--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে পুৱাই আহিল সেই অবাঞ্চিত দুঃখবৰ। ৰুছ সেনাৰ মিছাইল আক্ৰমণত নিহত হ’ল এগৰাকী ভাৰতীয় শিক্ষাৰ্থী । ৰুছ সৈন্যৰ নিৰ্বিচাৰ আক্ৰমণত ইউক্ৰেইনত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ ছাত্ৰ নবীন শেখৰাপ্পাই। কৰ্ণাটকৰ হাভেৰীৰ পৰা গৈ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল নবীনে। চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰগৰাকীয়ে প্ৰাণ হেৰুৱালে অতি নিদাৰুণ পৰিস্থিতিত। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে তেওঁ এখন গেলামালৰ দোকানত ৰেচনৰ বাবে শাৰী পাতি আছিল। সেই সময়তে ৰুছ সৈন্যৰ আক্ৰমণে তেওঁৰ প্ৰাণ কাঢ়ি লয়। [caption id="attachment_134444" align="aligncenter" width="300"]নবীন শেখৰাপ্পাই নবীন শেখৰাপ্পাই[/caption]

ইউক্ৰেইনত মৃত্যু এতিয়া সহজ বিষয়

যুদ্ধৰ বিভীষিকাই খেদি ফুৰা ইউক্ৰেইনত মৃত্যু এতিয়া সহজ বিষয়। ৰাছিয়াই আকাশ আৰু স্থলপথেৰে কৰা ব্যাপক আক্ৰমণত ইতিমধ্যেই প্ৰাণ হেৰুৱাইছে ইউক্ৰেইনৰ সহস্ৰ বাসিন্দাই। ইউক্ৰেইনে অভিযোগ কৰিছে যে, ৰুছ সৈন্যই আবাসিক ভৱন আৰু অসামৰিক লোককো আক্ৰমণৰ লক্ষ্য কৰি লৈছে। এনে বিভীষিকাময় পৰিস্থিতিৰ মাজত আবদ্ধ হৈ পৰা হাজাৰ হাজাৰ ভাৰতীয়ৰ জীৱন হৈ পৰিছে বিপদাপন্ন। যুদ্ধ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰাই ভাৰত চৰকাৰে তাত থকা নাগৰিকসকলক দেশখন এৰিবলৈ আহ্বান জনাই আহিছিল যদিও বিভিন্ন প্ৰতিকূলতা যেনে বিমান ভাৰাৰ অভাৱনীয় বৃদ্ধি, বিমান যাত্ৰাৰ ক্ষেত্ৰত সৃষ্টি হোৱা প্ৰতিকূলতা আদিয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰে। যুদ্ধ আৰম্ভ হোৱাৰ পাছতে ইউক্ৰেইনে তেওঁলোকৰ আকাশ ক্ষেত্ৰ বন্ধ কৰি দিয়াৰ লগে লগে দিশহাৰা হৈ পৰে প্ৰবাসী ভাৰতীয়সকল। মন কৰিবলগীয়া কথাটো হৈছে যে, এইসকল লোকৰ ভিতৰত সৰহসংখ্যকেই হৈছে দেশখনলৈ চিকিৎসাবিজ্ঞানৰ শিক্ষা গ্ৰহণৰ বাবে যোৱা ছাত্ৰ-ছাত্ৰী। দেশখনত প্ৰায় ২০হাজাৰ ভাৰতীয় শিক্ষাৰ্থী আবদ্ধ হৈ পৰে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে। যুদ্ধৰ তীব্ৰতা বাঢ়ি যোৱাৰ লদগে লগে তেওঁলোকে অধিক জটিল পৰিস্থিতিৰ সৃষ্টি হ’বলগীয়া হয়।

হাংগেৰী সীমান্তলৈ খোজকাঢ়ি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি

চুবুৰীয়া বিভিন্ন দেশ হৈ বিকল্প পথেৰে ভাৰতে তেওঁলোকক দেশলৈ ওভতাই অনাৰ কাম আৰম্ভ কৰিছে যদিও এই প্ৰক্ৰিয়া লেহেমীয়া হৈ পৰাৰ ফলত জটিলতা বৃদ্ধি পাইছে। নিৰাপদ স্থান বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে এইসকল ভাৰতীয়ই। যিসকলে কোনো বাংকাৰ বা আশ্ৰয় গৃহত আশ্ৰয় লৈছে তাতো তেওঁলোকে খাদ্য, পানী, বস্ত্ৰৰ অভাৱৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে। হাংগেৰী সীমান্তলৈ খোজকাঢ়ি যাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে একাংশৰ। তাতোকৈ ভয়ংকৰ কথাটো হৈছে যে, এতিয়া ইউক্ৰেইনৰ আৰক্ষীৰো নিৰ্যাতনৰ বলি হ’বলগীয়া হৈছে একাংশ ভাৰতীয় শিক্ষাৰ্থী। ভাৰতীয় ছাত্ৰৰ কিয়েভত ৰেলৰ পৰা গতিয়াই বাহিৰ কৰি দিয়া তথা প্ৰহাৰ কৰাৰ দৰে ঘটনা সংঘটিত হৈছে যুদ্ধৰ বিভীষিকাৰ মাজতে। যুদ্ধক লৈ ভাৰতৰ স্থিতি ইউক্ৰেইনৰ অনুকূল নোহোৱাৰ বাবেই এই পৰিস্থিতিৰ সৃষ্টি হোৱা বুলি প্ৰকাশ পাইছে। এনে পৰিস্থিতি ইউক্ৰেইনত থকা ভাৰতীয়সকলে কেৱল ঈশ্বৰক ধিয়াই কটাবলগীয়া হৈছে সময়। ভাৰতে আৰম্ভ কৰা অপাৰেচল গংগাৰ জৰিয়তে এতিয়ালৈ প্ৰায় ৯হাজাৰ লোকক দেশলৈ ওভতাই অনা বুলি প্ৰকাশ পাইছে। অৰ্থাৎ দহ হাজাৰতকৈও অধিক লোক এতিয়াও আছে যুদ্ধৰ বিভীষিকাৰ মাজত। যুদ্ধৰ বিভীষিকাৰ মাজতেই আবদ্ধ হৈ আছে ৰাজ্যৰো কেইবা শতাধিক ছাত্ৰ-ছাত্ৰী। ইউক্ৰেনৰ খাৰকিভ মেডিকেল কলেজত পঢ়ি থকা বহু ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত সহায়ৰ আশাৰে বাংকাৰত আশ্ৰয় লৈ আছে। ডিব্রুগড়ৰো কেইবাগৰাকী ছাত্ৰ ছাত্ৰী আবদ্ধ হৈ আছে ইউক্ৰেইনত। তেওঁলোকক উদ্ধাৰৰ লেহেমীয়া প্ৰক্ৰিয়াৰ মাজতে এগৰাকী ছাত্ৰৰ মৃত্যুৰ খবৰে উদ্বেগ আশংকা অধিক বৃদ্ধি কৰি তুলিছে। এতিয়া প্ৰশ্ন হৈছে ভাৰতে কিমান তৎপৰতাৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সক্ষম হ’ব। আৰু উদ্ধাৰ নকৰা পৰ্যন্ত তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰা তথা জীয়াই থকাৰ বাবে প্ৰয়োজনীয় সকলো আহিলা প্ৰদান কৰাৰ ক্ষেত্ৰত কি ধৰণৰ কূটনৈতিক ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement