--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে সোমবাৰে পুনৰ কেইবাটাও চীনৰ মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিলে। ভাৰতৰ নিৰাপত্তা, গোপনীয়তা আদি বিষয় উত্থাপন কৰি নিষিদ্ধ কৰা হ’ল ৫৪ টাকৈ এপ। ইয়াৰ ভিতৰত আছে ভাইভা ভিডিঅ' এডিটিং এপ আৰু গেমিং এপ ইলুমিনেট আদিৰ দৰে কেইবাটাও বহুল ব্যৱহৃত আৰু জনপ্ৰিয় এপ। ভাৰতৰ এই পদক্ষেপক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চীনা চৰকাৰৰ তৰফৰ পৰা। ভাৰতৰ সিদ্ধান্তৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি চীনৰ বাণিজ্য মন্ত্ৰালয়ে ভাৰতক চীনাৰ সৈতে থকা ব্যৱসায়িক পৰিৱেশ উন্নত কৰিবলৈ আৰু চীনা কোম্পানীকে ধৰি সকলো বিদেশী বিনিয়োগকাৰীৰ সৈতে নিৰপেক্ষ, স্বচ্ছ আৰু বৈষম্যহীন ব্যৱহাৰ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনায়। উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ অভিযোগ অনুসৰি চীনা এপ সমূহে ব্যৱহাৰকাৰীৰ পৰা এপ ব্যৱহাৰৰ বিনিময়ত বহু গুৰুত্বপূৰ্ণ অনুমতি আদায় কৰে। যাৰ দ্বাৰা এপ সমূহৰ যোগেদি ব্যৱহাৰকাৰীৰ বিভিন্ন তথ্য আহৰণ কৰে। এনে সংবেদনশীল তথ্য চীনা কোম্পানীবোৰে অপব্যৱহাৰ কৰে বুলিও অভিযোগ উত্থাপিত হৈছিল। চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ গাও ফেঙে ভাৰতত নিষিদ্ধ কৰা এপ সন্দৰ্ভত কয় যে সংশ্লিষ্ট ভাৰতীয় কৰ্তৃপক্ষই ভাৰতত চীনা কোম্পানী আৰু তেওঁলোকৰ সামগ্ৰী সমূহ নিয়ন্ত্ৰণ কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে, যিয়ে তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থৰ গুৰুতৰ ক্ষতি কৰিছে। লগতে কয় যে চীন আৰু ভাৰত ইজনে সিজনৰ বাবে অপৰিহাৰ্য চুবুৰীয়া ৰাষ্ট্ৰ আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰ। ২০২১ চনত, চীন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১২৫.৭ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল। গাওৱে কৈছিল যে ‘দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত শক্তিশালী স্থিতিস্থাপকতা আৰু বৃহৎ সম্ভাৱনা আছে’। এনে পৰিস্থিতিত, আশা কৰা হৈছে যে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ বিকাশৰ গতি বজাই ৰখাৰ বাবে ভাৰত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজন। মন কৰিব লগীয়া যে, ‘ভাৰতে পূৰ্বে ২০২০ চনত বহু কেইটা চীনা এপ নিষিদ্ধ কৰিছিল। ইয়াৰ ভিতৰত আছিল বিখ্যাত এপ টিকটক আৰু ইউচি ব্ৰাউজাৰ ইত্যাদি। ভাৰত চৰকাৰে কৈছিল যে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে এনে এপবোৰে বিসংগতিৰ সৃষ্টি কৰি আহিছে। তদুপৰি চৰকাৰে বিখ্যাত গেমিং এপ পাবজিকে ধৰি আৰু ১১৮ টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিছিল। এইবোৰক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু প্ৰতিৰক্ষাৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক