--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতত এতিয়া যুদ্ধক লৈ ব্যাপক চৰ্চা। ৰাচিয়াই যিকোনো মুহূৰ্ততে আত্ৰমণ কৰিব পাৰে ইউক্ৰেইন। সম্ভাব্য যুদ্ধ প্ৰতিহত কৰিবলৈ ইউক্ৰেইনৰ তৰফৰ পৰাও সামৰিক আৰু কুটনৈতিক কৌশল অব্যাহত। কিন্তু এই সকলো প্ৰতিৰোধ কৌশলে ইউক্ৰেইন বচাব পাৰিবনে বা কুটনৈতিক আলোচনাই যুদ্ধৰ বীভিষিকা শেষ কৰিব পাৰিবনে তাক লৈ এতিয়া বিশ্বজুৰি চৰ্চাৰ অন্ত নাই। বিগত কেইবা বছৰৰ পৰাই ইউক্ৰেইনে ৰাচিয়াৰ পৰা আক্ৰমণৰ সংকেত লাভ কৰি আছিল বুলি এতিয়া চৰ্চা হৈছে। কিয়নো ডনবাচ অঞ্চলটোক কেইবাটাও বিচ্ছিন্নতাবাদী সংগঠনে ঘাটি হিচাপে ব্যৱহাৰ কৰি ৰাচিয়াৰ পৰা অস্ত্ৰ-শস্ত্ৰৰ সহায় লৈ আহিছে। বহুতেই ক’ব খোজে যে এই বিচ্ছিন্নতাবাদী সংগঠনবোৰক ৰাচিয়াই বিভিন্ন প্ৰকাৰে সহযোগ কৰি আহিছে। প্ৰায় সমান্তৰালকৈ ইউক্ৰেইনে ৰাচিয়াৰ পৰা বিভিন্ন প্ৰকাৰৰ ৰক্ষাৰ বাবে উত্তৰ আটলাণ্টিক চুক্তি সংগঠন চমুকৈ NATOৰ সদস্য হোৱাৰ যত্ন অব্যাহত ৰাখিছে। কিয়নো NATOৰ সদস্যভৰ্তি হোৱাৰ লগে লগে ৰাচিয়াৰ সকলো আক্ৰমণ তথা কুটনীতি আমেৰিকা তথা ইয়াৰ আন সহযোগী NATO ৰাষ্ট্ৰৰ ওপৰত হোৱা আক্ৰমণ বুলি বিবেচিত হ’ব। কিন্তু যিহেতু এই পৰ্যন্ত ইউক্ৰেইন NATOত ভৰ্তি হ’ব পৰা নাই, তাৰ বাবে এই আক্ৰমণ প্ৰতিহত কৰিবলৈ সকলো প্ৰকাৰৰ চেষ্টা অব্যাহত ৰাখিছে। শেহতীয়াকৈ ইউক্ৰেইনৰ সেনাক সামৰিক কুচ-কাৱাজ কৰি থকা দেখিবলৈ পোৱা গৈছিল। ইয়াৰ সমান্তৰালকৈ আন এখন ছবি পোহৰলৈ আহিছে। ৰাছিয়াৰ আক্ৰমণৰ ভাবুকি প্ৰকট হোৱাৰ লগে লগে ইউক্ৰেইনৰ নাগৰিকসকলে যুঁজৰ প্ৰশিক্ষণ লৈ আছে। তেওঁলোকৰ ভিতৰত এজন ভাৰতীয় শিক্ষাৰ্থী দেখিবলৈ পোৱা গৈছে যি ইউক্ৰেইনৰ হৈ যুঁজিবলৈ স্বেচ্ছাসেৱকসকলৰ দ্বাৰা গঠিত অৰ্ধসামৰিক গোট জৰ্জিয়ান নেচনেল লিজিয়নত যোগদান কৰিছে। এৰোস্পেচ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰ আৰু তামিলনাডুৰ বাসিন্দা চাই-এ, কিয়েভত যুদ্ধ প্ৰশিক্ষণ লৈ থকা ফটো পোহৰলৈ আহিছে। চাইয়ে কয় যে তেওঁ তিনিদিন আগতে দলটোত যোগদান কৰিছিল আৰু বৰ্তমান যুদ্ধৰ প্ৰাৰম্ভিক কৌশল, চিকিৎসা প্ৰশিক্ষণকে ধৰি যুদ্ধ সম্পৰ্কীয় প্ৰশিক্ষণ লৈ আছে। ইউক্ৰেইনত ভাৰতীয় মিছনে ভাৰতীয় শিক্ষাৰ্থীসকলক যিসকলৰ থকাটো অত্যাৱশ্যকীয় নহয় তেওঁলোকক ভাৰতলৈ উভতি যাবলৈ কৈছে। যিসকল ইউক্ৰেইনত থাকি গৈছে তেওঁলোকে দূতাবাসৰ সৈতে যোগাযোগত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে, শুকুৰবাৰে ইউক্ৰেইন সীমান্তত উত্তেজনা পূৰ্বতকৈ যথেষ্ট বৃদ্ধি পাইছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্ৰেইনক ৰাছিয়াৰ সংখ্যালঘুসকলৰ বিৰুদ্ধে মানৱ অধিকাৰ উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰিছিল। অন্যহাতে ইউক্ৰেইনৰ বিচ্ছিন্ন অঞ্চল যেনে, ডনেটস্ক আৰু লুহানস্কৰ বিচ্ছিন্নতাবাদী নেতাসকলে সেই ঠাইৰ পৰা সাধাৰণ জনতাক আঁতৰি যাবলৈ আৰু অঞ্চল কেইটা খালী কৰাৰ নিৰ্দেশ দিছিল। ইয়াৰ ফলত পশ্চিমীয়া দেশসমূহৰ আক্ৰমণাত্মক হৈ পৰা আশংকা আছে। যাক ৰাছিয়াই ইউক্ৰেইন আক্ৰমণৰ অজুহাত হিচাপে ব্যৱহাৰ কৰাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ