--°C
Loading...
Listen to Article
2 min read
80%

বিষয়টো সম্পৰ্কে অৱগত আৰক্ষী বিষয়াসকলে কৈছিল যে সন্দেহযুক্ত ব্যক্তিজনে খাদ্যৰ দেখুৱাই প্ৰলোভিত কৰা ছোৱালীবোৰক উদ্ধাৰ কৰা হৈছিল আৰু তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে পুনৰ মিলিত কৰা হৈছিল, যিসকলে দিল্লীৰ নিৰ্মাণ ক্ষেত্ৰত দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰে।

  ডিজিটেল ডেস্ক : 'মানুহে মানুহৰ বাবে যদিহে অকনো নাভাবে, ভাবিব কোনেনো কোৱা'- এটি ঘটনাই সোঁৰৱাই দিলে ভূপন হাজৰিকাৰ এই কালজয়ী গীতটিৰ কথা৷ এগৰাকী ব্যক্তিৰ মহানুভৱতাই ৰক্ষা কৰিলে দুগৰাকী নাবালিকাৰ জীৱন৷ ঘটনাটো শুনিলে আপোনাৰো চকু কপালত উঠিব৷ এজন ২৪ বছৰীয়া ই-ৰিক্সা চালকে কেৱল দুগৰাকী নাবালিকা ভগ্নীৰ অপহৰণ পৰা উদ্ধাৰ কৰাই নহয়, অপহৰণ কাণ্ডত জড়িত সমগ্ৰ ঘটনাৰ উন্মোচনো কৰে৷ ৰাজধানী দিল্লীত প্ৰশাসনৰ চোকা নজৰৰ পাছতো সংঘটিত হয় জঘন্য অপৰাধজনিত ঘটনাৰ৷ এইবাৰ দুগৰাকী নাবালিকাক অপহৰণ কৰিও ব্যৰ্থ হয় এটি চক্ৰ৷ বিষয়টো সম্পৰ্কে অৱগত কৰি এগৰাকী আৰক্ষী বিষয়াসকলে কৈছিল যে সন্দেহযুক্ত ব্যক্তি এজনে খাদ্য দেখুৱাই প্ৰলোভিত কৰিছিল দুগৰাকী নাবালিকাক৷ আৰু এক ভয়ংকৰ ঘটনাৰ পৰা কণমানিকেইজনী উদ্ধাৰ কৰি বহুজনৰা বাবে এক উদাৰহণ হৈ পৰিছে এজন ই-ৰিক্সা চালক৷ তেওঁৰ নাম হৈছে ব্ৰহ্ম দত্ত ৰাজপুত৷ ই-ৰিক্সা চালক ব্ৰহ্মই কণমানিকেইজনীক উদ্ধাৰ কৰি তেওঁলোকৰ পিতৃ-মাতৃক গতাই দিছিল৷ নাবালিকাকেইজনীৰ পিতৃ-মাতৃ দিল্লীৰ নিৰ্মাণ ক্ষেত্ৰত দৈনিক মজুৰী শ্ৰমিক হিচাপে কাম কৰে বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াজনে। জ্যেষ্ঠ আৰক্ষী বিষয়াসকলে কৈছিল যে তেওঁলোকে ই-ৰিক্সা চালক ব্ৰহ্ম দত্ত ৰাজপুতক প্ৰশংসনীয় প্ৰচেষ্টাৰ বাবে পুৰস্কৃত কৰিব আৰু অপৰাধ নিয়ন্ত্ৰণত সহায় কৰিবলৈ দিল্লী আৰক্ষীৰ চকু আৰু কাণ হিচাপে ৰাইজে কেনেদৰে অৱদান আগবঢ়াব পাৰে তাৰ এক উদাহৰণ স্থাপন কৰিব। আনহাতে, আৰক্ষীয়ে সন্দেহজনক ব্যক্তিজন সঞ্জয় বুলি চিনাক্ত কৰিছিল আৰু তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে বুলি জানিবলৈ পোৱা গৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন