--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোনো সন্দেহ নাই যে ভাৰতীয় ৰে'লৱে হৈছে বিশ্বৰ আটাইতকৈ দীঘলীয়া ৰে'লপথসমূহৰ ভিতৰত এটা। ৰে'লৰ যোগাযোগ ব্যৱস্থাৰ দ্ৰুত উন্নতিয়ে ভাৰতৰ বিভিন্ন প্ৰান্তৰ লোকসকলক একেবাৰে ওচৰ চপাই আনিলে। ভাৰতৰ ৰে'লপথৰ এনে কিছুমান ঠাই আছে, যিয়ে ইউৰোপ আৰু আমেৰিকাৰ বিখ্যাত সুন্দৰ স্থানবোৰকো পিছুৱাই দিব পাৰিব। এই সুন্দৰ ঠাইসমূহৰ ভিতৰত দাৰাজে হিমালয় ৰেলৱে' আৰু কোঙ্কন ৰেলৱে' আটাইতকৈ সুন্দৰ ঠাই বুলি একাংশলোকে মন্তব্য কৰিছে, যিয়ে ইউৰোপ আৰু আমেৰিকাৰ বিখ্যাত সুন্দৰ স্থানবোৰকো পিছুৱাই দিব পাৰিব বুলি ক'ৱ খোজে। দেওবাৰে ভাৰতীয় ৰেলৱেৰ দ্বাৰা তেনে এখন ফটো শ্বেয়াৰ কৰা হৈছিল। ছবিখনে টুইটাৰত দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছিল। ছবিখনত দেখা গৈছে যে, স্থানীয় এখন ৰেল সৰিয়হৰ পথাৰৰ মাজেদি চলি যাওঁতে ফটো ধৰি ৰখা হৈছিল। দুয়োফালে হালধীয়া সৰিয়হৰ পথাৰ আৰু দূৰত্বত কেইজোপামান খেজুৰ গছ আছে আৰু যেন নীলা আকাশখনৰ সৈতে এই ছবিখন আৰু অধিক ধুনীয়া হৈ পৰিছিল, যিয়ে আপোনাৰ মনটোক যেন একেবাৰে শান্ত কৰিবলৈ বাধ্য হ'ব। ৰেলৱে বিভাগে উক্ত ফটোখন শ্বেয়াৰ কৰিছিল আৰু ঠাইখনৰ নামৰ সৈতে শিৰোনাম দিছিল, "আকৰ্ষণীয়! দক্ষিণ ৰেলৱেৰ চেন্নাই বিভাগৰ গুম্মিডিপুণ্ডি ৰেল ষ্টেচনৰ ওচৰৰ মনোৰম সেউজীয়া অৰণ্যৰ মাজেৰে ৰেলখন পাৰ হৈ গৈছিল। অৱশ্যে, এটা টুইটত এজন টুইটাৰ ব্যৱহাৰকাৰীয়েও ৰে'লৱেক সমালোচনা কৰে। তেওঁ লিখিছিল, "এইটো অতি দুখৰ বিষয় যে আধা ঘণ্টাৰ ভিতৰৰ এই পথত মাত্ৰ এখনহে ৰে'ল চলে। ফলস্বৰূপে, যাত্ৰীসকলক কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি সকলো কামত পলম হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক