--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাঁচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন। এতিয়া দেশে-বিদেশে মাঁথো এটাই গান ‘কাঁচা বাদাম’। ভুৱন বাদ্যকৰ বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেন্সেছন। বহু নামী-দামী তাৰকাই কাঁচা বাদামৰ ওপৰত ভিডিঅ’ বনাইছে। বঙালী গান কাঁচা বাদামে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিদিনে জনপ্ৰিয়তাৰ এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। এইবাৰ কাঁচা বাদামৰ পাছত নতুনকৈ মধুৰিআম বিক্ৰেতা এজনৰ ভিডিঅ' দ্ৰুতগতিত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত মধুৰিআম বিক্ৰেতাই যিধৰণে গানটো গাইছে, নেটিজেনসকলে ধাৰণা কৰিছে যে এইটো ছ'চিয়েল মিডিয়াত পৰৱৰ্তী হিট ট্ৰেণ্ড হ'ব। তেওঁ গাইছে ইয়ে হৰি হৰি, কচ্চি কচ্চি, পিলি পিলি, পাকি পাকি, মিথি মিথি, গদ্দাৰ গদ্দাৰ, তাজা তাজা, নমক লগা কে খাজা খাজা।" চাওঁক ভাইৰেল হোৱা ভিডিঅ'টো https://youtu.be/dup2ip2I1A8 মধুৰীআম বিক্ৰী কৰিবলৈ গ্ৰাহকসকলক আকৃষ্ট কৰিবৰ কাৰণে তেওঁ যিধৰণে গাইছে সেয়া বহু লোকেই পচন্দ কৰিছে। ২৭ ছেকেণ্ডৰ ভিডিঅ'টো মানুহে বহুত ভাল পাইছে। অৱশ্যে এই ব্যক্তিজন কোন আৰু তেওঁৰ ঘৰ ক'ত সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য নাই। কিন্তু তেওঁৰ মধুৰিআম বিক্ৰী কৰাৰ এই শৈলীটো মানুহে বহুত ভাল পাইছে। মানুহে এই ভিডিঅ'টো ভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিৰন্তৰ শ্বেয়াৰ কৰি আছে। সামগ্ৰিকভাৱে এনে লাগিছে যে আহিবলগীয়া সময় এতিয়া এই মধুৰীআম বিক্ৰেতাজনৰ হ'ব। আৰু পঢ়কঃ যুদ্ধত পুটিনৰ কাষত সোঁ-শৰীৰে থিয় হোৱা একমাত্ৰ ভাৰতীয় কোন এই অভয় সিং?

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল