--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন যাত্ৰাত আমি বহু মানুহ লগ পাওঁ। কিছুমান মানুহে আমাৰ মনত সাঁচ বহুৱাই থৈ যায়। নিকিতা আয়াৰ নামৰ এগৰাকী যুৱতীৱে ছ'চিয়েল মিডিয়াত লিখিছিল এগৰাকী অটো চালকৰ কাহিনী। বেংগালুৰুৰ সেই কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে। অফিচলৈ যাবলৈ অটোখনত উঠিছিল নিকিতা। নিকিতাৰ সৈতে খুব সুন্দৰ ইংৰাজী ভাষাত বাৰ্তালাপ কৰে অটো চালকগৰাকীয়ে। তেওঁৰ মুখত ইমান সাৱলীল ইংৰাজী ভাষা শুনি আচৰিত হৈ পৰিছিল নিকিতা। কৌতূহলী হৈ নিকিতাই তেওঁক সুধিছিল যে কেনেকৈ ইংৰাজী ভাষাত তেওঁৰ ইমান দখল আছে? সেই যাত্ৰাৰ সময় আছিল ৪৫ মিনিট। ৪৫ মিনিটৰ যাত্ৰাত অটো চালকগৰাকীৰ ইংৰাজী শুনি মন্ত্ৰমুগ্ধ হৈ পৰে যুৱতীগৰাকী। অটো চালকগৰাকীৰ নাম পতাবী ৰমণ। তেওঁৰ বয়স ৭৪। পতাবী ৰমণে কৈছিল যে তেওঁ মুম্বাইৰ এখন মহাবিদ্যালয়ৰ ইংৰাজী প্ৰবক্তা আছিল আৰু তেওঁ এমএ আৰু এমএড কৰিছিল। তেওঁ আনকি নিকিতা আয়াৰক কৈছিল যে "এতিয়া আপুনি মোক নিশ্চয় সুধিব যে মই কিয় অটো চলাই আছো?" পতাবী ৰমণে কয় যে তেওঁ ১৪ বছৰ ধৰি অটো চলাই আছে। যেতিয়াৰ পৰা তেওঁ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ লৈছিল তেতিয়াৰে পৰা তেওঁ অটো চলাবলৈ লয়। পতাবী ৰমণে প্ৰকাশ কৰিছিল যে তেওঁ মুম্বাইত প্ৰবক্তা হিচাপে কাম কৰিছিল কাৰণ তেওঁ কৰ্ণাটকত কোনো চাকৰি বিচাৰি পোৱা নাছিল। কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত চাকৰি নাপাই অতিষ্ঠ হৈ তেওঁ মুম্বাইলৈ যায় য'ত তেওঁ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ত চাকৰি পাইছিল। তেওঁ ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ পাছত কৰ্ণাটকৰ বেংগালুৰুলৈ ঘূৰি আহিছিল। তেওঁ কাম কৰা মহাবিদ্যালয়খন ব্যক্তিগত আছিল, সেয়েহে তেওঁ পেঞ্চন নাপায়। অটোৰিক্সা চলাই পতাবী ৰমণে দিনে কমেও ৭০০-১৫০০/- লাভ কৰে যিটো তেওঁ আৰু তেওঁৰ পত্নীৰ বাবে পৰ্যাপ্ত। হাঁহি হাঁহি নিকিতা আয়াৰক এই কথা কৈছিল পতাবী ৰমণে। অটো চালকজনে আৰু প্ৰকাশ কৰিছিল যে তেওঁলোকৰ এজন পুত্ৰ আছে। তেওঁ কৈছিল যে আমি আমাৰ সন্তানৰ ওপৰত নিৰ্ভৰশীল নহয়। তেওঁলোকে তেওঁলোকৰ জীৱন যাপন কৰে আৰু আমি আমাৰ জীৱন সুখেৰে যাপন কৰিছো। পতাবী ৰমণে কৈছিল "বৰ্তমান মই মোৰ ৰাস্তাৰ ৰাজা, মই যিকোনো সময়তে মোৰ অটোখন বাহিৰলৈ উলিয়াব পাৰো আৰু যেতিয়াই বিচাৰো কাম কৰিব পাৰো।" নিকিতা আয়াৰে পতাবী ৰমণৰ বাবে কেইটামান প্ৰশংসাৰ শব্দ লিখি তেওঁৰ পোষ্টটো সমাপ্ত কৰিছিল। নিকিতাই লিখিছিল- "জীৱন সম্পৰ্কে এটাও অভিযোগ নাই। একো অনুশোচনা নাই। এই লুকাই থকা নায়কসকলৰ পৰা বহুত শিকিবলৈ বাকী আছে। মোৰ পুৱাটো আজি বিশেষ হৈ পৰিল।" আৰু পঢ়কঃ ইউপিএছচি টপাৰ টিনা ডাবীৰ দ্বিতীয় বিবাহ! জীৱনসংগী কোন?

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ