--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ছিজনত আই পি এলত জয়লাভ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। সেই দলৰ গুৰু আছিল গৌতম গম্ভীৰ। কিন্তু শুনা গৈছে যে তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব। এইবাৰ খবৰ উলাইছে যে ইমান দিনে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে থকা ৰাহুল দ্ৰাবিড় আহিব কেকেআৰলৈ।

শেহতীয়াকৈ দ্ৰাবিড়ে ভাৰতৰ হৈ টি-২০ বিশ্বকাপত জয়লাভ কৰে। সেই জয়ৰ ধাৰাটো এতিয়াও শেষ হোৱা নাই। গম্ভীৰৰ ঠাইত দ্ৰাবিড়ৰ দৰে অভিজ্ঞ খেলুৱৈ থাকিলে কেকেআৰ লাভৱান হ’ব। সূত্ৰ অনুসৰি কেকেআৰে তাৰ বাবে দ্ৰাবিড়ক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে।

দ্ৰাবিড়ৰ কাৰ্যকাল আছিল টি-২০ বিশ্বকাপলৈকে। তেওঁ এতিয়া ভাৰতীয় দলৰ দায়িত্ব চম্ভালিবলৈ ইচ্ছুক নহয়। গোটেই বছৰটো কোনো দল চম্ভালিবলৈ তেওঁ ইচ্ছুক নহয়। গতিকে এতিয়াৰ বাবে দ্ৰাবিড়ৰ কোনো কাম নাই। তেওঁ আই পি এলৰ যিকোনো দলৰ দায়িত্ব ল’ব পাৰে ডেৰ-দুমাহৰ বাবে।

দ্ৰাবিড়ে নিজেও ধেমালিতে কৈছিল যে এতিয়া তেওঁ নিবনুৱা। সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি কেকেআৰে দ্ৰাবিড়ক প্ৰশিক্ষক বা গুৰু হিচাপে নিযুক্তি দিব পাৰে। তাৰ বাবে তেওঁক ১২ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে।

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দ্ৰাবিড়ে। ২০১৪ আৰু ২০১৫ চনত ৰাজস্থান ৰয়েলছৰ গুৰু আছিল। দিল্লী কেপিটেলছৰ দায়িত্বও চম্ভালিলে। আকৌ এবাৰ আই পি এললৈ ঘূৰি আহিব পাৰে দ্ৰাবিড়। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী আৰু ভাৰতীয় দলৰ দায়িত্ব চম্ভালি তেওঁ অধিক অভিজ্ঞতা লাভ কৰিছিল। কেকেআৰে সেইটো ব্যৱহাৰ কৰিব বিচাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ