--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ৰাছিয়াই পুনৰবাৰ ইউক্ৰেইনত বৃহৎ আক্ৰমণ চলাইছে। ইউক্ৰেইনৰ কিয়ভ, লিভ, খাৰকিভ, পল্টাভা, অডেছাকে ধৰি বহু চহৰত ১০০ৰো অধিক ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা হৈছে। ইয়াৰ বাবে ইউক্ৰেইনৰ যথেষ্ট ক্ষতি হৈছে। কিয়ভকে ধৰি বহু চহৰত বিদ্যুৎ যোগান সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে। তথ্য অনুসৰি এই ক্ষেপণাস্ত্ৰসমূহৰ কিছুমান ইউক্ৰেইনৰ চুবুৰীয়া ৰাষ্ট্ৰ পোলেণ্ডৰ ওপৰতো পৰিল। এই আক্ৰমণত ২ জন লোকৰ মৃত্যু হৈছে। এই ঘটনাৰ পাছত পোলেণ্ডে জৰুৰী বৈঠক আহ্বান কৰে। আমেৰিকাকো এই আক্ৰমণৰ বিষয়ে অৱগত কৰা হৈছে।

কিয়ভত একাধিক বিস্ফোৰণ
খেৰচনত ৰাছিয়াৰ সেনা পিছুৱাই যোৱাৰ পাছত কিয়ভত এক বৃহৎ আক্ৰমণ সংঘটিত হৈছে। মঙলবাৰে কিয়ভত ৰাছিয়াৰ সেনাই বিপজ্জনক ক্ষেপণাস্ত্ৰ আক্ৰমণৰ লক্ষ্য কৰি লৈছে দুটা আৱাসিক ভৱন। আক্ৰমণৰ পাছতে বিপদৰ ছাইৰেনও বাজিবলৈ ধৰিলে মহানগৰীত। খেৰচনৰ পৰা ৰাছিয়াৰ সেনা প্ৰত্যাহাৰৰ পাছত এইটোৱেই হৈছে আটাইতকৈ ডাঙৰ আক্ৰমণ। একে সময়তে ইউক্ৰেইনে নিয়োগ কৰা বায়ু প্ৰতিৰক্ষা ব্যৱস্থাইও  ৰাছিয়াত বহু ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছে।

বহু চহৰত ব্লেকআউট
ৰাছিয়াৰ সেনাৰ আক্ৰমণৰ পাছত কিয়ভকে ধৰি বহু চহৰত জৰুৰীকালীন বিদ্যুৎ যোগান বন্ধ (ব্লেকআউট) ঘোষণা কৰা হয়। ইউক্ৰেইনৰ এজন জ্যেষ্ঠ বিষয়াই পৰিস্থিতিক “গুৰুতৰ” বুলি অভিহিত কৰি নাগৰিকসকলক বিদ্যুতৰ ব্যৱহাৰ কমাবলৈ আহ্বান জনায়। বিদ্যুৎ প্ৰদানকাৰী কোম্পানী ডিটিইকে ৰাজধানীত জৰুৰীকালীন ‘ব্লেকআউট’ৰ কথা ঘোষণা কৰে। বিষয়াসকলে আন ঠাইতো একেধৰণৰ পদক্ষেপৰ কথা ঘোষণা কৰিছে।

পোলেণ্ডে জৰুৰী বৈঠক আহ্বান কৰে
ইফালে ৰাছিয়াৰ ক্ষেপণাস্ত্ৰ নাটোৰ দেশ পোলেণ্ডতো পৰিল। এই আক্ৰমণত দুজন লোকৰ মৃত্যু হৈছে। পোলেণ্ডৰ সংবাদ মাধ্যমৰ মতে এই ক্ষেপণাস্ত্ৰসমূহ ইউক্ৰেইনৰ সীমান্তৰ সমীপৰ পোলেণ্ডৰ প্ৰিজেভ’ডো গাঁৱত পৰি দুজন লোকৰ মৃত্যু হৈছে। কোৱা হৈছে যে এই ক্ষেপণাস্ত্ৰ আক্ৰমণ সেই সময়তে সংঘটিত হৈছিল যেতিয়া মস্কোৱে ইউক্ৰেইনৰ আটাইতকৈ পশ্চিম চহৰ লভিভত বেৰেজ মিছাইল নিক্ষেপ কৰিছিল। আক্ৰমণৰ লগে লগে পোলেণ্ডত জৰুৰীকালীন বৈঠক আহ্বান কৰা হয়। ইয়াৰ তথ্য আমেৰিকাকে ধৰি নাটোৰ দেশসমূহক দিয়া হৈছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গছপুলি ৰোপণৰ নামত বন বিভাগৰ প্ৰহসন! ২০ লাখটকীয়া CAMPA আঁচনিৰ ৯৫% গছপুলিৰ এতিয়া নাই কোনো অস্তিত্ব
নিম ছালৰ বাবে অতি উপকাৰী! ইয়াৰ নানা উপকাৰিতা জানি লওক
বহিঃৰাজ্যৰ গামোচাৰে ভৰি পৰিছে বজাৰ
বহু প্রতীক্ষিত ট্রাম্প-পুটিনৰ বৈঠক ১৫ আগষ্টত
হ্ৰাস পাব নেকি LPG চিলিণ্ডাৰৰ দাম ? ৩০ হাজাৰ কোটি টকাৰ ৰাজসাহায্য ঘোষণাৰ দিশে কেন্দ্ৰীয় চৰকাৰ
অসমতো বাজিল বিশেষ সংশোধনীৰ ঘণ্টা
এই ৫ টা খাদ্য খালে স্মৃতিশক্তি বৃদ্ধি পাব! মগজু চোকা আৰু সক্ৰিয় হৈ থাকিব
এটা যুগৰ অন্ত: ১ ছেপ্টেম্বৰৰ পৰা পঞ্জীয়নভুক্ত ডাক সেৱা বন্ধ কৰাৰ কথা ঘোষণা ভাৰতীয় ডাক বিভাগৰ
পদপথ কেৱল পদযাত্ৰীৰ বাবেহে: উচ্চতম ন্যায়ালয়
আমেৰিকাৰ পৰা খাৰুৱা তেল ক্রয় দুগুণ বৃদ্ধি ভাৰতৰ
১১৩৭ কোটি টকাৰ অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ ; এই দেশত বৃদ্ধি কৰিব পৰ্যটন
চাইবাৰ চক্ৰৰ পৰা ৯৩ লাখ টকা উদ্ধাৰ মৰিগাঁও আৰক্ষীৰ
বিশিষ্ট শাস্ত্ৰীয় সংগীতজ্ঞ সত্যকৃষ্ণ মিশ্ৰৰ পৰলোকপ্ৰাপ্তি
ৰাষ্ট্ৰপতি মুর্মুক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ