--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দ্বিতীয় বাৰলৈ বিবাহপাশত আৱদ্ধ হ'বলৈ গৈ আছে ইউপিএছচি টপাৰ টিনা ডাবী। নিজে এই কথা প্ৰকাশ কৰিছে টিনাই। নতুন জীৱনসংগী প্ৰদীপ গাৱাণ্ডেৰ সৈতে এখন ফটো শ্বেয়াৰ টিনাই লিখিছিল "আপুনি দিয়া হাঁহিটো মই পিন্ধি আছোঁ।" ২০১৩ বৰ্ষৰ আইএএছ প্ৰদীপ গাৱাণ্ডেও দ্বিতীয়বাৰৰ বাবে বিয়া পাতিবলৈ আগবাঢ়িছে। আই.এ.এছ. হোৱাৰ আগতে প্ৰদীপ এজন এম.বি.বি.এছ. চিকিৎসক আছিল। টিনা ডাবী ১৯৮০ চনৰ ৯ ডিচেম্বৰত মহাৰাষ্ট্ৰত প্ৰদীপ গাৱাণ্ডেৰ জন্ম হৈছিল। টিনাতকৈ ১৩ বছৰৰ ডাঙৰ প্ৰদীপ। ২২ এপ্ৰিলত জয়পুৰৰ এখন ব্যক্তিগত হোটেলত বিবাহ পাশত আৱদ্ধ হ'ব টিনা আৰু প্ৰদীপ। টিনা ডাবী ৰাজস্থান কেডাৰৰ ২০১৫ বৰ্ষৰ ইউপিএছচি টপাৰ টিনা ডাবীয়ে ২০১৮ চনত অটহৰ আমিৰক বিয়া কৰাইছিল। অটহৰ আমিৰ এগৰাকী আইএএছ। ২০১৫ বৰ্ষৰ ইউপিএছচিত টিনা ডাবীয়ে শীৰ্ষ স্থান আৰু অটহৰ আমিৰে দ্বিতীয় স্থান পাইছিল। এই বিয়াৰ খবৰে সেই সময়ত যথেষ্ট চৰ্চা লাভ কৰিছিল। পাছে এই বিবাহ স্থায়ী নহ'ল। ২০২০ চনত দুয়োৰে বিবাহ বিচ্ছেদ ঘটে। [caption id="attachment_141660" align="aligncenter" width="176"]টিনা ডাবীৰ প্ৰথম স্বামী অটহৰ আমিৰৰ সৈতে টিনা ডাবী[/caption] মুচৌৰীত আই.এ.এছ. প্ৰশিক্ষণৰ সময়ত টিনা আৰু অটহৰ ইজনে সিজনৰ সৈতে ঘনিষ্ঠ হৈ পৰিছিল। তাৰপাছত তেওঁলোকে বিয়া পতাৰ সিদ্ধান্ত লয়। দুয়োজন ৰাজস্থান কেডাৰৰ বিষয়া আছিল। অৱশ্যে বিবাহ বিচ্ছেদৰ পাছত অটহৰে কেডাৰ সলনি কৰে আৰু তেওঁৰ গৃহ ৰাজ্য জম্মু আৰু কাশ্মীৰলৈ উভতি আহে।বিয়াৰ পাছত টিনা ডাবীয়ে তেওঁৰ উপাধিৰ লগত খান সংযোজন কৰিছিল। [caption id="attachment_141662" align="aligncenter" width="300"]টিনা ডাবীৰ অটহৰ আমিৰ আৰু টিনা ডাবী[/caption] বিবাহ বিচ্ছেদৰ আবেদনৰ সময়তে টিনাই তেওঁৰ ছ'চিয়েল মিডিয়া একাউণ্টত তেওঁৰ নামৰ পৰা খান উপাধিটো আঁতৰাই দিছিল। অটহৰে টিনাক ইনষ্টাগ্ৰামত আনফলো কৰিছিল। টিনাৰ দেউতাক যশৱন্ত ডাবী আৰু মাতৃ হিমানী ডাবী দুয়ো অভিযন্তা। টিনা ডাবিৰ পৰিয়াল জয়পুৰৰ যদিও তেওঁৰ জন্ম ভূপালত হৈছিল। টিনা সপ্তম শ্ৰেণীত পঢ়ি থাকোতে তেওঁৰ পৰিয়ালটো দিল্লীলৈ স্থানান্তৰিত হৈছিল। আৰু পঢ়কঃ শব্দ প্ৰদূষণত বিশ্বৰ শীৰ্ষ স্থানত বাংলাদেশৰ ঢাকা, দ্বিতীয়ত উত্তৰ প্ৰদেশৰ মুৰাদাবাদ..তৃতীয়ত?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন