--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াই পুনৰবাৰ ইউক্ৰেইনত বৃহৎ আক্ৰমণ চলাইছে। ইউক্ৰেইনৰ কিয়ভ, লিভ, খাৰকিভ, পল্টাভা, অডেছাকে ধৰি বহু চহৰত ১০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইয়াৰ বাবে ইউক্ৰেইনৰ যথেষ্ট ক্ষতি হৈছে। কিয়ভকে ধৰি বহু চহৰত বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। তথ্য অনুসৰি এই ক্ষেপণাস্ত্ৰসমূহৰ কিছুমান ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ পোলেণ্ডৰ ওপৰতো পৰিল। এই আক্ৰমণত ২ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছত পোলেণ্ডে জৰুৰী বৈঠক আহ্বান কৰে। আমেৰিকাকো এই আক্ৰমণৰ বিষয়ে অৱগত কৰা হৈছে।

কিয়ভত একাধিক বিস্ফোৰণ
খেৰচনত ৰাছিয়াৰ সেনা পিছুৱাই যোৱাৰ পাছত কিয়ভত এক বৃহৎ আক্ৰমণ সংঘটিত হৈছে। মঙলবাৰে কিয়ভত ৰাছিয়াৰ সেনাই বিপজ্জনক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে দুটা আৱাসিক ভৱন। আক্ৰমণৰ পাছতে বিপদৰ ছাইৰেনও বাজিবলৈ ধৰিলে মহানগৰীত। খেৰচনৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ পাছত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ। একে সময়তে ইউক্ৰেইনে নিয়োগ কৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাইও  ৰাছিয়াত বহু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।

বহু চহৰত ব্লেকআউট
ৰাছিয়াৰ সেনাৰ আক্ৰমণৰ পাছত কিয়ভকে ধৰি বহু চহৰত জৰুৰীকালীন বিদ্যুৎ যোগান বন্ধ (ব্লেকআউট) ঘোষণা কৰা হয়। ইউক্ৰেইনৰ এজন জ্যেষ্ঠ বিষয়াই পৰিস্থিতিক “গুৰুতৰ” বুলি অভিহিত কৰি নাগৰিকসকলক বিদ্যুতৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনায়। বিদ্যুৎ প্ৰদানকাৰী কোম্পানী ডিটিইকে ৰাজধানীত জৰুৰীকালীন ‘ব্লেকআউট’ৰ কথা ঘোষণা কৰে। বিষয়াসকলে আন ঠাইতো একেধৰণৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে।

পোলেণ্ডে জৰুৰী বৈঠক আহ্বান কৰে
ইফালে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নাটোৰ দেশ পোলেণ্ডতো পৰিল। এই আক্ৰমণত দুজন লোকৰ মৃত্যু হৈছে। পোলেণ্ডৰ সংবাদ মাধ্যমৰ মতে এই ক্ষেপণাস্ত্ৰসমূহ ইউক্ৰেইনৰ সীমান্তৰ সমীপৰ পোলেণ্ডৰ প্ৰিজেভ’ডো গাঁৱত পৰি দুজন লোকৰ মৃত্যু হৈছে। কোৱা হৈছে যে এই ক্ষেপণাস্ত্ৰ আক্ৰমণ সেই সময়তে সংঘটিত হৈছিল যেতিয়া মস্কোৱে ইউক্ৰেইনৰ আটাইতকৈ পশ্চিম চহৰ লভিভত বেৰেজ মিছাইল নিক্ষেপ কৰিছিল। আক্ৰমণৰ লগে লগে পোলেণ্ডত জৰুৰীকালীন বৈঠক আহ্বান কৰা হয়। ইয়াৰ তথ্য আমেৰিকাকে ধৰি নাটোৰ দেশসমূহক দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক