--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা-মন্ত্ৰণালয়ৰ এক সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক কিয়েভ এৰি যাবলৈ জৰুৰী বাৰ্তা জাৰি কৰিছে। ইউক্ৰেইনৰ ৰাজধানী চহৰ মঙলবাৰে পুৱাৰেপৰা অধিক জটিল হৈ পৰিছে। পুৱাৰেপৰা ৰাজধানী চহৰখনত বোমা-বিস্ফোৰণৰ খবৰ পোৱা গৈছে। এইটোও খবৰ পোৱা গৈছে যে ৰাছিয়ান সেনাই ইতিমধ্যে কিয়েভ চহৰখন চাৰিওফালৰ পৰা আগুৰি লৈছে। এনে পৰিস্থিতিত, দিল্লীয়ে এতিয়া দেশৰ নাগৰিকসকলক কোনো প্ৰকাৰে তাত থাকিবলৈ দিবলৈ বিচৰা নাই। মোদী চৰকাৰে নিজাববীয়াকৈ ৰে’ল বা গাড়ী ভাৰা লৈ ৰাজধানী চহৰ কিয়েভ এৰি আন ঠাইলৈ যাবলৈ পৰামৰ্শ দিছে। ইফালে, ভাৰতে ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক ঘূৰাই আনিবলৈ নিৰন্তৰভাৱে চেষ্টা অব্যাহত ৰাখিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ইউক্ৰেইন আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ অধিক বিমান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ সামৰিক পৰিবহণ বিমান চি-১৭ গ্লোবমাষ্টাৰৰ যোগেদি উদ্ধাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছ। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত বায়ু সেনাই ‘অপাৰেচন গংগা’ কাৰ্যসূচী ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষৰ্থীক উদ্ধাৰ কৰি আছে। ইফালে, যুদ্ধৰ ষষ্ঠ দিনটোত ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰাছিয়াৰ সৈন্যৰ বোমাবর্ষণত এজন ভাৰতীয় নিহত হোৱাৰ খবৰ পোৱা গৈছে। খাৰকিভত আটক কৰা আন এজন ভাৰতীয় ছাত্ৰই কয়, ‘সোমবাৰেপুৱা ভাৰতীয় দূতাবাসে আমাক হঠাতে চহৰ এৰি যাবলৈ কৈছিল। তাৰ পাছত, আমি দূতাবাস কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰ অনুসৰি, খাৰকিভত আটক কৰা ভাৰতীয়সকলক ৰাছিয়াৰ বোমা আৰু মিছাইল আক্ৰমণৰ পৰা বাছিবলৈ ইউক্ৰেইনৰ ভাৰতীয়সকলক চুবুৰীয়া দেশসমূহলৈ ৰে’লযোগে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কাৰণ, গাড়ীতকৈ ৰে’লযাত্ৰা এই মুহূৰ্তত ইউক্ৰেইনবাসীৰ বাবে অধিক সুৰক্ষিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক