--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত চৰকাৰে সোমবাৰে পুনৰ কেইবাটাও চীনৰ মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিলে। ভাৰতৰ নিৰাপত্তা, গোপনীয়তা আদি বিষয় উত্থাপন কৰি নিষিদ্ধ কৰা হ’ল ৫৪ টাকৈ এপ। ইয়াৰ ভিতৰত আছে ভাইভা ভিডিঅ' এডিটিং এপ আৰু গেমিং এপ ইলুমিনেট আদিৰ দৰে কেইবাটাও বহুল ব্যৱহৃত আৰু জনপ্ৰিয় এপ। ভাৰতৰ এই পদক্ষেপক লৈ এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে চীনা চৰকাৰৰ তৰফৰ পৰা। ভাৰতৰ সিদ্ধান্তৰ প্ৰতি প্ৰতিক্ৰিয়া ব্যক্ত কৰি চীনৰ বাণিজ্য মন্ত্ৰালয়ে ভাৰতক চীনাৰ সৈতে থকা ব্যৱসায়িক পৰিৱেশ উন্নত কৰিবলৈ আৰু চীনা কোম্পানীকে ধৰি সকলো বিদেশী বিনিয়োগকাৰীৰ সৈতে নিৰপেক্ষ, স্বচ্ছ আৰু বৈষম্যহীন ব্যৱহাৰ কৰিবলৈ ভাৰত চৰকাৰক আহ্বান জনায়। উল্লেখযোগ্য যে, ভাৰত চৰকাৰৰ অভিযোগ অনুসৰি চীনা এপ সমূহে ব্যৱহাৰকাৰীৰ পৰা এপ ব্যৱহাৰৰ বিনিময়ত বহু গুৰুত্বপূৰ্ণ অনুমতি আদায় কৰে। যাৰ দ্বাৰা এপ সমূহৰ যোগেদি ব্যৱহাৰকাৰীৰ বিভিন্ন তথ্য আহৰণ কৰে। এনে সংবেদনশীল তথ্য চীনা কোম্পানীবোৰে অপব্যৱহাৰ কৰে বুলিও অভিযোগ উত্থাপিত হৈছিল। চীনৰ বাণিজ্য মন্ত্ৰালয়ৰ মুখপাত্ৰ গাও ফেঙে ভাৰতত নিষিদ্ধ কৰা এপ সন্দৰ্ভত কয় যে সংশ্লিষ্ট ভাৰতীয় কৰ্তৃপক্ষই ভাৰতত চীনা কোম্পানী আৰু তেওঁলোকৰ সামগ্ৰী সমূহ নিয়ন্ত্ৰণ কৰিবলৈ কেইবাটাও ব্যৱস্থা গ্ৰহণ কৰিছে, যিয়ে তেওঁলোকৰ অধিকাৰ আৰু স্বাৰ্থৰ গুৰুতৰ ক্ষতি কৰিছে। লগতে কয় যে চীন আৰু ভাৰত ইজনে সিজনৰ বাবে অপৰিহাৰ্য চুবুৰীয়া ৰাষ্ট্ৰ আৰু গুৰুত্বপূৰ্ণ অৰ্থনৈতিক আৰু বাণিজ্যিক অংশীদাৰ। ২০২১ চনত, চীন আৰু ভাৰতৰ মাজত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ১২৫.৭ বিলিয়ন আমেৰিকান ডলাৰত উপনীত হৈছিল। গাওৱে কৈছিল যে ‘দুয়োখন দেশৰ মাজত অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ ক্ষেত্ৰত শক্তিশালী স্থিতিস্থাপকতা আৰু বৃহৎ সম্ভাৱনা আছে’। এনে পৰিস্থিতিত, আশা কৰা হৈছে যে দ্বিপাক্ষিক অৰ্থনৈতিক আৰু বাণিজ্যিক সহযোগিতাৰ বিকাশৰ গতি বজাই ৰখাৰ বাবে ভাৰত চৰকাৰে দৃঢ় পদক্ষেপ গ্ৰহণ কৰাটো অতীৱ প্ৰয়োজন। মন কৰিব লগীয়া যে, ‘ভাৰতে পূৰ্বে ২০২০ চনত বহু কেইটা চীনা এপ নিষিদ্ধ কৰিছিল। ইয়াৰ ভিতৰত আছিল বিখ্যাত এপ টিকটক আৰু ইউচি ব্ৰাউজাৰ ইত্যাদি। ভাৰত চৰকাৰে কৈছিল যে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাৰ বাবে এনে এপবোৰে বিসংগতিৰ সৃষ্টি কৰি আহিছে। তদুপৰি চৰকাৰে বিখ্যাত গেমিং এপ পাবজিকে ধৰি আৰু ১১৮ টা মোবাইল এপ্লিকেচন নিষিদ্ধ কৰিছিল। এইবোৰক ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু প্ৰতিৰক্ষাৰ বাবে ক্ষতিকাৰক বুলি উল্লেখ কৰা হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে