--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : মঙলবাৰে পুৱাই আহিছিল সেই অবাঞ্চিত দুঃখবৰ। ৰুছ সেনাৰ মিছাইল আক্ৰমণত নিহত এগৰাকী ভাৰতীয় ছাত্র। ৰুছ সৈন্যৰ নিৰ্বিচাৰ আক্ৰমণত ইউক্ৰেইনত প্ৰাণ হেৰুৱালে কৰ্ণাটকৰ ছাত্ৰ নবীন শেখৰাপ্পাই। কৰ্ণাটকৰ হাভেৰীৰ পৰা গৈ ইউক্ৰেইনত চিকিৎসা বিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰি আছিল নবীনে। চিকিৎসা বিজ্ঞানৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰগৰাকীয়ে প্ৰাণ হেৰুৱালে অতি নিদাৰুণ পৰিস্থিতিত। সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে তেওঁ এখন গেলামালৰ দোকানত ৰেচনৰ বাবে শাৰী পাতি আছিল। সেই সময়তে ৰুছ সৈন্যৰ আক্ৰমণে তেওঁৰ প্ৰাণ কাঢ়ি লয়। চিকিৎসাবিজ্ঞানৰ শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা নবীন যে এতিয়া আৰু কেতিয়াও ঘূৰি নাহিব! পৰিয়ালৰ লোকসকলৰ বাবে এই কঠিন সত্য স্বীকাৰ কৰি লোৱাটো হৈ পৰিছে অতি কষ্টকৰ কথা। তথাপি এতিয়া নবীনৰ পিতৃ আৰু পৰিয়ালে সেইকথা মানি ল’বলৈ বাধ্য হৈ পৰিছে। এতিয়া তেওঁলোকে বিচাৰিছে অন্ততঃ তেওঁলোকৰ পুত্ৰ নিঠৰ শৰীৰটো ঘূৰাই লৈ অহা হওক। আপোন ঘৰখনত তেওঁৰ প্ৰাণচঞ্চল উপস্থিতি কেতিয়াও সম্ভৱ নহ’ব যদিও তেওঁৰ নিঠৰ দেহটো শেষবাৰৰ বাবে পাৰিয়ালৰ লোকসকলে দেখা পাওক সেই কামনা এতিয়া সকলোৱে কৰিছে। মঙবাৰে পুৱা শেষবাৰৰ বাবে নবীনে তেওঁৰ পৰিয়ালৰ লোকসকলৰ সৈতে ফোনেৰে কথা পাতিছিল। তেওঁ খাৰকিভৰ এটা বাংকাৰত আশ্ৰয় লৈ থকাৰ পৰা খাদ্য সামগ্ৰী সংগ্ৰহৰ বাবে বাহিৰলৈ ওলাই আহিছিল। তেওঁ বিয়লিৰ ভাগলৈ খাৰকিভ ত্যাগ কৰাৰ পৰিকল্পনা কৰিছিল। কিন্তু সেয়া সম্ভৱ হৈ নুঠিল। খাদ্য সামগ্ৰী ল’বলৈ অহাৰ সময়তে ৰুছ সৈন্যৰ আক্ৰমণত প্ৰাণ হেৰুৱালে নবীনে। তাৰ পাছতে সমগ্ৰ দেশতে শোকৰ ছাঁ পৰিছে, আকাশী সৰগ ভাঙি পৰিছে তেওঁৰ পৰিয়ালৰ লোকৰ মূৰৰ ওপৰত। কিন্তু এই কঠিন সত্যক অস্বীকাৰ কৰাৰ কিন্তু কোনো উপায় আৰু নাই। নবীনৰ পিতৃয়ে পুত্ৰশোকৰ অন্তৰ্দাহ সহ্য কৰি সংবাদ মাধ্যমৰ আগত কয় যে, কালি পুৱা তেওঁ প্ৰায় ১০ বজাত ফোন কৰিছিল। তেওঁ কৈছিল যে, ব্ৰেকফাষ্ট গ্ৰহণ কৰাৰ পাছত তেওঁ ফোন কৰিব। তাৰ পাছত আৰু যোগাযোগ নহ’ল। তেওঁলৈ ফোন কৰোতে বাৰম্বাৰ ফোনটো বাজি উঠিছিল যদিও কোনেও উত্তৰ দিয়া নাছিল। দিনৰ ২বজাত মই বহিঃপৰিক্ৰমা মন্ত্ৰণালয়ৰ পৰা ফোন লাভ কৰিছিলোঁ যিয়ে মোলৈ মোৰ পুত্ৰৰ মৃত্যুৰ বাতৰি কঢ়িয়াই আনিছিল। তাৰ পাছত বিয়লি চাৰে চাৰি বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোক ফোন কৰে। মুখ্যমন্ত্ৰী বাসৱৰাজ বোম্মাইয়েও ফোন কৰিছিল। মই তেওঁলোক সকলোকে পুত্ৰৰ মৃতদেহটো ঘূৰাই আনিবলৈ অনুৰোধ জনাইছোঁ। তেওঁলোকে মোক কৈছে যে, দুদিনৰ ভিতৰতে পুত্ৰৰ নিঠৰ শৰীৰ ঘূৰাই লৈ আহিব।’ পুত্ৰৰ মৃতদেহটো এবাৰ চাবলৈ আশা পালি থকা এগৰাকী পিতৃৰ মৰ্মবেদনা কিমান গধুৰ হ’ব পাৰে সেইকথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। এতিয়া প্ৰশ্ন গৈছে নবীনৰ দুৰ্ভগীয়া পিতৃ আৰু পৰিয়ালৰ শেষ ইচ্ছা পূৰণ কৰি নবীনৰ নিঠৰ দেহ ওভতাই আনিবলৈ সক্ষম হ’বনে মোদী চৰকাৰে। পিতৃক দুদিনৰ ভিতৰতে মৃতদেহটো ঘূৰাই অনাৰ আশ্বাস দিলেও সেয়া যে খুব সহজ নহ’ব সেয়া সহজেই অনুমেয়। ইউক্ৰেইনৰ আকাশক্ষেত্ৰ নিষিদ্ধ হৈ থকা তথা তাত ৰুছ যুদ্ধবিমানৰ আধিপত্যৰ পৰিপ্ৰেক্ষিতত তাৰ পৰা পোনে পোনে কোনো লোকেই দেশলৈ প্ৰত্যৱৰ্তন কৰিব পৰা নাই। চুবুৰীয়া পোলেণ্ড, হাংগেৰী, ৰোমানিয়াৰ দৰে দেশকৰ পৰাহে ভাৰতীয়ক উদ্ধাৰৰ কাম কৰি থকা হৈছে। এনে পৰিপ্ৰেক্ষিতত নবীনৰ মৃতদেহ মৰ্গৰ পৰা উদ্ধাৰ কৰি ঘৰলৈ ঘূৰাই অনাটো চৰকাৰৰ বাবে নতুন প্ৰত্যাহ্বান হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন