--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘বাদাম বাদাম দাদা কাঁচা বাদাম, আমাৰ কাছে নাই গো বুবু ভাজা বাদাম’-এই কাঁচা বাদাম গান গাই ৰাতিৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিল ভুৱন বাদ্যকৰ নামৰ বাদাম বিক্ৰেতাজন। এতিয়া দেশে-বিদেশে মাঁথো এটাই গান ‘কাঁচা বাদাম’। ভুৱন বাদ্যকৰ বৰ্তমান সময়ৰ ইণ্টাৰনেট ছেন্সেছন। বহু নামী-দামী তাৰকাই কাঁচা বাদামৰ ওপৰত ভিডিঅ’ বনাইছে। বঙালী গান কাঁচা বাদামে ছ'চিয়েল মিডিয়াৰ জৰিয়তে প্ৰতিদিনে জনপ্ৰিয়তাৰ এক নতুন মাত্ৰা স্পৰ্শ কৰিছে। এইবাৰ কাঁচা বাদামৰ পাছত নতুনকৈ মধুৰিআম বিক্ৰেতা এজনৰ ভিডিঅ' দ্ৰুতগতিত ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত। ভিডিঅ'টোত মধুৰিআম বিক্ৰেতাই যিধৰণে গানটো গাইছে, নেটিজেনসকলে ধাৰণা কৰিছে যে এইটো ছ'চিয়েল মিডিয়াত পৰৱৰ্তী হিট ট্ৰেণ্ড হ'ব। তেওঁ গাইছে ইয়ে হৰি হৰি, কচ্চি কচ্চি, পিলি পিলি, পাকি পাকি, মিথি মিথি, গদ্দাৰ গদ্দাৰ, তাজা তাজা, নমক লগা কে খাজা খাজা।" চাওঁক ভাইৰেল হোৱা ভিডিঅ'টো https://youtu.be/dup2ip2I1A8 মধুৰীআম বিক্ৰী কৰিবলৈ গ্ৰাহকসকলক আকৃষ্ট কৰিবৰ কাৰণে তেওঁ যিধৰণে গাইছে সেয়া বহু লোকেই পচন্দ কৰিছে। ২৭ ছেকেণ্ডৰ ভিডিঅ'টো মানুহে বহুত ভাল পাইছে। অৱশ্যে এই ব্যক্তিজন কোন আৰু তেওঁৰ ঘৰ ক'ত সেই বিষয়ে এতিয়ালৈকে কোনো তথ্য নাই। কিন্তু তেওঁৰ মধুৰিআম বিক্ৰী কৰাৰ এই শৈলীটো মানুহে বহুত ভাল পাইছে। মানুহে এই ভিডিঅ'টো ভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মত নিৰন্তৰ শ্বেয়াৰ কৰি আছে। সামগ্ৰিকভাৱে এনে লাগিছে যে আহিবলগীয়া সময় এতিয়া এই মধুৰীআম বিক্ৰেতাজনৰ হ'ব। আৰু পঢ়কঃ যুদ্ধত পুটিনৰ কাষত সোঁ-শৰীৰে থিয় হোৱা একমাত্ৰ ভাৰতীয় কোন এই অভয় সিং?

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন