’লেও সামান্য সংখ্যক ছাত্ৰ-ছাত্ৰীৰ হাতলৈহে তেনে কাকত  গৈছিল। এনে পৰিস্থিতিত পৰীক্ষা বাতিল কৰাটো সঁচাকৈয়ে কষ্ট কৰি পঢ়ি-শুনি  পৰীক্ষাত উত্তীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ প্ৰতি অন্যায়  কৰা হ’ব বুলি প্ৰধানে কয়। একে সময়তে তেওঁ কয়  যে যিহেতু উচ্চতম ন্যায়ালয়ত এই বিষয়ত গোচৰ চলি আছে,  গতিকে এই বিষয়ত উচ্চতম ন্যায়ালয়ে দিয়া সিদ্ধান্তই চূড়ান্ত হ’ব।

উল্লেখ্য নীট ইউজিকলৈ নানান  বিতৰ্ক চলি আছে। আনকি উচ্চতম ন্যায়ালয়েও পৰীক্ষা পৰিচালনা কৰা এন টি এক ইয়াৰ বাবে সমালোচনা কৰিছিল।  এন টি এই এইবুলি দাবী কৰিছে যে এটা প্ৰশ্নত ভুল হোৱাৰ বাবে আৰু লগতে প্ৰশ্নকাকত লাভ কৰাত পলম হোৱাৰ বাবে গ্ৰেচ মাৰ্ক দিয়া হৈছিল। ইপিনে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি গ্ৰেচ নম্বৰ পোৱা ১৫৬৩ গৰাকী শিক্ষাৰ্থীৰ  পৰীক্ষা বাতিল কৰা হৈছে। এই অনিয়ম সন্দৰ্ভত বহু গোচৰ ৰুজু হৈছে।



 নীটকলৈ দেশজুৰি চলি থকা বিতৰ্কৰ মাজতে বুধবাৰে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ে ইউজিচি-নেট বাতিল কৰাৰ সিদ্ধান্ত ঘোষণা কৰে। প্ৰশ্নকাকত ফাদিল হোৱাৰ বাবেই  এই পৰীক্ষা বাতিল কৰা হৈছে।  প্ৰায় ৯ লাখ প্ৰাৰ্থীয়ে  ইউজিচি-নেটত অৱতীৰ্ণ হৈছিল।

কেন্দ্ৰীয় শিক্ষামন্ত্ৰী প্ৰধানে কয় যে এই বিষয়ত উচ্চ পৰ্যায়ৰ কমিটী গঠন কৰি তদন্ত কৰা হ’ব। কোনেও পৰিত্ৰাণ নাপাব। তেওঁ  কয় যে ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থই সকলো ক্ষেত্ৰতে অগ্ৰাধিকাৰ পাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু