ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকক সাক্ষাৎ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ভাৰতীয় সকলৰ বাবে সুখবৰ কঢ়িয়াই আনে এক বিশেষ খবৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰাৰ পিছতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকে প্ৰতি বছৰে ভাৰতৰ যুৱ পেছাদাৰীসকলৰ বাবে ব্ৰিটেইনত কাম কৰাৰ সুবিধাৰ্থে ৩,০০০ ভিছাৰ বাবে অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে।
ব্ৰিটেইনৰ চৰকাৰে কয় যে ভাৰত হৈছে এনে আঁচনিৰ পৰা লাভান্বিত হোৱা প্ৰথম দেশ। ব্ৰিটেইনৰ এনে পদক্ষেপে ১৮-৩০ বছৰীয়া ভাৰতীয় শিক্ষিত যুৱ প্ৰজন্মক দুবছৰলৈকে ব্ৰিটেইনতথাকি কামকৰাৰ সুবিধা প্ৰদান কৰিব।উল্লেখ্য বালিত অনুষ্ঠিত হোৱা ১৭ সংখ্যক জি-২০ সন্মিলনৰ সময়তে চুনাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হৈছিল।
সেই আলোচনাৰ আঁত ধৰিয়েই চুনাকে ভাৰতীয় নৱ প্ৰজন্মৰ বাবে এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মোদীৰ সৈতে এয়া তেওঁলোকৰ প্ৰথম বৈঠক আছিল ।ইউকে-ইণ্ডিয়া ইয়ং প্ৰফেচনেলছ আঁচনিৰ অধীনত ৩,০০০ ভাৰতীয়ক ভিছা দিবলৈ লোৱা সিদ্ধান্তই বহু ভাৰতীয়ক উপৰৃত কৰিব বুলি ধাৰণা কৰা হৈছে।
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই প্ৰসংগত কয় " ভাৰতৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰা আৰু দুয়ো খন দেশৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ই এক প্ৰয়াস" । ব্ৰিটেইনে কৈছে যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰায় যিকোনো দেশতকৈ ভাৰতৰ সৈতে ব্ৰিটেইনৰ বেছি গভীৰ সম্পৰ্ক আছে।
ব্ৰিটেইনৰ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ প্ৰায় এক চতুৰ্থাংশ ভাৰতৰ।দেশ খনত ৯৫,০০০ ৰৰো অধিক ভাৰতীয় লোকে কাম কৰি আছে।২০২১ চনৰ মে’ মাহতো ব্ৰিটেইন আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল।