--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে ইউৰো কাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে নেদাৰলেণ্ডে খেলিব। এই গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে ডাচ ফুটবলাৰসকলে শান্ত আৰু মানসিক চাপমুক্ত হ’ব বিচাৰে। সেই উদ্দেশ্যে ক’ডি গাকপোৱে দলৰ হোটেলত নিজৰ সতীৰ্থসকলৰ বাবে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে। 

নেদাৰলেণ্ডৰ ষ্ট্ৰাইকাৰগৰাকীয়ে যোৱা ছিজনৰ পৰা ইংৰাজী প্ৰিমিয়াৰ লীগ ক্লাব লিভাৰপুলত খেলি আহিছে। ইংলেণ্ড জাতীয় দলৰ বহু ফুটবলাৰৰ সৈতে তেওঁৰ বন্ধুত্ব। তেওঁলোকৰ শক্তি আৰু দুৰ্বলতা জানে। গাকপোৱে সেই সকলো তথ্য প্ৰশিক্ষক ৰ’নাল্ড ক’মেন আৰু সতীৰ্থসকলক প্ৰদান কৰিছে। গুৰুত্বপূৰ্ণ খেলখনৰ পূৰ্বে সকলো দলক মানসিকভাৱে সতেজ কৰি ৰাখিবলৈ তেওঁ বিশেষ উদ্যোগ লৈছিল। হোটেলতে ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰে।

নেদাৰলেণ্ডৰ এজন সহায়ক কৰ্মচাৰীয়ে কয় - ''এইবাৰৰ দলটো বৰ ভাল। সংহতিও বৰ ভাল। সকলোৱে সকলোৰে বাবে চিন্তা কৰে। কোনো বিতৰ্ক নাই। ইংলেণ্ডৰ বিৰুদ্ধে ছেমি ফাইনেল। কঠিন মেচ। এনে মেচৰ আগত মানসিক প্ৰস্তুতিও প্ৰয়োজন। গাকপোৰ এই পদক্ষেপ অতি ভাল। গ্ৰুপ ষ্টেজৰ ভূমিকা মনত পেলাব নিবিচাৰে। কেৱল নকআউট মঞ্চৰ প্ৰদৰ্শনৰ বিষয়েহে আলোচনা কৰা হৈছে।’’

২০০৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে ইউৰো কাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰে নেদাৰলেণ্ডে। দুয়োখন নক আউট মেচতে ৯০ মিনিটৰ ভিতৰতে নেদাৰলেণ্ডে জয়লাভ কৰে। আনহাতে ইংলেণ্ডে দুয়োখন মেচতে ৯০ মিনিটৰ ভিতৰত জয়ী হ’ব নোৱাৰিলে। ইংলেণ্ডৰ বিৰুদ্ধেও আক্ৰমণাত্মক ফুটবলৰ পৰিকল্পনা কৰিছে কোমানে। ফুটবলৰ প্রস্তুতিৰ সমান্তৰালকৈ নেদাৰলেণ্ডৰ ফুটবলাৰসকলেও মানসিক প্রস্তুতিও লৈছে৷ নেদাৰলেণ্ডৰ শিবিৰটোৱে আশাবাদী যে গাপকোৰ এই পদক্ষেপে কাম কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ