--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা ছিজনত আই পি এলত জয়লাভ কৰিছিল কলকাতা নাইট ৰাইডাৰ্ছে। সেই দলৰ গুৰু আছিল গৌতম গম্ভীৰ। কিন্তু শুনা গৈছে যে তেওঁ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’ব। এইবাৰ খবৰ উলাইছে যে ইমান দিনে ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে থকা ৰাহুল দ্ৰাবিড় আহিব কেকেআৰলৈ।

শেহতীয়াকৈ দ্ৰাবিড়ে ভাৰতৰ হৈ টি-২০ বিশ্বকাপত জয়লাভ কৰে। সেই জয়ৰ ধাৰাটো এতিয়াও শেষ হোৱা নাই। গম্ভীৰৰ ঠাইত দ্ৰাবিড়ৰ দৰে অভিজ্ঞ খেলুৱৈ থাকিলে কেকেআৰ লাভৱান হ’ব। সূত্ৰ অনুসৰি কেকেআৰে তাৰ বাবে দ্ৰাবিড়ক বিপুল পৰিমাণৰ ধন আগবঢ়াইছে।

দ্ৰাবিড়ৰ কাৰ্যকাল আছিল টি-২০ বিশ্বকাপলৈকে। তেওঁ এতিয়া ভাৰতীয় দলৰ দায়িত্ব চম্ভালিবলৈ ইচ্ছুক নহয়। গোটেই বছৰটো কোনো দল চম্ভালিবলৈ তেওঁ ইচ্ছুক নহয়। গতিকে এতিয়াৰ বাবে দ্ৰাবিড়ৰ কোনো কাম নাই। তেওঁ আই পি এলৰ যিকোনো দলৰ দায়িত্ব ল’ব পাৰে ডেৰ-দুমাহৰ বাবে।

দ্ৰাবিড়ে নিজেও ধেমালিতে কৈছিল যে এতিয়া তেওঁ নিবনুৱা। সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি কেকেআৰে দ্ৰাবিড়ক প্ৰশিক্ষক বা গুৰু হিচাপে নিযুক্তি দিব পাৰে। তাৰ বাবে তেওঁক ১২ কোটি টকাৰ প্ৰস্তাৱ দিয়া হৈছে।

২০১২ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল দ্ৰাবিড়ে। ২০১৪ আৰু ২০১৫ চনত ৰাজস্থান ৰয়েলছৰ গুৰু আছিল। দিল্লী কেপিটেলছৰ দায়িত্বও চম্ভালিলে। আকৌ এবাৰ আই পি এললৈ ঘূৰি আহিব পাৰে দ্ৰাবিড়। ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমী আৰু ভাৰতীয় দলৰ দায়িত্ব চম্ভালি তেওঁ অধিক অভিজ্ঞতা লাভ কৰিছিল। কেকেআৰে সেইটো ব্যৱহাৰ কৰিব বিচাৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু