--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাছিয়াই-ইউক্ৰেইন আক্ৰমণৰ লগে লগে তাত থকা আন দেশৰ নাগৰিকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছিল। বিশেষকৈ অসম বা ভাৰতৰ শিক্ষাৰ্থীসকলে ইউক্ৰেইনৰ পৰা নিজ দেশলৈ প্ৰত্যাৱৰ্তনৰ বাবে ছাত্ৰ-ছাত্ৰীৰ ভিৰ পৰিলক্ষিত হৈছিল। কিছুসংখ্যক ছাত্ৰ-ছাত্ৰী উভতি আহিবলৈ সক্ষম হৈছে যদিও বহু এতিয়াও ইউক্ৰেইনতে আবদ্ধ হৈ আছে। ইউক্ৰেইনত আবদ্ধ অসমৰ ১৬০জন নাগৰিক। ইয়াৰ ভিতৰত গুৱাহাটী আৰু ইয়াৰ কাষৰীয়া অঞ্চলৰ আছে সৰ্বাধিক ৫৯জন। ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা যুদ্ধৰ মাজতে মঙলবাৰৰ সন্ধিয়ালৈ অসমৰ ২৮জনক উদ্ধাৰ কৰা হয়। ১৩জন ছাত্ৰৰ এটা দল মঙলবাৰে দুপৰীয়া দিল্লীত উপস্থিত হয়। এই দলটো বুডাপেষ্ট আৰু বুখাৰেষ্টৰ পৰা ইষ্টানবুল হৈ দুখন বিমানযোগে উভতি আহে। কোনোমতে তেওঁলোকে ইউক্ৰেইনৰ আন শৰণাৰ্থীৰ সৈতে হাংগেৰী আৰু ৰোমানিয়াৰ সীমাত উপস্থিত হয়। বৰ্তমান তেওঁলোক সুৰক্ষিত অৱস্থাত আছে বুলি জানিব পৰা গৈছে। ইউক্ৰেইনক কিয় চিকিৎসা বিজ্ঞানৰ অন্যতম স্থান হিচাপে নিৰ্বাচন কৰে ছাত্ৰ সমাজে? সমাজে ইউক্ৰেইনত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ প্ৰথম পছন্দ হৈছে খাৰকিভত থকা খাৰকিভ নেচনেল মেডিকেল ইউনিভাৰছিটী। বেছিভাগ ভাৰতীয় ছাত্ৰ-ছাত্ৰী ইউক্ৰেইনলৈ যায় চিকিৎসা বিজ্ঞান পঢ়িবলৈ। ইউক্ৰেইনৰ নেচনেল মেডিকেল ইউনিভাৰছিটীৰ পাঠ্যক্ৰম ভাৰতৰ MBBS পাঠ্যক্ৰমৰ দৰেই। ৫ বছৰীয়া এই পাঠ্যক্ৰমৰ সৈতে আছে ১ বছৰীয়া বাধ্যতামূলক সেৱা। ইয়াৰ উপৰি কোনোবাই পিজি বা বিশেষজ্ঞ পাঠ্যক্ৰম পঢ়িব বিচাৰিলে আৰু ৪ বছৰ পঢ়িব পাৰে। অৰ্থাৎ মুঠ ১০ বছৰীয়া এক পাঠ্যক্ৰম। ইউক্ৰেইনত পঢ়িবলৈ যোৱাৰ প্ৰধান কাৰণ হৈছে কম ব্যয়। ইউক্ৰেইনত সকলো খৰচ বহন কৰি মেডিকেল পঢ়াৰ খৰচ এবছৰত ৫ৰ পৰা ৬ লাখ টকা। কিন্তু একেই পাঠ্যক্ৰম ভাৰতৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানত পঢ়িবলৈ হ'লে ১৫ লাখৰ পৰা ১ কোটি টকালৈ খৰচ হয়। ইউক্ৰেইনলৈ যাওঁতে প্ৰথম বছৰতে VISA বা অন্য নথিৰ বাবে অলপ অতিৰিক্ত খৰচ হয় যদিও পিছৰ বছৰৰ পৰা বছৰি ৫ লাখ টকাতে শিক্ষাৰ্থীয়ে পঢ়িব পাৰে। আনহাতে ইউক্ৰেইনৰ মেডিকেল পাঠ্যক্ৰম বিশ্ব স্বাস্থ্য পৰিষদ (World Health Council)ৰ দ্বাৰা স্বীকৃত আৰু Indian Medical Council-এ ইয়াক স্বীকৃতি প্ৰদান কৰিছে। কেৱল ভাৰতত NEXT (National Exit Test) পৰীক্ষাটো দি উঠি দেশৰ যিকোনো ঠাইত ডাক্তৰ পঢ়িবলৈ যাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
ডিজিটেল ভৱিষ্যত গঢ় দিয়াৰ লক্ষ্যৰে ধুবুৰীত AI সন্দৰ্ভত সজাগতা কাৰ্যসূচী
নগাঁও জিলাত বানৰ পানী হ্ৰাস, স্বাভাৱিক হৈছে জনজীৱন
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ