--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দেশবাসীয়ে আজিও পাহৰিব পৰা ২০০৮ চনত মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ বিভীষিকাক৷ পাক সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হৈছিল ১৭৫গৰাকী লোক, আহত হৈছিল তিনি শতাধিক৷ তাজ হোটেলত সংঘটিত সেই বিস্ফোৰণৰ মাষ্টাৰমাইণ্ড চাজিদ মজিদ মীৰক ১৫ বছৰৰ কাৰাদণ্ড বিহিছে পাকিস্তানৰ আদালতে৷ 

পাকিস্তানৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে ২০০৮ চনৰ মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ডজনক সন্ত্ৰাসবাদ-বিত্তীয় গোচৰত ১৫ বছৰৰ কাৰাদণ্ড বিহিছে৷ লস্কৰ-ই-তৈবা আৰু জামাত-উদ-দাৱা নেতাসকলৰ সন্ত্ৰাসবাদ-বিত্তীয় গোচৰৰ সৈতে জড়িত এজন জ্যেষ্ঠ অধিবক্তাই কয়, এই মাহৰ আৰম্ভণিতে লাহোৰৰ এখন সন্ত্ৰাসবাদ বিৰোধী আদালতে সন্ত্ৰাসবাদীৰ বিত্তীয় গোচৰত নিষিদ্ধ লস্কৰ-ই-তৈবা (এল ই টি)ৰ কৰ্মী চাজিদ মজিদ মীৰক ১৫ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।

পঞ্জাব আৰক্ষীৰ সন্ত্ৰাসবাদ বিৰোধী বিভাগে (চিটিডি), সন্ত্ৰাসবাদী-বিত্তীয় গোচৰত মীৰৰ দোষী সাব্যস্ত হোৱাৰ বিষয়ে অৱগত কৰা নাছিল। ইয়াৰ উপৰিও, যিহেতু এইটো কাৰাগাৰত এটা ইন-কেমেৰা প্ৰক্ৰিয়া আছিল সংবাদ মাধ্যমক প্ৰৱেশৰ অনুমতি দিয়া হোৱা নাছিল।

অধিবক্তাজনে আৰু কৈছিল যে ৪০ৰ দশকৰ মাজভাগত থকা দোষী মীৰ যোৱা এপ্ৰিলত গ্ৰেপ্তাৰ হোৱাৰ পাছৰে পৰা কোট লাখপত কাৰাগাৰত আছে। তেওঁ কয় যে আদালতে দোষীক ৪,০০,০০০ টকাৰ জৰিমনা বিহিছে৷ 

আগতে এইটো ধাৰণা কৰা হৈছিল যে মীৰৰ মৃত্যু হৈছে। ফাইনেন্সিয়েল একচন টাস্ক ফ'ৰ্চৰ (এফএটিএফ) অন্তিম বৈঠকৰ পূৰ্বে পাকিস্তানে সংস্থাটোক কৈছিল যে এফএটিএফ ‘গ্ৰে লিষ্ট’ৰ পৰা আঁতৰাবলৈ তেওঁলোকে চাজিদ মীৰক গ্ৰেপ্তাৰ আৰু মোকৰ্দমা চলাইছিল।

মীৰক মুম্বাই আক্ৰমণৰ মাষ্টাৰমাইণ্ড বুলি কোৱা হৈছিল। খবৰ অনুসৰি মীৰে ২০০৫ চনত ভুৱা নামত ভুৱা পাছপোৰ্ট ব্যৱহাৰ কৰি ভাৰতত প্ৰৱেশ কৰিছিল৷ মুম্বাই সন্ত্ৰাসবাদী আক্ৰমণৰ অভিযুক্ত মাষ্টাৰমাইণ্ড আৰু জেইউডিৰ মুৰব্বী হাফিজ ছাইদক ইতিমধ্যে লাহোৰ এটিচিৰ দ্বাৰা সন্ত্ৰাসবাদীৰ বিত্তীয় গোচৰত ৬৮ বছৰৰ কাৰাদণ্ড দিয়া হৈছে।

মুম্বাই আক্ৰমণৰ অপাৰেচন কমাণ্ডাৰ জাকিউৰ ৰেহমান লাখভিকো কেইবাবছৰৰ কাৰাবাসৰ বাবে দোষী সাব্যস্ত কৰা হৈছে। চাইদ আৰু মাকি দুয়ো লাহোৰৰ কোট লাপখাপ্ট কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে।

চাইদৰ নেতৃত্ব প্ৰদান কৰা জেইউডি হৈছে লস্কৰ-ই-তৈবা (এলইটি)ৰ সন্মুখৰ সংগঠন যিয়ে ২০০৮ চনৰ মুম্বাই আক্ৰমণ সংঘটিত কৰাৰ বাবে জগৰীয়া, যিয়ে ছজন আমেৰিকানকো হত্যা কৰিছিল। আমেৰিকাৰ কোষাগাৰ বিভাগে চাইদক বিশেষভাৱে নিৰ্ধাৰিত বিশ্ব সন্ত্ৰাসবাদী হিচাপে ঘোষণা কৰিছিল৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
হানীমুনত বাৰ্বিকিউৰ জুইত দগ্ধ নৱবিবাহিতা; দুমাহ জীৱন-মৃত্যুৰে যুঁজি অৱশেষত শেষ নিঃশ্বাস ত্যাগ
অসমৰ পৰা হেৰাই যাবলৈ ধৰিছে ‘গঙা চিলনী’
ক্ষেপণাস্ত্ৰ পৰীক্ষাৰ বাবে জাপানে ব্যৱহাৰ কৰিব ভাৰতৰ ফায়াৰিং ৰেঞ্জ, দ্বিপাক্ষিক প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰাৰ লক্ষ্য
ভাৰতৰ সেউজ শক্তিত ৭০০ কোটি ডলাৰ বিনিয়োগ কৰিব এমাজনে
উখল মাখল নলবাৰী; তেৰদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ২৪ নৱেম্বৰৰ পৰা ৰাস মহোৎসৱ
কেৱল মৌখিক নির্দেশত দিয়া নিযুক্তিত কৰ্মচাৰীয়ে লাভ নকৰে পেঞ্চনকে ধৰি অন্যান্য অৱসৰকালীন সা-সুবিধা: গুৱাহাটী উচ্চ ন্যায়ালয়
আজি মুম্বাইত উপস্থিত হ’ব ব্ৰিটেইনৰ ৰাজকুমাৰ উইলিয়াম আৰু ৰাজকুমাৰী কেট; দিল্লীত প্ৰধানমন্ত্ৰী মোদীৰ সৈতে বৈঠক
ৰে’লত টিকট নাই, বিমানৰ টিকটৰো আকাশলংঘী দাম; ২৬ লাখ টকাৰ গাড়ী কিনি ষঠ পূজাৰ বাবে ঘৰলৈ আহিল এজন ব্যক্তি
২০০ মেগাৱাট বিদ্যুৎ পৰিবহণৰ লক্ষ্যৰে নির্মাণ হ’ব ভাৰত-ছিংগাপুৰ বিদ্যুৎ পৰিবাহী কৰিড’ৰ
অজনাৰ নদী চাফা কৰি চৰ্চাত অহা বিট্টু তবাহি অসুস্থ, মানুহে পুনৰ আৱৰ্জনা পেলাই লেতেৰা কৰিছে নদীখন
বাংলাদেশৰ প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ প্ৰত্যর্পণৰ সকলো আইনী প্রক্রিয়া সম্পূর্ণ কৰিলে ঢাকাই
TVS গ্ৰুপত সম্পত্তিক লৈ ডাঙৰ বিবাদ! ভাতৃৰ সমান অংশীদাৰী বিচাৰি পিতৃলৈ আইনী জাননী প্ৰেৰণ কন্যাৰ
উত্তৰাখণ্ডত দুটাকৈ ভয়ংকৰ দুৰ্ঘটনাত মুঠ ১২ জনৰ মৃত্যু; কেইবাজনো লোক গুৰুতৰভাৱে আহত
চুৰিৰ উদ্দেশ্যে ঘৰত সোমাই পতি-পত্নীক হত্যা; ‘ডাবল মাৰ্ডাৰ’ৰ ঘটনাই কঁপাইছে কনৌজ