--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈদেশিক পৰিক্ৰমা-মন্ত্ৰণালয়ৰ এক সূত্ৰ অনুসৰি, কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় নাগৰিকসকলক কিয়েভ এৰি যাবলৈ জৰুৰী বাৰ্তা জাৰি কৰিছে। ইউক্ৰেইনৰ ৰাজধানী চহৰ মঙলবাৰে পুৱাৰেপৰা অধিক জটিল হৈ পৰিছে। পুৱাৰেপৰা ৰাজধানী চহৰখনত বোমা-বিস্ফোৰণৰ খবৰ পোৱা গৈছে। এইটোও খবৰ পোৱা গৈছে যে ৰাছিয়ান সেনাই ইতিমধ্যে কিয়েভ চহৰখন চাৰিওফালৰ পৰা আগুৰি লৈছে। এনে পৰিস্থিতিত, দিল্লীয়ে এতিয়া দেশৰ নাগৰিকসকলক কোনো প্ৰকাৰে তাত থাকিবলৈ দিবলৈ বিচৰা নাই। মোদী চৰকাৰে নিজাববীয়াকৈ ৰে’ল বা গাড়ী ভাৰা লৈ ৰাজধানী চহৰ কিয়েভ এৰি আন ঠাইলৈ যাবলৈ পৰামৰ্শ দিছে। ইফালে, ভাৰতে ইউক্ৰেইনৰ পৰা ভাৰতীয় শিক্ষাৰ্থীসকলক ঘূৰাই আনিবলৈ নিৰন্তৰভাৱে চেষ্টা অব্যাহত ৰাখিছে। নৰেন্দ্ৰ মোদী চৰকাৰে ইউক্ৰেইন আবদ্ধ ভাৰতীয়সকলক উদ্ধাৰ কৰিবলৈ অধিক বিমান প্ৰেৰণ কৰাৰ পৰিকল্পনা কৰিছে। ভাৰতীয় বায়ু সেনাৰ সৰ্ববৃহৎ সামৰিক পৰিবহণ বিমান চি-১৭ গ্লোবমাষ্টাৰৰ যোগেদি উদ্ধাৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছ। প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্দেশত বায়ু সেনাই ‘অপাৰেচন গংগা’ কাৰ্যসূচী ইউক্ৰেইনত আবদ্ধ ভাৰতীয় শিক্ষৰ্থীক উদ্ধাৰ কৰি আছে। ইফালে, যুদ্ধৰ ষষ্ঠ দিনটোত ইউক্ৰেইনৰ দ্বিতীয় বৃহত্তম চহৰ খাৰকিভত ৰাছিয়াৰ সৈন্যৰ বোমাবর্ষণত এজন ভাৰতীয় নিহত হোৱাৰ খবৰ পোৱা গৈছে। খাৰকিভত আটক কৰা আন এজন ভাৰতীয় ছাত্ৰই কয়, ‘সোমবাৰেপুৱা ভাৰতীয় দূতাবাসে আমাক হঠাতে চহৰ এৰি যাবলৈ কৈছিল। তাৰ পাছত, আমি দূতাবাস কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব নোৱাৰিলোঁ।’ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ এক সূত্ৰ অনুসৰি, খাৰকিভত আটক কৰা ভাৰতীয়সকলক ৰাছিয়াৰ বোমা আৰু মিছাইল আক্ৰমণৰ পৰা বাছিবলৈ ইউক্ৰেইনৰ ভাৰতীয়সকলক চুবুৰীয়া দেশসমূহলৈ ৰে’লযোগে যাত্ৰা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। কাৰণ, গাড়ীতকৈ ৰে’লযাত্ৰা এই মুহূৰ্তত ইউক্ৰেইনবাসীৰ বাবে অধিক সুৰক্ষিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক