--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জীৱন যাত্ৰাত আমি বহু মানুহ লগ পাওঁ। কিছুমান মানুহে আমাৰ মনত সাঁচ বহুৱাই থৈ যায়। নিকিতা আয়াৰ নামৰ এগৰাকী যুৱতীৱে ছ'চিয়েল মিডিয়াত লিখিছিল এগৰাকী অটো চালকৰ কাহিনী। বেংগালুৰুৰ সেই কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে। অফিচলৈ যাবলৈ অটোখনত উঠিছিল নিকিতা। নিকিতাৰ সৈতে খুব সুন্দৰ ইংৰাজী ভাষাত বাৰ্তালাপ কৰে অটো চালকগৰাকীয়ে। তেওঁৰ মুখত ইমান সাৱলীল ইংৰাজী ভাষা শুনি আচৰিত হৈ পৰিছিল নিকিতা। কৌতূহলী হৈ নিকিতাই তেওঁক সুধিছিল যে কেনেকৈ ইংৰাজী ভাষাত তেওঁৰ ইমান দখল আছে? সেই যাত্ৰাৰ সময় আছিল ৪৫ মিনিট। ৪৫ মিনিটৰ যাত্ৰাত অটো চালকগৰাকীৰ ইংৰাজী শুনি মন্ত্ৰমুগ্ধ হৈ পৰে যুৱতীগৰাকী। অটো চালকগৰাকীৰ নাম পতাবী ৰমণ। তেওঁৰ বয়স ৭৪। পতাবী ৰমণে কৈছিল যে তেওঁ মুম্বাইৰ এখন মহাবিদ্যালয়ৰ ইংৰাজী প্ৰবক্তা আছিল আৰু তেওঁ এমএ আৰু এমএড কৰিছিল। তেওঁ আনকি নিকিতা আয়াৰক কৈছিল যে "এতিয়া আপুনি মোক নিশ্চয় সুধিব যে মই কিয় অটো চলাই আছো?" পতাবী ৰমণে কয় যে তেওঁ ১৪ বছৰ ধৰি অটো চলাই আছে। যেতিয়াৰ পৰা তেওঁ মহাবিদ্যালয়ৰ প্ৰবক্তা হিচাপে অৱসৰ লৈছিল তেতিয়াৰে পৰা তেওঁ অটো চলাবলৈ লয়। পতাবী ৰমণে প্ৰকাশ কৰিছিল যে তেওঁ মুম্বাইত প্ৰবক্তা হিচাপে কাম কৰিছিল কাৰণ তেওঁ কৰ্ণাটকত কোনো চাকৰি বিচাৰি পোৱা নাছিল। কৰ্ণাটকৰ মহাবিদ্যালয়সমূহত চাকৰি নাপাই অতিষ্ঠ হৈ তেওঁ মুম্বাইলৈ যায় য'ত তেওঁ এখন প্ৰতিষ্ঠিত মহাবিদ্যালয়ত চাকৰি পাইছিল। তেওঁ ৬০ বছৰ বয়সত অৱসৰ লোৱাৰ পাছত কৰ্ণাটকৰ বেংগালুৰুলৈ ঘূৰি আহিছিল। তেওঁ কাম কৰা মহাবিদ্যালয়খন ব্যক্তিগত আছিল, সেয়েহে তেওঁ পেঞ্চন নাপায়। অটোৰিক্সা চলাই পতাবী ৰমণে দিনে কমেও ৭০০-১৫০০/- লাভ কৰে যিটো তেওঁ আৰু তেওঁৰ পত্নীৰ বাবে পৰ্যাপ্ত। হাঁহি হাঁহি নিকিতা আয়াৰক এই কথা কৈছিল পতাবী ৰমণে। অটো চালকজনে আৰু প্ৰকাশ কৰিছিল যে তেওঁলোকৰ এজন পুত্ৰ আছে। তেওঁ কৈছিল যে আমি আমাৰ সন্তানৰ ওপৰত নিৰ্ভৰশীল নহয়। তেওঁলোকে তেওঁলোকৰ জীৱন যাপন কৰে আৰু আমি আমাৰ জীৱন সুখেৰে যাপন কৰিছো। পতাবী ৰমণে কৈছিল "বৰ্তমান মই মোৰ ৰাস্তাৰ ৰাজা, মই যিকোনো সময়তে মোৰ অটোখন বাহিৰলৈ উলিয়াব পাৰো আৰু যেতিয়াই বিচাৰো কাম কৰিব পাৰো।" নিকিতা আয়াৰে পতাবী ৰমণৰ বাবে কেইটামান প্ৰশংসাৰ শব্দ লিখি তেওঁৰ পোষ্টটো সমাপ্ত কৰিছিল। নিকিতাই লিখিছিল- "জীৱন সম্পৰ্কে এটাও অভিযোগ নাই। একো অনুশোচনা নাই। এই লুকাই থকা নায়কসকলৰ পৰা বহুত শিকিবলৈ বাকী আছে। মোৰ পুৱাটো আজি বিশেষ হৈ পৰিল।" আৰু পঢ়কঃ ইউপিএছচি টপাৰ টিনা ডাবীৰ দ্বিতীয় বিবাহ! জীৱনসংগী কোন?

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন