--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰলৈ বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে ইউপিএছচি টপাৰ টিনা ডাবী। নিজে এই কথা প্ৰকাশ কৰিছে টিনাই। নতুন জীৱনসংগী প্ৰদীপ গাৱাণ্ডেৰ সৈতে এখন ফটো শ্বেয়াৰ টিনাই লিখিছিল "আপুনি দিয়া হাঁহিটো মই পিন্ধি আছোঁ।" ২০১৩ বৰ্ষৰ আইএএছ প্ৰদীপ গাৱাণ্ডেও দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ আগবাঢ়িছে। আই.এ.এছ. হোৱাৰ আগতে প্ৰদীপ এজন এম.বি.বি.এছ. চিকিৎসক আছিল। টিনা ডাবী ১৯৮০ চনৰ ৯ ডিচেম্বৰত মহাৰাষ্ট্ৰত প্ৰদীপ গাৱাণ্ডেৰ জন্ম হৈছিল। টিনাতকৈ ১৩ বছৰৰ ডাঙৰ প্ৰদীপ। ২২ এপ্ৰিলত জয়পুৰৰ এখন ব্যক্তিগত হোটেলত বিবাহ পাশত আৱদ্ধ হ'ব টিনা আৰু প্ৰদীপ। টিনা ডাবী ৰাজস্থান কেডাৰৰ ২০১৫ বৰ্ষৰ ইউপিএছচি টপাৰ টিনা ডাবীয়ে ২০১৮ চনত অটহৰ আমিৰক বিয়া কৰাইছিল। অটহৰ আমিৰ এগৰাকী আইএএছ। ২০১৫ বৰ্ষৰ ইউপিএছচিত টিনা ডাবীয়ে শীৰ্ষ স্থান আৰু অটহৰ আমিৰে দ্বিতীয় স্থান পাইছিল। এই বিয়াৰ খবৰে সেই সময়ত যথেষ্ট চৰ্চা লাভ কৰিছিল। পাছে এই বিবাহ স্থায়ী নহ'ল। ২০২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। [caption id="attachment_141660" align="aligncenter" width="176"]টিনা ডাবীৰ প্ৰথম স্বামী অটহৰ আমিৰৰ সৈতে টিনা ডাবী[/caption] মুচৌৰীত আই.এ.এছ. প্ৰশিক্ষণৰ সময়ত টিনা আৰু অটহৰ ইজনে সিজনৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। তাৰপাছত তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত লয়। দুয়োজন ৰাজস্থান কেডাৰৰ বিষয়া আছিল। অৱশ্যে বিবাহ বিচ্ছেদৰ পাছত অটহৰে কেডাৰ সলনি কৰে আৰু তেওঁৰ গৃহ ৰাজ্য জম্মু আৰু কাশ্মীৰলৈ উভতি আহে।বিয়াৰ পাছত টিনা ডাবীয়ে তেওঁৰ উপাধিৰ লগত খান সংযোজন কৰিছিল। [caption id="attachment_141662" align="aligncenter" width="300"]টিনা ডাবীৰ অটহৰ আমিৰ আৰু টিনা ডাবী[/caption] বিবাহ বিচ্ছেদৰ আবেদনৰ সময়তে টিনাই তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত তেওঁৰ নামৰ পৰা খান উপাধিটো আঁতৰাই দিছিল। অটহৰে টিনাক ইনষ্টাগ্ৰামত আনফলো কৰিছিল। টিনাৰ দেউতাক যশৱন্ত ডাবী আৰু মাতৃ হিমানী ডাবী দুয়ো অভিযন্তা। টিনা ডাবিৰ পৰিয়াল জয়পুৰৰ যদিও তেওঁৰ জন্ম ভূপালত হৈছিল। টিনা সপ্তম শ্ৰেণীত পঢ়ি থাকোতে তেওঁৰ পৰিয়ালটো দিল্লীলৈ স্থানান্তৰিত হৈছিল। আৰু পঢ়কঃ শব্দ প্ৰদূষণত বিশ্বৰ শীৰ্ষ স্থানত বাংলাদেশৰ ঢাকা, দ্বিতীয়ত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ..তৃতীয়ত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ