--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী ঋষি চুনাকক সাক্ষাৎ কৰাৰ মাত্ৰ কেইঘণ্টামানৰ পিছতে ভাৰতীয় সকলৰ বাবে সুখবৰ কঢ়িয়াই আনে এক বিশেষ খবৰে। প্ৰধানমন্ত্ৰী মোদীৰ সৈতে আলোচনা কৰাৰ পিছতে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী  ঋষি চুনাকে প্ৰতি বছৰে ভাৰতৰ যুৱ পেছাদাৰীসকলৰ বাবে ব্ৰিটেইনত কাম কৰাৰ সুবিধাৰ্থে  ৩,০০০ ভিছাৰ বাবে অনুমতি প্ৰদান কৰাৰ সিদ্ধান্ত লৈছে। 

ব্ৰিটেইনৰ  চৰকাৰে কয় যে ভাৰত হৈছে এনে আঁচনিৰ পৰা লাভান্বিত হোৱা প্ৰথম দেশ। ব্ৰিটেইনৰ এনে পদক্ষেপে  ১৮-৩০ বছৰীয়া ভাৰতীয়   শিক্ষিত যুৱ  প্ৰজন্মক  দুবছৰলৈকে ব্ৰিটেইনতথাকি কামকৰাৰ সুবিধা প্ৰদান কৰিব।উল্লেখ্য বালিত অনুষ্ঠিত হোৱা ১৭ সংখ্যক  জি-২০ সন্মিলনৰ সময়তে চুনাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে আলোচনাত মিলিত হৈছিল।

সেই আলোচনাৰ আঁত ধৰিয়েই চুনাকে ভাৰতীয় নৱ প্ৰজন্মৰ বাবে এই সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লয়। প্ৰথম ভাৰতীয় বংশোদ্ভূত ব্ৰিটিছ প্ৰধানমন্ত্ৰীগৰাকীয়ে  কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত মোদীৰ সৈতে এয়া  তেওঁলোকৰ প্ৰথম বৈঠক আছিল ।ইউকে-ইণ্ডিয়া ইয়ং প্ৰফেচনেলছ আঁচনিৰ অধীনত ৩,০০০ ভাৰতীয়ক ভিছা দিবলৈ লোৱা সিদ্ধান্তই বহু ভাৰতীয়ক উপৰৃত কৰিব বুলি ধাৰণা কৰা হৈছে।

ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এই প্ৰসংগত কয় " ভাৰতৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্পৰ্ক মজবুত কৰা আৰু দুয়ো খন দেশৰ  অৰ্থনীতি শক্তিশালী কৰাৰ বাবে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ই এক প্ৰয়াস" । ব্ৰিটেইনে কৈছে  যে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ প্ৰায় যিকোনো দেশতকৈ  ভাৰতৰ সৈতে ব্ৰিটেইনৰ বেছি গভীৰ  সম্পৰ্ক আছে। 

ব্ৰিটেইনৰ আন্তৰ্জাতিক শিক্ষাৰ্থীৰ প্ৰায় এক চতুৰ্থাংশ ভাৰতৰ।দেশ খনত    ৯৫,০০০ ৰৰো অধিক ভাৰতীয় লোকে কাম কৰি আছে।২০২১ চনৰ মে’ মাহতো ব্ৰিটেইন  আৰু ভাৰতৰ মাজত এক গুৰুত্বপূৰ্ণ বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হৈছিল। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক